নতুন দিল্লী
ইজৰাইলৰ টেল আভিভ বিশ্ববিদ্যালয়ৰ এক নতুন অধ্যয়নত দেখা গৈছে যে এইডছ ৰোগীসকলৰ হাতত অতি সোনকালে চিকিৎসা কৰাৰ বিকল্প থাকিব পাৰে।
ইজৰাইলৰ টেল আভিভ বিশ্ববিদ্যালয়ৰ এক নতুন অধ্যয়ন এইডছত আক্ৰান্ত ৰোগীৰ বাবে বৃহৎ সকাহ কঢ়িয়াই আনিছে। চিকিৎসা বিজ্ঞানৰ বাবে যুগান্তকাৰী পৰিঘটনা হিচাপে পৰিগণিত এই অধ্যয়নত দেখা গৈছে যে মাত্ৰ এটা ভেকচিনৰ সহায়ত এইচ আই ভি/এইডছ ৰোগ নিৰ্মূল কৰাটো সম্ভৱ হৈ উঠিব পাৰে।
ইজৰাইল আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ অতিৰিক্ত গৱেষকৰ সহযোগত এই অধ্যয়নটোৰ নেতৃত্ব দিছিল টি এ ইউ স্কুল অফ নিউৰোবায়োলজী, বায়োকেমিষ্ট্ৰী আৰু বায়োফিজিক্সৰ ড.এডি বাৰ্জেল আৰু পি এইচ ডি শিক্ষাৰ্থী এলেছিঅ' নেহমাদে।
উল্লেখ্য যে, এইচ.আই.ভি./এইডছ (হিউমেন ইমিউনোডেফিচিয়েন্সি ভাইৰাছ/একুৱাৰ্ড ইমিউনোডেফিচিয়েন্সি চিণ্ড্ৰোম) ১৯৮১ চনত আৱিষ্কাৰ কৰা হৈছিল আৰু সেই বছৰৰ ১ মে'ত দ্য নিউয়ৰ্ক নেটিভ নামৰ এখন বাতৰি কাকতত প্ৰথমবাৰৰ বাবে এই ৰোগৰ বিষয়ে বাতৰি প্ৰকাশ পাইছিল। বিংশ শতিকাৰ আৰম্ভণিতে পশ্চিম-মধ্য আফ্ৰিকাত মুখ্যতঃ চিম্পাঞ্জিৰ শৰীৰৰ পৰা এই ভাইৰাছ মানুহৰ শৰীৰলৈ বিয়পিছিল।
মূলতঃ অসুৰক্ষিত যৌন সম্পৰ্ক, দূষিত ৰক্ত সঞ্চালন, হাইপ’ডাৰ্মিক বেজী বা গৰ্ভাৱস্থাত মাকৰ পৰা শিশুলৈ এইচ.আই.ভি./এইডছ ভাইৰাছ বিয়পে।
প্ৰথম চিনাক্ত হোৱাৰ পিছৰে পৰা বিশ্বজুৰি ৩ কোটি ৬০ লাখতকৈ অধিক লোকৰ এইডছত মৃত্যু হৈছে। ২০২০ চনলৈকে প্ৰায় ৩ কোটি ৭০ লাখ লোক এই ৰোগত আক্ৰান্ত হৈছিল। ইয়াৰে অধিকাংশ আছিল পূব আৰু দক্ষিণ আফ্ৰিকাৰ।
এই ৰোগ সদায় মাৰাত্মক নহয় আৰু বহু এইচ আই ভি পজিটিভ লোক জীয়াই আছে। অৱশ্যে, বৰ্তমান উপলব্ধ চিকিৎসাই ইয়াৰ স্থায়ী নিৰাময়ৰ ব্যৱস্থা নকৰে। ড০ বাৰ্জেলৰ নেতৃত্বত ইজৰাইলী গৱেষক দলটোৰ নতুন গৱেষণাই এইডছৰ চিকিৎসাৰ ক্ষেত্ৰত যুগান্তকাৰী পৰিৱৰ্তন কঢ়িয়াই অনাৰ সম্ভাৱনা আছে।
FEATURED VIDEOS
PISA
HSLC Result Al-Ameen
Dhekiakhowa Bornamghar
Physical challenge no hurdle in Md Gulpham's learning skill
Dustbin distributor Nazrul Islam
Illiterate poet Habil Uddin
Taj Hotel
Gauhati University's Arabic department in good shape
Abdul Barek chooses marathon as his livelihood