অনন্ত আম্বানীৰ ৰাজকীয় Pre-wedding উৎসৱত অনুষ্ঠান পৰিৱেশন আন্দ্ৰেয়া ব’চেলি, ৰেপাৰ পিটবুলৰ

Story by  atv | Posted by  [email protected] • 1 Months ago
অনন্ত আম্বানীৰ ৰাজকীয় Pre-wedding উৎসৱ
অনন্ত আম্বানীৰ ৰাজকীয় Pre-wedding উৎসৱ
 
নতুন দিল্লী
 
ভাৰতৰ দুটা ঐশ্বৰ্যশালী পৰিয়ালৰ বংশধৰ ৰাধিকা মাৰ্চেণ্ট আৰু অনন্ত আম্বানীৰ Pre-wedding উৎসৱত কেৱল ভাৰতৰে নহয় বিদেশৰো বহু তাৰকাক দেখিবলৈ পোৱা গৈছে। বিখ্যাত টেন’ৰ আন্দ্ৰেয়া ব’চেলি আৰু ৰেপাৰ পিটবুলে এই অনুষ্ঠানৰ মঞ্চত উঠি উপস্থিত দৰ্শকক আমোদ দিয়ে।
 
বাতৰি অনুসৰি এই অনুষ্ঠানত ব্যৱসায়িক জগত আৰু বলীউডৰ হাই-প্ৰফাইল অতিথিসকল একত্ৰিত হৈছিল।ব'চেলিৰ শক্তিশালী কণ্ঠই গোটেই অনুষ্ঠানটোক ৰোমান্টিক কৰি তুলিছিল। আনহাতে, প্ৰাণৱন্ত সংগীতানুষ্ঠানৰ বাবে সমগ্ৰ বিশ্বত পৰিচিত পিটবুলে আম্বানী পৰিয়ালৰ Pre-wedding উৎসৱক গভীৰ নিশালৈ উপভোগ্য কৰি ৰাখে।
ইফালে, বলীউদৰ বাদশ্বাহ শ্বাহৰুখ খানে পৰিয়ালৰ সৈতে আম্বানী পৰিয়ালৰ অনুষ্ঠানত উপস্থিত থাকে। অনুষ্ঠানৰ বাবে বিগত এসপ্তাহত ইটালীত আছে বলীউদৰ মোহময়ী অভিনেত্ৰী ছাৰা আলী খান। তাৰকাৰে ভৰা এই অনুষ্ঠানৰ কেইবাখনো ছবি তেওঁ শ্বেয়াৰ কৰিছে, য’ত তেওঁৰ ভাতৃ ইব্ৰাহিম আলী খানকো দেখা গৈছে।