নিষ্ক্রিয় হ'ব WhatsApp

Story by  atv | Posted by  Munni Begum • 11 Months ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
নতুন দিল্লী 
 
জনপ্রিয় মেছেজিং প্লেটফর্ম হোৱাটছএপে ১ জানুৱাৰীৰ পৰা কিছুসংখ্যক স্মার্টফোনৰ মডেলত নিষ্ক্রিয় হ'ব ইয়াৰ সেৱা। প্রতিষ্ঠানটোৱে জনোৱা অনুসৰি ৪৯ টা স্মার্টফোনৰ মডেলত এতিয়াও পুৰণি অপাৰেটিং ছিষ্টেম ব্যৱহাৰ হৈ থকাত এনেবোৰ স্মার্টফোনত এতিয়াৰে পৰা সমর্থন কৰা নহ'ব হোৱাটছএপ।  
 
অপাৰেটিং ছিষ্টেম ৪.১ সংস্কৰণ আৰু ইয়াতকৈ নতুন সংস্কৰণৰ অপাৰেটিং ছিষ্টেমৰ লগতে আই অ' এছৰ ১২ আৰু ইয়াৰ নতুন সংস্কৰণৰ প্ৰতিহে সমর্থন আগবঢ়াৰ হোৱাটছএপে। 
এক বিজ্ঞপ্তিযোগে হোৱাটছএপে শেহতীয়া এণ্ড্ৰয়ড প্রযুক্তিৰ সৈতে আগুৱাই যাবলৈ প্রতিষ্ঠানটোৱে নিয়মিতভাৱে পুৰণি অপাৰেটিং ছিষ্টেমত ইয়াৰ সেৱা নিষ্ক্রিয় কৰি আহিছে। 
ইয়াৰ জৰিয়তে নতুন প্রযুক্তিৰ প্রতি সমর্থন আগবঢ়োৱাটো সহজ হৈ পৰে। হোৱাটছএপৰ ব্যৱহাৰ বন্ধ হোৱা স্মার্টফোনৰ ব্ৰেণ্ডসমূহৰ ভিতৰত আছে এপ'ল, ছেমছাং, এল জিৰ দৰে ব্ৰেণ্ডৰ বহুকেইটা মডেলৰ ফোন।