এইবাৰ ঈদত ছবি গৃহত নাথাকিব ছলমান খান; অজয় দেৱগণৰ মৈদানত দেখিবলৈ পোৱা যায় চৈয়দ আব্দুল ৰহিমৰ জীৱন কাহিনী

Story by  atv | Posted by  [email protected] • 20 d ago
এইবাৰ ঈদত ছবি গৃহত নাথাকিব ছলমান খান; অজয় দেৱগণৰ মৈদানত দেখিবলৈ পোৱা যায় চৈয়দ আব্দুল ৰহিমৰ জীৱন কাহিনী
এইবাৰ ঈদত ছবি গৃহত নাথাকিব ছলমান খান; অজয় দেৱগণৰ মৈদানত দেখিবলৈ পোৱা যায় চৈয়দ আব্দুল ৰহিমৰ জীৱন কাহিনী

মঞ্জিত ঠাকুৰ

যোৱা ডেৰ দশকত ছলমান খানৰ চিনেমা ঈদৰ দিনা মাত্ৰ তৃতীয়বাৰৰ বাবে মুক্তি নোপোৱাকৈ থাকিব। ১৯৯৭ চনত মুক্তি পোৱা জুড়ৱাৰ পৰা আৰম্ভ কৰি ২০২৩ চনৰ কিচি কা ভাই, কিচি কা জানলৈকে ছলমানে পবিত্ৰ ঈদক প্ৰতিবাৰে মধুৰ কৰি তুলিছে যদিও ঈদৰ সময়ত তেওঁৰ ছবি চলচ্চিত্ৰ গৃহলৈ নাহে। ইয়াৰ বিপৰীতে এইবাৰ অক্ষয় কুমাৰ আৰু টাইগাৰ শ্ৰুফৰ "বড়ে মিঞা, ছোটে মিঞা"ৰ সৈতে যুঁজত নামিব অজয় ​​দেৱগানৰ মৈদান নামৰ ছবিখনে।

হিন্দী চিনেমাৰ আগশাৰীৰ অভিনেতাসকলে নিজৰ ছবি মুক্তিৰ নিৰ্দিষ্ট তাৰিখ আগতীয়াকৈ নিৰ্ধাৰণ কৰে। উদাহৰণ স্বৰূপে বলীউদৰ বাদশ্বাহ শ্বাহৰুখ খানে দীপাৱলীত আৰু মিষ্টাৰ পাৰফেক্টচনিষ্ট আমিৰ খানে বৰদিনৰ দিনা ছবি মুক্তি দিয়ে। কিন্তু বলীউডৰ ভাইজান ছলমান খানে ঈদৰ দিনটো আটাইতকৈ ভাল পায়। নব্বৈৰ দশকৰ পৰা ঈদ উৎসৱক কেৱল হিন্দী ছবিতে নহয়, প্ৰায় সকলো ভাষাতে চলচ্চিত্ৰ মুক্তিৰ বাবে এক সুন্দৰ সুযোগ হিচাপে গণ্য কৰা হয়।

যোৱা ডেৰ দশক ধৰি প্ৰতি বছৰে ঈদৰ দিনা ছলমান খানে এখনকৈ চিনেমা অনুৰাগীক উপহাৰ হিচাপে দি আহিছে। ১৯৯৭ চনত মুক্তি পাইছিল জুড়ৱা। ডেভিদ ধাৱান পৰিচালিত আৰু কৰিশ্মা কাপুৰ আৰু ৰম্ভা অভিনীত এই ছবিখনে ব্লকবাষ্টাৰ হিচাপে প্ৰমাণিত হয়। কিন্তু ইয়াৰ পিছত ঈদৰ দিনা মুক্তি পোৱা কিছুমান ছবিয়ে ছলমানক ভাল ফলাফল নিদিলে।

২০০৫ চনত কিউ কি (Kyon Ki) আৰু ২০০৬ চনত Jaan-E-Mann বক্স অফিচত সমাদৰ লাভত ব্যৰ্থ হয়। দুয়োখন ৰোমান্টিক ছবি আছিল আৰু দুয়োখনেই সেই সময়ত মুক্তি পাইছিল যেতিয়া ছলমানৰ কেৰিয়াৰ বেয়া পৰ্যায়ৰ মাজেৰে পাৰ হৈছিল। জানেমানত অক্ষয় কুমাৰো আছিল যদিও একেদিনাই মুক্তি পোৱা শ্বাহৰুখ খানৰ ডন ছবিখনে সকলোকে চেৰ পেলাই বক্স অফিচত খলকনি তুলিছিল।



