টিভিৰ জনপ্ৰিয় অভিনেত্ৰী বৈভৱী উপাধ্যায়ৰ মৃত্যু

Story by  atv | Posted by  Munni Begum • 11 Months ago
 বৈভৱী উপাধ্যায়
বৈভৱী উপাধ্যায়
 
মুম্বাই 
 
টিভি উদ্যোগে আদিত্য সিং ৰাজপুতৰ পিছতে আন এক ৰত্ন হেৰুৱালে। টিভিৰ জনপ্ৰিয় অভিনেত্ৰী বৈভৱী উপাধ্যায়ে যোৱা ২৩ মে’ত বাহন দুৰ্ঘটনাত পতিত হৈ শেষ নিশ্বাস ত্যাগ কৰিছে। বৈভৱীয়ে তেওঁৰ বাগদত্তাৰ সৈতে যাত্ৰা কৰি থকা হিমাচল প্ৰদেশত এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হৈছে। বৈভৱী উপাধ্যায় টিভি অনুষ্ঠান চাৰাভাই বনাম চাৰাভাইত জেচমিনৰ চৰিত্ৰত অভিনয় কৰি জনপ্ৰিয়তা অৰ্জন কৰিছিল। তেওঁৰ মৃত্যুৰ খবৰটো অনুষ্ঠানটোৰ প্ৰযোজক জে ডি মাজেথিয়াই নিশ্চিত কৰিছে। 
 
মঙলবাৰে, ২৩ মে'ত ৰাতিপুৱা বৈভৱী উপাধ্যায়ৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৩২ বছৰ। তেওঁৰ নশ্বৰ দেহ মুম্বাইলৈ ঘূৰাই  লৈ যোৱাৰ বাবে পৰিয়ালৰ লোক চণ্ডিগড়ত উপস্থিত হৈছে। বুধবাৰে পুৱা প্ৰায় ১১ বজাত মুম্বাইত তেওঁৰ অন্তেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব। বৈভৱীয়ে প্ৰায়ে ভ্ৰমণ কৰিবলৈ ভাল পাইছিল। তেওঁ তেওঁৰ বাগদত্তাৰ সৈতে হিমাচল লৈ ফুৰিবলৈ গৈছিল আৰু তেওঁলোকৰ বাহনখন উপত্যকাৰ পৰা পৰি গৈছিল আৰু দুয়োগৰাকী দুৰ্ঘটনাত পতিত হৈছিল। 
 
চাৰাভাই বনাম চাৰাভাই টেক ২ ত বৈভৱী উপাধ্যায়ৰ সৈতে কাম কৰা প্ৰযোজক-অভিনেতা জে ডি মাজেথিয়াই তেওঁৰ ইনষ্টাগ্ৰাম ষ্টোৰীত বাতৰিটো নিশ্চিত কৰিছে। মংগলবাৰে তেওঁ এটা আৱেগিক টোকা লিখিছিল, "অবিশ্বাস্য যে জীৱনটো ইমান অপ্ৰত্যাশিত হ'ব পাৰে। এগৰাকী অতি সুন্দৰ অভিনেত্ৰী আৰু এগৰাকী মৰমৰ বন্ধু বৈভৱী উপাধ্যায়ৰ মৃত্যু হৈছে। যি গৰাকীক  চাৰাভাই বনাম চাৰাভাইৰ "জেচমিন" বুলি জনা যায়। তেওঁ  এটা দুৰ্ঘটনাত পতিত হৈছে আৰু পৰিয়ালৰ লোকে তেওঁৰ শেষকৃত্যৰ বাবে বুধবাৰে ৰাতিপুৱা প্ৰায় ১১ বজাত মুম্বাইলৈ লৈ আহিব। বৈভৱীৰ আত্মাই চিৰশান্তি লাভ কৰক।  
 
চাৰাভাই বনাম চাৰাভাইৰ উপৰিও বৈভৱী উপাধ্যায়ে কিয়্যা কচুৰ হে আমলা কা, ডিজিটেল চিৰিজ প্লিজ ফাইণ্ড এটাচ্‌ট, আৰু লগতে দীপিকা পাডুকনৰ ছবি 'চপক' আৰু ২০২৩ চনৰ ছবি 'টিমিৰ'ত কাম কৰিছিল। গুজৰাটী থিয়েটাৰ চাৰ্কিটত তেওঁ যথেষ্ট জনপ্ৰিয় আছিল।