iOS বিটাত voice status আপডেটৰ বাবেত কাম কৰি আছে WhatsAppয়ে

Story by  atv | Posted by  Munni Begum • 1 Years ago
iOS বিটাত voice status আপডেটৰ বাবেত কাম কৰি আছে WhatsAppয়ে
iOS বিটাত voice status আপডেটৰ বাবেত কাম কৰি আছে WhatsAppয়ে
ছান ফ্ৰান্সিচকো 
 
মেটাৰ মালিকানাধীন মেছেজিং প্লেটফৰ্ম হোৱাটছএপে আগন্তুক iOS আপডেটৰ বাবে iOS beta ত voice status ৰ ওপৰত কাম কৰি থকা বুলি জানিব পৰা গৈছে। 
 
WABetaInfo-এ প্ৰতিবেদন অনুসৰি, ই ব্যৱহাৰকাৰীসকলক তেওঁলোকৰ ষ্টেটাছ আপডেটলৈ ভইচ নোটসমূহ শ্বেয়াৰ কৰাৰ ক্ষমতা প্ৰদান কৰিছে। যোৱা মাহত মেছেজিং প্লেটফৰ্মে iOS বিটাত ব্যৱসায়িক সঁজুলি টেবটো মুকলি কৰিছিল।
প্ৰতিবেদন অনুসৰি, যেতিয়া ব্যৱহাৰকাৰীয়ে কোনো টেক্সট প্ৰৱেশ নকৰে তেতিয়া মাইক্ৰ’ফোনৰ আইকনটো দেখা যাব। ইয়াৰ জৰিয়তে ব্যৱহাৰকাৰীয়ে তেওঁলোকৰ ষ্টেটাছ আপডেটত ৩০ ছেকেণ্ডলৈ ভইচ নোট পোষ্ট কৰিব পাৰিব। 
এই বৈশিষ্ট্যৰ সহায়ত ব্যৱহাৰকাৰীয়ে WhatsApp Settings নোখোলাকৈ ব্যৱসায়িক প্ৰতিষ্ঠানৰ বাবে উপলব্ধ সকলো মেছেজিং সঁজুলি সহজে লাভ কৰিব পাৰে। ব্যৱহাৰকাৰীৰ একাউণ্টৰ বাবে বৈশিষ্ট্য সক্ৰিয় হ’লে পুৰণি কেমেৰা টেবৰ ঠাই ‘সঁজুলি’ নামৰ নতুন টেবে ল’ব।
 
টেষ্টফ্লাইটৰ পৰা হোৱাটছএপ বিজনেছ বিটাৰ শেহতীয়া আপডেট ইনষ্টল কৰাৰ পিছত কেইটামান ব্যৱসায়িক প্ৰতিষ্ঠানলৈ মুকলি কৰা হৈছিল ব্যৱসায়িক সঁজুলি টেব ফিচাৰ।