কিন্তু, ইয়াৰ পিছত ঈদৰ দিনা যি হ'ল, সেয়া এক ইতিহাস। ২০০৯ চনত মুক্তি পোৱা ৱাণ্টেড-এ ছলমানক পুনৰ বক্স অফিচলৈ ঘুৰাই আনে। ছবিখনে আনুমানিক ১০০ কোটি টকা উপাৰ্জন কৰে। ২০১০ চনত ডাবাঙে বক্স অফিচত বিধ্বংসী ৰূপ ধাৰণ কৰি মুঠ ২২০ কোটি টকা উপাৰ্জন কৰিছিল। এই ছবিখনৰ চুলবুল পাণ্ডে নামৰ চৰিত্ৰটোৱে মানুহৰ হৃদয় জয় কৰিছিল। এই ছবিখনৰ সংলাপবোৰ এতিয়াও মানুহৰ মুখে মুখে।

২০১১ চনত কৰীণা কাপুৰৰ সৈতে অভিনীত ছলমানৰ আন এখন ছুপাৰহিট ছবি বডিগাৰ্ড-এ মুক্তি লাভ কৰিছিল। এই ছবিখনেও বক্স অফিচত খলকনি তুলিছিল আৰু ২৩৪ কোটি টকা উপাৰ্জন কৰি পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিছিল। ২০১২ চনত পুনৰ ঈদৰ দিনা ছলমান খানে কেটৰিনা কাইফৰ সৈতে 'এক থা টাইগাৰ' ছবিখন মুক্তি দিয়ে। এই ছবিখনেও দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিছিল আৰু ছবিখনে ৩০০ কোটি টকাৰ ব্যৱসায় কৰিছিল।

২০১৩ চনৰ ঈদৰ সময়ত ছলমান খানৰ কোনো ছবি মুক্তি পোৱা নাছিল। দৰাচলতে ২০১৩ চনৰ গোটেই বছৰটোত ছলমান খানৰ কোনো ছবি মুক্তি পোৱা নাছিল। শ্বাহৰুখ খান আৰু দীপিকা পাডুকনৰ মনোৰঞ্জনধৰ্মী ছবি 'চেন্নাই এক্সপ্ৰেছ'-এ সকলো অভিলেখ ভংগ কৰি সৰ্বকালৰ সৰ্বাধিক উপাৰ্জনকাৰী ভাৰতীয় ছবি হিচাপে পৰিগণিত হয়।

কিন্তু ২০১৪ চনৰ 'কিক' ছবিখনে নৱাজুদ্দিন ছিদ্দিকীৰ সৈতে ছলমান খানৰ কেমিষ্ট্ৰী দেখুৱাইছিল। আৰু ছবিখন বাম্পাৰ হিট বুলি প্ৰমাণিত হ’ল। কিকে উপাৰ্জন কৰিছিল ৩৮৮ কোটি টকা। ধূম ৩ৰ পিছত ই দ্বিতীয় সৰ্বাধিক উপাৰ্জনকাৰী হিন্দী ছবি হিচাপে আত্মপ্ৰকাশ কৰে। ইয়াৰ উপৰিও পি কেৰ পিছতে বছৰৰ দ্বিতীয় সৰ্বাধিক উপাৰ্জনকাৰী হিন্দী ছবিও আছিল।

২০১৫ চনৰ ঈদত মুক্তি পোৱা ছবিখনত পুনৰবাৰ কৰীণা কাপুৰ আৰু নৱাজুদ্দিন ছিদ্দিকীৰ সৈতে আছিল ছলমান খান। এই ছবিখনকো দৰ্শকে সম্পূৰ্ণ হৃদয়েৰে গ্ৰহণ কৰিছিল আৰু ছবিখনে ৯৬৯ কোটি টকা উপাৰ্জন কৰিছিল। ২০১৬ চনৰ ঈদৰ দিনা মুক্তি পোৱা চুলতান ছবিখনত ছলমান খানে মল্লযুঁজাৰুৰ চৰিত্ৰত অভিনয় কৰিছিল, যিখন ছবি তেওঁৰ শক্তিশালী শৰীৰৰ সৈতে মিল খাইছিল। এই ছবিখনে ৬১৪ কোটি টকাৰ বিশ্বব্যাপী ব্যৱসায় কৰিবলৈ সক্ষম হৈছিল।



কিন্তু ঈদ ২০১৭ ছলমান খানৰ বাবে বৰ মধুৰ নহ’ল। বক্স অফিচত এই ছবিখন দৰ্শকে ভাল নাপালে। যদিও ই ছলমান খানৰ পূৰ্বৰ ছবিতকৈ কম উপাৰ্জন কৰিছিল, তথাপিও ছবিখনে ২০০ কোটি সংগ্ৰহৰ ক্লাবত যোগদান কৰিছিল। ২০১৮ চনৰ ঈদত মুক্তি পোৱা ছলমান খানৰ ৰেচ-৩ ছবিখন সমালোচক আৰু দৰ্শক উভয়েই ভাল নাপালে। কিন্তু পৰিচালক ৰেমো ডিছৌজাই দাবী কৰিছিল যে এই ছবিখনে ৩০৫ কোটি টকা উপাৰ্জন কৰিছে।

