প্লেষ্ট'ৰৰ পৰা ১৭টাকৈ ঋণ এপ্লিকেচন আঁতৰাইছে গুগলে

Story by  atv | Posted by  Munni Begum • 1 Years ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
 
নতুন দিল্লী
 
ব্যৱহাৰকাৰীৰ ব্যক্তিগত তথ্য চুৰি কৰি ব্লেকমেইল কৰাৰ অভিযোগত প্লেষ্ট'ৰৰ পৰা ১৭টাকৈ ঋণ এপ্লিকেচন আঁতৰাইছে গুগলে। এই এপ্লিকেচনসমূহত স্পাই মালৱেৰৰ উপস্থিতি ধৰা পৰা বুলিও জানিব পৰা গৈছে। 
 
চাইবাৰ ছিকিউৰিটি প্রতিষ্ঠান ই এছ ই টিৰ প্রতিবেদন অনুসৰি এই এপ্লিকেচনসমূহে তাৎক্ষণিকভাৱে ঋণ প্রদানৰ নামত গ্রাহকক ব্লেকমেইল কৰি আহিছিল। এই সন্দর্ভত গুগলে তদন্ত চলাই ১৮টা এপ্লিকেচন চিনাক্ত কৰি উলিয়ায়। 
 
ইয়াৰে এটা এপ্লিকেচনৰ ডেভেলপাৰ্ছসকলে গুগলৰ নীতি অনুসৰি প্রয়োজনীয় সাল-সলনি কৰিব বুলি সম্মতি প্রকাশ কৰাৰ বিপৰীতে চিনাক্ত কৰা বাকী ১৭টা এপ্লিকেচন প্লেষ্ট'ৰৰ পৰা আঁতৰোৱাৰ সিদ্ধান্ত গ্রহণ কৰে গুগলে। গুগলৰ এই পদক্ষেপৰ পূৰ্বে এনে এপ্লিকেচনসমূহ প্রায় ১.২০ কোটি লোকে ডাউনলোড কৰিছিল।