লালু যাদৱৰ কন্যা ৰোহিনী আচাৰ্যই তেওঁক কিডনী দান কৰিব

Story by  atv | Posted by  DaulatRahman • 1 Years ago
লালু যাদৱৰ কন্যা ৰোহিনী আচাৰ্য
লালু যাদৱৰ কন্যা ৰোহিনী আচাৰ্য
নতুন দিল্লী
 
অসুস্থ ৰাষ্ট্ৰীয় জনতা দলৰ পিতৃপুৰুষ লালু যাদৱৰ ছিংগাপুৰস্থিত কন্যা ৰোহিনী আচাৰ্যই পিতৃক বৃক্ক দান কৰিব বুলি পৰিয়ালৰ এজন ঘনিষ্ঠ সদস্যই জানিবলৈ দিয়ে।
 
৭৪ বছৰীয়া লালু যাদৱ যোৱা মাহত ছিংগাপুৰৰ পৰা উভতি আহিছিল য’ত তেওঁ বৃক্কৰ সমস্যাৰ চিকিৎসাৰ বাবে গৈছিল। একাধিক স্বাস্থ্যজনিত সমস্যাত ভুগি থকা আৰজেডিৰ সভাপতিগৰাকীক কিডনী ট্ৰান্সপ্লাণ্টৰ পৰামৰ্শ দিয়া হয়।
 
ছিংগাপুৰত বাস কৰা তেওঁৰ কন্যা ৰোহিনী আচাৰ্যই পিতৃক নতুন জীৱন দিবলৈ খোজ দিছে বুলি পৰিয়ালৰ এজন সদস্যই জনায়।
 
বৰ্তমান দিল্লীত থকা লালু যাদৱ জামিনত বাহিৰত। পশুখাদ্যৰ গোচৰত জড়িত থকাৰ বাবে কাৰাগাৰত ভৰ্তি হৈ চিকিৎসাৰ বাবে দিল্লী আৰু ৰাঞ্চিত কেইবাবাৰো চিকিৎসালয়ত ভৰ্তি হৈছে।
 
কিডনী ট্ৰান্সপ্লাণ্টৰ অস্ত্ৰোপচাৰ ক’ত কেতিয়া হ’ব সেয়া স্পষ্ট হোৱা নাই।