২০১৯ চনত ঈদ উপলক্ষে মুক্তি লাভ কৰিছিল ছলমানৰ ছবি 'ভাৰত'। সুনীল গ্ৰ’ভাৰ, দিশা পাটানি, আৰু কেটৰিনা কাইফৰ সৈতে পুনৰবাৰ যাদু সৃষ্টি কৰাত ব্যৰ্থ হ’ল ছলমান। কিন্তু ছবিখনৰ বিশ্বব্যাপী সংগ্ৰহ ৩২৫ কোটি টকা আছিল। ২০২০ বৰ্ষত ঈদ উপলক্ষে ছলমানে মৌনতা অৱলম্বন কৰা দেখা যায়। সেইবাৰ ঈদ উপলক্ষে ছলমানে নিজৰ অনুৰাগীৰ বাবে এটা গীত মুকলি কৰিছিল।

অৱশ্যে ২০২১ চনত মুক্তি লাভ কৰিছিল ছলমানৰ বহু প্ৰত্যাশিত ছবি ৰাধে। কিন্তু এই ছবিখনে বক্স অফিচত সমাদৰ লাভ নকৰিলে। ২০২২ চনৰ ঈদত মুক্তি পোৱা নাছিল ছলমান খানৰ কোনো ছবি। অৱশ্যে টাইগাৰ শ্ৰফ আৰু টাৰা ছুটাৰিয়াই হিৰোপন্থি-২ লৈ চিনেমাগৃহৰ দুৱাৰত টোকৰ মাৰিলে, কিন্তু দৰ্শকে হিৰোপন্থিৰ নায়কক গ্ৰহণ কৰা নাছিল।

২০২৩ চনৰ ঈদত ছলমান খানক পুনৰবাৰ ঈদৰ দিনা তেওঁৰ বেলেগ ষ্টাইলত দেখা গ’ল। ছবিখনৰ নাম আছিল কিচি কি ভাই, কিচি কি জান। ছলমানৰ বিপুলসংখ্যক অনুৰাগী থকাৰ পাছতো ছবিখনে ১২৫ কোটি টকাতকৈ অলপহে বেছি উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল।



এইবাৰ ২০২৪ চনৰ ঈদত চিনেমা গৃহৰ পৰ্দাত সংঘৰ্ষ হ’বলৈ ওলাইছে দুই ডাঙৰ তাৰকাৰ। কিন্তু ছলমান খান এই দুই তাৰকাৰ ভিতৰত অন্তৰ্ভুক্ত নহয়। অক্ষয় কুমাৰ আৰু টাইগাৰ শ্ৰুফৰ "বড়ে মিঞা, ছোটে মিঞা"ৰ সৈতে এইবাৰ যুঁজত নামিব অজয় ​​দেৱগানৰ মৈদান নামৰ ছবিখনে।

বড়ে মিঞা, ছোটে মিঞাত অক্ষয় আৰু টাইগাৰৰ কমেডী একচন দেখাৰ সম্ভাৱনা থকাৰ বিপৰীতে অজয় ​​দেৱগানে ভাৰতীয় ফুটবল দলৰ প্ৰশিক্ষক তথা মেনেজাৰ চৈয়দ আব্দুল ৰহিম (Syed Abdul Rahim)ৰ চৰিত্ৰত অভিনয় কৰা দেখা যাব। উল্লেখ্য যে, ৰহিমক ভাৰতীয় ফুটবলৰ স্থপতি হিচাপে গণ্য কৰা হয় আৰু ১৯৫২ চনৰ পৰা ১৯৬২ চনলৈকে তেওঁৰ সময়ছোৱা ভাৰতীয় ফুটবলৰ সোণালী সময় বুলি গণ্য কৰা হয়।

এইদৰে, ঈদৰ সময়ত অক্ষয়-টাইগাৰ-অজয়ৰ ত্ৰিমূৰ্তিয়ে বক্স অফিচত আলোড়নৰ সৃষ্টি কৰিবলৈ সাজু হৈছে যদিও ঈদৰ প্ৰকৃত চুলতান হৈছে ছলমান খান, কাৰণ তেওঁ যিকোনো সময়তে ব্লক বাষ্টাৰ ছবিৰ সৈতে অনুৰাগীক ক'ব পাৰেঃ টাইগাৰ জিন্দা হায়।