হোজাইৰ হাম হাস্পতালৰ সাফল্য; জটিল অস্ত্ৰোপচাৰেৰে দুবছৰীয়া শিশুৰ প্ৰাণ ৰক্ষা

Story by  atv | Posted by  Munni Begum • 1 Years ago
দুবছৰীয়া শিশু মেহজাবীন চৌধুৰী
দুবছৰীয়া শিশু মেহজাবীন চৌধুৰী
 
গুৱাহাটী 
 
হাম হস্পিটেলৰ বৃহৎ সফলতা। পানী কেঁচুৱা কিশোৰীৰ গ'লড ব্লাডাৰ ষ্টোন আৰু খাদ্য নলীত হোৱা ষ্টোন ষ্টোনৰ অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন কৰিলে হাম হাস্পতালৰ চিকিৎসকসকলে।  
 
হাস্পতালখনৰ এক সুত্ৰই জনোৱা মতে, মাত্ৰ দুই বছৰীয় কিশোৰীৰ গ'লড ব্লাডাৰ ষ্টোন আৰু খাদ্য নলীত হোৱা ষ্টোনৰ অস্ত্ৰোপচাৰ  লেপাৰোস্কোপিকৰ জৰিয়তে সফলতাৰে সম্পন্ন কৰিলে হাস্পতালখনৰ চিকিৎসকসকলে।  
 
এনে জটিল অস্ত্ৰোপচাৰ ৰাজ্যত প্ৰথম বুলি অনুভৱ চিকিৎসক চি ইছলামে। তেওঁ কয় যে, ৰাজ্যত এনে জটিল অস্ত্ৰোপচাৰ অতি কম হয় আৰু এয়া প্ৰথম জটিল অস্ত্ৰোপচাৰ আছিল। 
 
দুয়োটা অপাৰেশ্যন হাম হস্পিটেলৰ চি এম ডি চিকিৎসক ডাঃ চি ইছলামৰ নেতৃত্বত সফলভাৱে সম্পন্ন কৰা হৈছে। কণমানি কিশোৰীজনীৰ ঘৰ কৰিমগঞ্জত। নাম মেহজাবীন চৌধুৰী। 
 
মেহজাবীনৰ পিতৃ মাতৃয়ে বিভিন্ন চিকিৎসালয়ত লৈ গৈছিল যদিও কোনো সুফল নাপাই অৱশেষত হোজাইৰ হাম হঅস্পতালত সফল অস্ত্ৰোপচাৰ সম্পন্ন কৰা হয়। কিশোৰী গৰাকী বৰ্তমান সম্পূৰ্ণ সুস্থ, দুই এদিনতে ঘৰতে যাব বুলি চিকিৎসকে জানিবলৈ দিয়ে।