নতুন দিল্লী
দেশত দীর্ঘদিন আৰু ব্যাপকভাৱে ব্যৱহাৰ হৈ থকা কিছুমান ঔষধ ক্ষতিকাৰক বুলি চিনাক্ত কৰি কেন্দ্ৰই এই ঔষধসমূহক নিষিদ্ধ ঘোষণা কৰিছে।
কেন্দ্রীয় ঔষধ মানক নিয়ন্ত্রক সংস্থা 'চেণ্ট্ৰেল ড্রাগছ ষ্টেণ্ডার্ড কন্ট্র'ল অর্গেনাইজেচন' (চি ডি এছ চি অ')-এ নিষিদ্ধ ঘোষণা কৰি ১৭ বিধ ঔষধৰ এক তালিকা প্রকাশ কৰিছে আৰু দোকান, গুদাম বা ঘৰত থকা এই ঔষধসমূহক নষ্ট কৰি পেলাবলৈ নির্দেশ দিছে।
নিষিদ্ধ ঘোষিত ঔষধসমূহৰ মাজত আছে ফেন্টানিল, ট্রেমাডলকে ধৰি বহুকেই বিধ বিষনাশক ঔষধ আৰু মানসিক চাপ-উদ্বেগ হ্রাস কৰাৰ বাবে ব্যৱহাৰ হোৱা ঔষধ ডিয়াজেপাম।
কেন্দ্রই এই নিষিদ্ধ ঘোষিত ঔষধসমূহ জব্দ কৰি নষ্ট কৰি পেলাবৰ বাবে সকলো ৰাজ্যলৈ নির্দেশপত্র প্রেৰণ কৰিছে। এই ঔষধসমূহৰ ব্যৱহাৰ মানৱ শৰীৰত মাৰাত্মক হ'ব পাৰে বুলি কৈ চি ডি এছ চি অ'ৱে এই ঔষধসমূহ মানুহক ব্যক্তিগতভাৱে ব্যৱহাৰো বন্ধ কৰিবলৈ আৰু বিক্রী বন্ধ কৰিবলৈ ব্যৱস্থা ল'বৰ বাবে নির্দেশ দিছে। আনকি ব্যৱহাৰ নোহোৱা বা ম্যাদ উকলি যোৱা ঔষধসমূহকো নষ্ট কৰি পেলোৱাৰ কথা উল্লেখ কৰিছে।
অৱশ্যে এই ঔষধসমূহ নষ্ট কৰাৰ বাবে যাতে পৰিবেশ প্রদূষিত নহয় তাৰ বাবে বিজ্ঞানসম্মত ব্যৱস্থা গ্রহণৰ বাবে চি ডি এছ চি অ'ৱে পৰামৰ্শ দিছে। ইতিপূর্বে অর্থাৎ যোৱা মে' মাহত 'ড্রাগ কন্ট্র'লাৰ জেনেৰেল অব্ ইণ্ডিয়াই (ডি চি জি আই) একেলগে ৩৬ বিধ ফিক্সড ড'জ কম্বিনেচন (এফ ডি চি)ক নিষিদ্ধ ঘোষণা কৰিছিল।
কেন্দ্রীয় সংস্থাটোৱে কৈছিল যে বহুক্ষেত্রত দেখা যায় যে এটা অসুখৰ চিকিৎসাত অধিক ভাল ফল পাবলৈ এটাৰ পৰিৱর্তে দুই বা ততোধিক ঔষধৰ নির্দিষ্ট পৰিমাণ মিহলি কৰি ব্যৱহাৰ কৰা হয়। কিন্তু অধিক ক্ষেত্রত কম্বিনেচনসমূহ ঔষধিকৰণৰ নিয়ম মানি প্রস্তুত কৰা নহয়। ফলত নানা পার্শ্ব প্রতিক্রিয়াই দেখা দিয়ে আৰু আত্মঘাতীপর্যন্ত হ'ব পাৰে। দীঘলীয়া ব্যৱহাৰত এইবোৰ ঔষধে মানৱ শৰীৰত দীঘলীয়া প্রভাৱ পেলায় আৰু ৰোগীৰ শাৰীৰিক অৱস্থাৰ অৱনতি ঘটায়।