টৰণ্টো
উত্তৰ আমেৰিকাৰ সৰ্ববৃহৎ চলচ্চিত্ৰ অনুষ্ঠান টৰণ্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (টি আই এফ এফ)ৰ ২০২৩ সংস্কৰণত ছখন ভাৰতীয় ছবি প্রদর্শন হ'ব। এয়া বিগত দহ বছৰৰো অধিক সময়ৰ ভিতৰত টি আই এফ এফত প্রদর্শিত সর্বাধিক সংখ্যক ছবিৰূপে স্বীকৃত হৈছে।
আনহাতে প্রত্যক্ষভাৱে ভাৰতীয় নহয় যদিও আৰু তিনিখন ছবিৰ কাহিনী- চিত্রনাট্য ভাৰতীয় সমাজ-জীৱন আধাৰিত। টি আই এফ এফৰ জ্যেষ্ঠ কার্যসূচী উপদেষ্টা তথা দক্ষিণ এছিয়াৰ প্ৰতিনিধি মীনাক্ষি শেড্ডে ভাৰতীয় ছবিৰ এই নির্বাচন 'সন্তুষ্টিজনক' বুলি অভিহিত কৰিছে। কাৰণ ই মূলসুঁতি আৰু আঞ্চলিকৰপৰা আৰম্ভ কৰি তথ্যচিত্ৰলৈকে ‘বৈচিত্র্যময় পৰিসৰ প্ৰতিফলিত কৰিছে।
এইবাৰৰ ভাৰতীয় ছবিসমূহৰ তালিকাত আছে— পৰিচালক কৰণ বুলানীৰ থেংক ইউ ফৰ কমিং, কিৰণ ৰাওৰ লাপাটা লেডিজ (লষ্ট লেডিজ), আনন্দ পাটৱৰ্দ্ধনৰ তথ্যচিত্র বসুধৈৱ কুটুম্বকম (দ্য ৱৰ্ল্ড ইজ ফেমিলি), জয়ন্ত দিগম্বৰ সোমালকাৰৰ মাৰাঠী ছবি স্থল (এ মেচ), নিখিল নাগেশ ভাটৰ কিল আৰু সুবৰ্ণ ডেছ আৰু বিদুষী গুপ্তাৰ চুটি এনিমেচন ডিচ ইজ টি এম আই। তদুপৰি ভাৰতীয়-কানাডিয়ান পৰিচালক দীপা মেহতাৰ তথ্যচিত্ৰ আই এম চিৰাট, তৰ্চেম সিং ধনদ্বাৰৰ ডিয়াৰ জাছি, শম্ভৱ কৌলৰ স্লো শ্বিফ্টৰ বহু দৃশ্যাংশৰ ভাৰতত দৃশ্যগ্ৰহণ কৰা হৈছিল।
উল্লেখ্য, যোৱা বছৰ ভাৰতৰপৰা পাঁচখন, ২০২১ চনত তিনিখন আৰু ক'ভিডকালীন ২০২২ সংস্কৰণত মাত্ৰ এখন ছবি টি আই এফ এফত প্ৰদৰ্শিত হৈছিল। অহা ৭ ছেপ্টেম্বৰৰপৰা আৰম্ভ হ'বলগীয়া এইবাৰৰ ৪৮ সংখ্যক সংস্কৰণ ১৭ ছেপ্টেম্বৰলৈকে চলিব।