‘দ্য কেৰেলা ষ্ট’ৰী’ৰ ওপৰত পশ্চিম বংগ চৰকাৰৰ নিষেধাজ্ঞা উঠাই দিলে উচ্চতম ন্যায়ালয়ে

Story by  atv | Posted by   Imtiaz Ahmed • 10 Months ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
নতুন দিল্লী

উচ্চতম ন্যায়ালয়ে বৃহস্পতিবাৰে পশ্চিম বংগ চৰকাৰৰ ‘দ্য কেৰেলা ষ্ট’ৰী’ ছবিখন নিষিদ্ধ কৰাৰ নিৰ্দেশ স্থগিত কৰে। ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে কয় যে ‘দ্য কেৰেলা ষ্ট’ৰী’ ছবিখনৰ প্ৰদৰ্শনত নিষেধাজ্ঞা আৰোপ কৰা পশ্চিম বংগ চৰকাৰে যোৱা ৮ মে’ত গৃহীত কৰা আদেশক আদালতে স্থগিত ৰখাৰ মনস্থ কৰিছে।
 

ন্যায়াধীশ চন্দ্ৰচুড়ৰ সৈতে ন্যায়াধীশ পি এছ নৰসিংহ আৰু জে বি পাৰদিৱালাক লৈ গঠিত বিচাৰপীঠে তামিলনাডুক ‘দ্য কেৰেলা ষ্ট’ৰী’ৰ নিৰাপদ প্ৰদৰ্শনৰ বাবে প্ৰতিটো চিনেমা হলত পৰ্যাপ্ত নিৰাপত্তা প্ৰদান কৰিবলৈ আৰু দৰ্শকৰ সুৰক্ষা নিশ্চিত কৰিবলৈও নিৰ্দেশ দিয়ে। ই লগতে ৰাজ্যখনে প্ৰত্যক্ষ বা পৰোক্ষভাৱে ছবিখনৰ প্ৰদৰ্শনত বাধা নিদিবলৈ কয়।

শুনানিৰ সময়ত বিচাৰপীঠে পশ্চিম বংগ চৰকাৰক প্ৰতিনিধিত্ব কৰা জ্যেষ্ঠ অধিবক্তা এ এম সিংভিক কয় যে ৰাজ্য চৰকাৰে ১৩ জন লোকৰ কথাত ছবিখন নিষিদ্ধ কৰিছিল। "যদিহে আপুনি তেওঁলোকক কাৰ্টুন বা ক্ৰীড়া দেখুৱাব নোৱাৰে, আপুনাক যিকোনো ১৩ জন লোকে ক'ব যে যিকোনো চিনেমা এখন নিষিদ্ধ কৰক আৰু আপুনি নিষিদ্ধ কৰিব ...।"

শীৰ্ষ ন্যায়ালয়ে লক্ষ্য কৰে যে দেশৰ সকলো ঠাইতে ছবিখন মুক্তি পাইছে। সিংভীয়ে কয় যে পশ্চিম বংগৰ জনগাঁথনি বহুত বেলেগ আৰু ইয়াক বিবেচনা কৰিব লাগে।

মুখ্য ন্যায়াধীশগৰাকীয়ে কয়, "সকলোতে জনগাঁথনি একে হ'ব বুলি আশা কৰিব নোৱাৰি ... প্ৰয়োজন হ'লে, শক্তিৰ ব্যৱহাৰ সমানুপাতিকভাৱে হ'ব ..."

মুখ্য ন্যায়াধীশগৰাকীয়ে সিংভীক কয় যে আপুনি মৌলিক অধিকাৰক ৰাজহুৱাভাৱে আৱেগ প্ৰদৰ্শনৰ ওপৰত নিৰ্ভৰশীল কৰি তুলিব নোৱাৰে আৰু, "যদি আপুনি ভাল নাপাই তেন্তে ছবিখন নাচাব"।

মুখ্য ন্যায়াধীশগৰাকীয়ে পশ্চিম বংগ চৰকাৰৰ অধিবক্তাক কয় যে চিনেমাখনৰ প্ৰদৰ্শনৰ সৈতে জড়িত কোনো বিশেষ জিলাত যদিহে কোনো কাণ্ড সংঘটিত হয় তেন্তে ৰাজ্য চৰকাৰে পদক্ষেপ ল’ব পাৰে, কিন্তু সমগ্ৰ ৰাজ্যতে ইয়াক নিষিদ্ধ কৰিব নোৱাৰে।

পশ্চিম বংগ চৰকাৰে চিনেমাখন প্ৰদৰ্শন কৰাত নিষেধাজ্ঞাৰ ন্যায্যতা প্ৰদান কৰি উচ্চতম ন্যায়ালয়ত কয় যে ‘দ্য কেৰেলা ষ্ট’ৰী’ ছবিখন হেৰফেৰ কৰা তথ্যৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছে আৰু ইয়াত একাধিক দৃশ্যত ঘৃণামূলক ভাষ্য আছে, যাৰ ফলত সম্প্ৰদায়সমূহৰ মাজত অসঙ্গতিৰ সৃষ্টি হ’ব পাৰে।

ৰাজ্য চৰকাৰে শপতনামাত কয় যে যদিহে চিনেমাখন প্ৰদৰ্শন কৰিবলৈ দিয়া হয় তেন্তে শান্তি ভংগ হ’ব যিটো ন্যায়ৰ স্বাৰ্থত নহ’ব।

"চিনেমাখন হেৰফেৰ কৰা তথ্যৰ ওপৰত আধাৰিত আৰু একাধিক দৃশ্যত ঘৃণামূলক ভাষ্য সন্নিবিষ্ট কৰা হৈছে যিয়ে সাম্প্ৰদায়িক আৱেগক আঘাত দিব পাৰে আৰু সম্প্ৰদায়সমূহৰ মাজত অসঙ্গতিৰ সৃষ্টি কৰিব পাৰে যিয়ে অৱশেষত আইন-শৃংখলাৰ পৰিস্থিতিৰ সৃষ্টি কৰিব, যিটো ৰাজ্য চৰকাৰে লাভ কৰা বিভিন্ন চোৰাংচোৱাৰ তথ্যৰ পৰা অৱগত কৰা হৈছে।"- শপতনামাত কোৱা হৈছে।

ৰাজ্য চৰকাৰে ৰাজহুৱা শৃংখলা বজাই ৰাখিবলৈ আৰু সাধাৰণ জনতাৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি, আৰু পশ্চিম বংগ চিনেমা (নিয়ন্ত্ৰণ) আইনৰ ৬ (১) ধাৰাত নিজৰ ক্ষমতা প্ৰয়োগ কৰি চিনেমাখনৰ প্ৰদৰ্শনত নিষেধাজ্ঞা আৰোপ কৰিছে।