অসমত কেৰিয়া এপ মুকলি মাইট্রেন্সফর্মৰ

Story by  atv | Posted by  Munni Begum • 1 Years ago
অসমত কেৰিয়া এপ মুকলি মাইট্রেন্সফর্মৰ
অসমত কেৰিয়া এপ মুকলি মাইট্রেন্সফর্মৰ
 
গুৱাহাটী
 
গণৰাজ্য দিৱস উপলক্ষে মাইট্রেন্সফর্মে এক নতুন কেৰিয়াৰ অন্বেষণ ম'বাইল এপ মুকলিৰ কথা ঘোষণা কৰিছে। অসমৰ শিক্ষাৰ্থীসকলক তেওঁলোকৰ কেৰিয়াৰ নিৰ্বাচনত সঠিক সিদ্ধান্ত গ্ৰহণত সহায় কৰাৰ বাবে এই এপটো মুকলি কৰিছে প্ৰতিষ্ঠানটোৱে। বহুভাষিক এই এপটো নৱম শ্ৰেণীৰ পৰা উচ্চ শিক্ষালৈ সকলো শিক্ষাৰ্থীৰ বাবে কোনো খৰচ নোহোৱাকৈ ডাউনলোডৰ বাবে উপলব্ধ হ'ব।  
 
১৫ৰ পৰা ২৩ বছৰ বয়সৰ শিক্ষাৰ্থীসকলৰ ওপৰত গুৰুত্ব দি প্ৰস্তুত কৰা হৈছে এই এপটো। ২০২১ চনত জম্মু-কাশ্মীৰ চৰকাৰে মাইট্ৰেন্সফর্ম এপ গ্রহণ কৰিছিল। এই মঞ্চৰ অধীনত ৰাজ্যখনৰ ৩০ হেজাৰৰো অধিক যুৱক-যুৱতী লাভান্বিত হয়। 
 
অসমত এপটো মুকলি কৰি প্ৰতিষ্ঠানটোৰ প্ৰতিষ্ঠাপক ৰূপালী মেহৰাই কয় যে অসমৰ শিক্ষার্থীসকলক কেৰিয়াৰ সম্পৰ্কীয় সকলো পৰামৰ্শ আগবঢ়োৱাৰ উদ্দেশ্যে এই এপ মুকলি কৰা হৈছে।
 
ইতিমধ্যে অসমৰ যুৱচামৰ বাবে শিক্ষা আৰু দক্ষতা সক্ষম কৰাৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন আঁচনি গ্রহণ কৰিছে। এই আঁচনিৰ ফলপ্ৰসু ৰূপায়ণত এনেধৰণৰ এপে সহায় কৰিব বুলি মত ব্যক্ত কৰিছে প্ৰতিষ্ঠাপকগৰাকীয়ে।