টৰণ্ট’ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱৰ বৰ্ল্ড প্রিমিয়াৰত প্ৰদৰ্শিত হব 'তৰাজ হাজবেণ্ড'

Story by  atv | Posted by  Munni Begum • 1 Years ago
ৰীমা দাস
ৰীমা দাস
গুৱাহাটী
 
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত অসমীয়া ছবি পৰিচালক ৰীমা দাসে। ক’ভিডকালীন পৰিবেশ পৰিস্থিতিত নিৰ্মিত 'তৰাজ হাজবেণ্ড' নামৰ তেওঁৰ নতুন ছবিখন টৰণ্ট’ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱ 'বৰ্ল্ড প্রিমিয়াৰ'ৰ বাবে নির্বাচিত হৈছে। 
 
বিশ্বৰ ১০ খন ছবিৰ ভিতৰত একমাত্ৰ ভাৰতীয় ছবি হিচাপে প্ৰদৰ্শিত হ'ব ‘তৰাজ হাজবেণ্ড'। টৰণ্ট’ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ প্লেটফৰ্ম শিতানত বৰ্ল্ড প্রিমিয়াৰ হ'বলগীয়া প্ৰথমখন ভাৰতীয় ছবি হিচাপে পৰিগণিত হৈছে অসম সন্তান ৰীমা দাসৰ 'তৰাজ হাজবেণ্ড'। অসমীয়া ভাষাৰ ছবিখনৰ সৈতে চলচ্চিত্র মহোৎসৱৰ প্লেটফর্ম শিতানত ৱৰ্ল্ড প্ৰিমিয়াৰ হ'ব ফ্ৰান্সৰ দুখন, কানাডাৰ দুখন, ইংলেণ্ডৰ এখন, ব্রাজিলৰ এখন, ইৰানৰ এখন আৰু ছুইজাৰলেণ্ডৰ এখন ছবিৰ। 
অহা ৮  ৰ পৰা ১৮ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ'ব বিশ্বৰ আগশাৰীৰ ছবি মহোৎসৱসমূহৰ অন্যতম ৰূপে বিবেচিত হৈ অহা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱখন। লক্ষণীয়ভাৱে প্লেটফৰ্ম শিতানত শ্রেষ্ঠ ছবিৰূপে বিবেচিত হোৱা ছবিখনলৈ আগবঢ়োৱা হয় প্রায় ১২ লাখ টকা। 
উল্লেখযোগ্য যে 'ভিলেজ ৰকষ্টাৰ্ছ' আৰু 'বুলবুল কেন ছিং' ছবিৰ জৰিয়তে ৰাষ্ট্ৰীয়-আন্তৰাষ্ট্ৰীয় পৰ্যায়ত বিপুল সমাদৰ লাভ কৰিছিল ৰীমা দাসে। পৰিচালক ৰীমা দাসৰ ভাতৃ অভিজিত দাস আৰু ভাই বোৱাৰী তৰালি দাসে অভিনয় কৰা চলচ্চিত্ৰ 'তৰাজ হাজবেণ্ডে'ও টৰণ্ট'ৰ দৰে ছবি মহোৎসৱত ৱৰ্ল্ড প্রিমিয়াৰৰ বাবে বাছনি হোৱাত ছবি খনৰ পৰিচালকগৰাকী আনন্দিত হৈ পৰিছে। 
 
পৰিচালক ৰীমা দাসে কয় যে ক'ভিড মহামাৰীৰ বিভীষিকা আৰু লকডাউনৰ জটিল পৰিস্থিতিক লৈ নিৰ্মাণ কৰা হৈছে ছবিখন। ক’ভিডকালীন দুটা বছৰত প্রকত পৰিবেশ-পৰিস্থিতিত ছবিখন নিৰ্মাণ হৈছে। নিজৰ জীৱনক লৈ নির্মিত ছবিখন এটা জটিল সময়ৰ ইতিহাস হৈ ৰ'ব বুলি। ক’ভিডকালীন সময়ত প্ৰাণ হেৰুওৱা তেওঁৰ পিতৃ ভৰত চন্দ্ৰ দাসৰ নামত উৎসৰ্গা কৰিছে ছবিখন।