ভয়াবহ ৰূপত বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিজ: গুৱাহাটীত ২১ গৰাকীৰ মৃত্যু

Story by  atv | Posted by  [email protected] • 1 Months ago
ভয়াবহ ৰূপত বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিজ
ভয়াবহ ৰূপত বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিজ
 
গুৱাহাটী
 
অসমত ভয়াবহ ৰূপত বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিজৰ সংক্ৰমণ। ৰাজ্যৰ অন্য প্ৰান্তৰ কথাটো বাদেই, চলিত বৰ্ষৰ এপ্ৰিল মাহৰ পৰা বৰ্তমান সময়লৈকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত জাপানীজ এনকেফেলাইটিছত আক্রান্ত ৭০ জন লোকক ভৰ্তি কৰোৱা হৈছে।
 
বৰ্তমানলৈকে জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত ২১ গৰাকী ৰোগীৰ মৃত্যু হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত। এতিয়াও ভৰ্তি হৈ আছে ২৯ গৰাকী আক্ৰান্ত ৷ এই তথ্য সদৰী কৰিছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালতৰ অধ্যক্ষ ডাঃ অচ্যুত বৈশ্যই। তেওঁ লগতে জানিবলৈ দিয়ে যে এইসকল ৰোগী যে কেৱল গুৱাহাটীৰে তেনে নহয়, অসমৰ বিভিন্ন প্ৰান্তৰ৷
 
অধ্যক্ষ ডাঃ অচ্যুত বৈশ্যই সংবাদ মাধ্যমৰ আগত কয়, "চলিত বৰ্ষৰ এপ্ৰিল মাহৰ পৰা বৰ্তমান সময়লৈকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৭০ জন লোকক জাপানীজ এনকেফেলাইটিছত আক্রান্ত হোৱাৰ বাবে ভৰ্তি কৰোৱা হৈছে। বৰ্তমানলৈকে এই ৰোগত আক্ৰান্ত হৈ ২১ গৰাকী লোকৰ মৃত্যু হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত।"
 
তেওঁ জনোৱা অনুসৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত সৰ্বাধিক চিকিৎসাধীন হৈ আছে নলবাৰী আৰু কামৰূপ গ্ৰাম্য জিলাৰ লোক । এই সকলৰ ভিতৰত আছে ক্ৰমে নলবাৰী জিলাৰ ১৭ গৰাকী , কামৰূপ গ্ৰাম্যৰ ১৭ গৰাকী, দৰঙৰ ১১ গৰাকী, ধুবুৰীৰ ১ গৰাকী , নগাঁৱৰ ৩ গৰাকী, বৰপেটাৰ ২ গৰাকী, বজালীৰ ৩ গৰাকী, কামৰূপ মহানগৰৰ ৫ গৰাকী, মৰিগাঁৱৰ ১ গৰাকী, বাক্সা ২ গৰাকী, গোলাঘাটৰ ২ গৰাকী, শোণিতপুৰৰ ৩ গৰাকী, বঙাইগাঁৱৰ ১ গৰাকী, ওদালগুৰিৰ ১ গৰাকী আৰু মেঘালয়ৰ ১ গৰাকীসহ মুঠ ৭০ গৰাকী ৰোগী । তেওঁলোকৰ চিকিৎসা চলি আছে৷
 
ইয়াৰ ভিতৰত নলবাৰীৰ ৭ গৰাকী, কামৰূপ গ্ৰাম্যৰ ৪ গৰাকী , দৰঙৰ ২ গৰাকী, বজালীৰ ২ গৰাকী, ধুবুৰীৰ ১ গৰাকী, নগাঁৱৰ ১ গৰাকী, শোণিতপুৰৰ ১ গৰাকী, বঙাইগাঁৱৰ ১ গৰাকী, ওদালগুৰিৰ ১ গৰাকী, বৰপেটাৰ ১ গৰাকীকে ধৰি মুঠ ২১ গৰাকী জাপানীজ এনকেফেলাইটিজ ৰোগত আক্ৰান্ত ৰোগীৰ ইতিমধ্যে মৃত্যু হৈছে । এই কথা প্ৰকাশ কৰিছে অধ্যক্ষগৰাকীয়ে৷