অস্কাৰলৈ মনোনীত গুজৰাটী ছবি ‘ছেল্লো শ্ব'

Story by  atv | Posted by  Munni Begum • 1 Years ago
অস্কাৰলৈ মনোনীত গুজৰাটী ছবি ‘ছেল্লো শ্ব'
অস্কাৰলৈ মনোনীত গুজৰাটী ছবি ‘ছেল্লো শ্ব'
নতুন দিল্লী
 
৯৫ সংখ্যক অক্সাৰৰ আন্তৰ্জাতিক পূৰ্ণদৈৰ্ঘ্যৰ ছবিৰ শিতানত ভাৰতৰ আনুষ্ঠানিক মনোনয়ন লাভ কৰিছে ‘ছেল্লো শ্ব'নামৰ গুজৰাটী ছবিখনে। মংগলবাৰে ফিল্ম ফেডাৰেচন অব্ ইণ্ডিয়াই এই ঘোষণা কৰিছে। 
 
ছুপাৰহিট ‘আৰ আৰ আৰ' তথা 'দা কাশ্মীৰ ফাইলছ' শীৰ্ষক ছবি দুখনৰ যিকোনো এখনে এইবাৰ অক্সাৰৰ বাবে মনোনয়ন লাভ কৰিব বুলি চৰ্চা তুংগত থকা অৱস্থাত গুজৰাটৰ এক অখ্যাত গাঁৱৰ এটি শিশুৰ অনুসন্ধিৎসু জীৱনক লৈ নির্মিত ছবিয়ে মনোনয়ন লাভ কৰাটো তাৎপর্যপূর্ণ। 
ছবিখনক অক্সাৰৰ বাবে মনোনীত কৰাত আনন্দ প্ৰকাশ কৰি ‘ছেল্লো শ্ব'ৰ (অন্তিম বোলছবি শ্ব') পৰিচালক পান ললিনে এক টুইটত প্ৰকাশ কৰিছে, "এয়া এক সপোনৰ দৰে। ফিল্ম ফেডাৰেচন অব্ ইণ্ডিয়া আৰু জুৰি সদস্যসকলক তাৰ বাবে ধন্যবাদ। ছেল্লো শ্ব'ক বিশ্বাস কৰাৰ বাবে ম‍ই কৃতজ্ঞ।"
১১০ মিনিটৰ  ছবি ‘ছেল্লো শ্ব'ৰ শ্বুটিং হৈছিল লকডাউনৰ পূৰ্বে। ছবিখনৰ প্ৰিমিয়াৰ হৈছিল ২০ সংখ্যক ত্রিবেকা ফিল্ম ফেষ্টিভেলত। তাৰ পাচত বিভিন্ন আন্তর্জাতিক ফিল্ম ভেষ্টিভেলত সমালোচকৰ ভূয়সী প্রশংসা লাভ কৰাৰ লগতে বহু পুৰস্কাৰ লাভ কৰিছিল। গুজৰাটত ছবিখন বাণিজ্যিকভাৱেও বিপুল সফলতা লাভ কৰিছিল।