অসমত জাপানী এনকেফেলাইটিছত আক্ৰান্ত হৈ ১১ জন আৰু ডেংগুত ২ জনৰ মৃত্যু

Story by  atv | Posted by  Munni Begum • 1 Years ago
স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত
স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত
 
গুৱাহাটী
 
অসমত জুলাইৰ পৰা এতিয়ালৈকে জাপানী এনকেফেলাইটিছত ১১ জন লোকৰ মৃত্যু হৈছে। মৃত্যু হোৱা সকল ভিতৰত নগাঁও আৰু ধেমাজিত দুজনকৈ আৰু লখিমপুৰ, চৰাইদেউ, বঙাইগাঁও, কামৰূপ, মাজুলী, শিৱসাগৰ আৰু যোৰহাটত এজনকৈ ৰোগী আছে। এই তথ্য সদৰি কৰিছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। 
 
স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কয় যে যোৱা জুলাই মাহৰ পৰা এতিয়ালৈকে ৰাজ্যত ২৭৪ জন লোকৰ দেহত জাপানী এনকেফেলাইটিছ ৰোগৰ সংক্ৰমণ ধৰা পৰিছে। ইয়াৰে ১১ জনৰ ইতিমধ্যে মৃত্যু হৈছে। যোৱা বছৰ এই সময়ছোৱাত তেনে ৰোগীৰ সংখ্যা আছিল ৩২৫ জন আৰু ৫৩ জনৰ মৃত্যু হৈছিল।
 
আনহাতে চলিত বছৰত এতিয়ালৈকে ৰাজ্যত ২১২২ জনৰ দেহত ডেংগুৰ সংক্ৰমণ ধৰা পৰিছে। ইয়াৰে দুজনৰ মৃত্যু হৈছে। মৃত্যু হোৱা দুয়োজন কার্বি আংলং জিলাৰ। ডেংগু আক্রান্ত ৰোগীৰ ভিতৰত ১৮৫৩ জনেই কাৰ্বি আংলং জিলাৰ। আন কেইখন আক্রান্ত জিলা হৈছে ক্ৰমে ডিমা হাছাও (৪৯ জন), কামৰূপ মহানগৰ (৩৩ জন), কামৰূপ (২৫ জন) আৰু যোৰহাটৰ (১৯ জন)। যোৱা বছৰ ৰাজ্যত ডেংগু আক্রান্ত ২৭ জন ৰোগীৰ বিপৰীতে মৃত্যু হৈছিল দুজনৰ।  
 
মেলেৰিয়া ৰোগৰ প্রাদুর্ভাৱ সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কয় যে চলিত বছৰত এতিয়ালৈকে ২৪৪ জন তেনে ৰোগী ওলাইছে। মুখ্যতঃ তিনিখন জিলাত মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱ দেখা গৈছে। কোকৰাঝাৰত ৯৩ জন, কাছাৰত ২৮ জন আৰু ওদালগুৰিত ১৬ জন মেলেৰিয়া ৰোগী ধৰা পৰিছে। ২০২২ চনৰ ৩১ ডিচেম্বৰলৈকে ২৮০ জন মেলেৰিয়া ৰোগী ধৰা পৰিছিল। যোৱা তিনিবছৰ ৰাজ্যত মেলেৰিয়াত এজনো ৰোগীৰ মৃত্যু হোৱা নাই বুলি মন্ত্ৰীগৰাকীয়ে লগতে প্ৰকাশ কৰিছে।