গুৱাহাটীত সংঘটিত লোমহৰ্ষক হত্যাকাণ্ড; পত্নীক টুকুৰা-টুকুৰকৈ কাটি ফ্ৰীজত ভৰাই থ’লে ড্ৰাগছ আসক্ত স্বামীয়ে

Story by  atv | Posted by  Munni Begum • 2 h ago
পত্নীক টুকুৰা-টুকুৰকৈ কাটি ফ্ৰীজত ভৰাই থ’লে ড্ৰাগছ আসক্ত স্বামী ৰামানুজন গোস্বামীয়ে
পত্নীক টুকুৰা-টুকুৰকৈ কাটি ফ্ৰীজত ভৰাই থ’লে ড্ৰাগছ আসক্ত স্বামী ৰামানুজন গোস্বামীয়ে
 
গুৱাহাটী
 
গুৱাহাটী মহানগৰীৰ মাজমজিয়াত সংঘটিত হয় এক লোমহৰ্ষক হত্যাকাণ্ড৷ পত্নীক টুকুৰা-টুকুৰকৈ কাটি ড্ৰাগছ আসক্ত স্বামীয়ে ভৰাই থ’লে ফ্ৰীজত৷ বশিষ্ঠপুৰৰ ৪ নং বাইলেনৰ ১৪ নম্বৰ বাসগৃহত সংঘটিত এই চাঞ্চল্যকৰ হত্যাকাণ্ডই সমগ্ৰ মহানগৰী কঁপাই তুলিছে৷ 
 
তথ্য অনুসৰি, বেলতলা অঞ্চলৰ এটা ঘৰত এগৰাকী মহিলাৰ উলংগ তথা প্ৰায় গেলি যোৱা মৃতদেহ সোমবাৰে আৰক্ষীয়ে উদ্ধাৰ কৰে৷ মূৰবিহীন এই মৃতদেহটো আৰক্ষীয়ে উদ্ধাৰ কৰাৰ বিপৰীতে প্লাষ্টিকৰ বেগত মেৰিয়াই থোৱা অৱস্থাত মৃতদেহটোৰ মূৰ আৰু আঙুলি ফ্ৰীজৰ ভিতৰত পোৱা যায়। এই কথা সোমবাৰে আৰক্ষীয়ে সদৰী কৰিছে৷ 
 
ইতিমধ্যে এই হত্যাকাণ্ডৰ মূল অভিযুক্ত তথা মহিলাগৰাকীৰ স্বামী ৰামানুজন গোস্বামীয়ে দেওবাৰে নিশা দিছপুৰ থানাত আত্মসমৰ্পণ কৰে৷ সমগ্ৰ ঘটনাটো এনেধৰণৰ যে, বশিষ্ঠপুৰৰ অঞ্জলি গৃহ নামৰ এপাৰ্টমেণ্টটোৰ তৃতীয় মহলাত ডিঙি কটা অৱস্থাত ২৫ বছৰীয়া ৰিয়া তালুকদাৰৰ মৃতদেহ উদ্ধাৰ হৈছিল। 
 
স্বামী ৰামানুজন গোস্বামীয়ে অতি নৃশংসতাৰে ৰিয়াক হত্যা কৰিছে। ৰামানুজনে পত্নীৰ আঙুলি, মূৰ আদি কাটি ক’লা ৰঙৰ এটা পলিথিনত ভৰাই ফ্ৰীজত ৰাখিছিল৷ 
 
আনহাতে, শৰীৰৰ আনটো অংশ উলংগ অৱস্থাতে ঘৰৰ কোঠাত পৰি ৰৈছিল। এই নৃশংস হত্যাকাণ্ডটো সংঘটিত হোৱাৰ কেইবাঘণ্টাও অতিবাহিত হোৱাত লাহে লাহে গোন্ধ ওলাবলৈ ধৰে৷ অৱশ্যে বহু সময় পিছতহে প্ৰতিবেশীসকলে এই গোন্ধ পায় আৰু তেওঁলোকে তাৰ উৎস বিচাৰিবলৈ ধৰে৷ কিছু সময় ধৰি বিচাৰ-খোচাৰ কৰাৰ পিছত উৰহী গছৰ ওৰ ওলায়৷
 
পৰৱৰ্তী সময়ত প্ৰতিবেশীসকলে স্থানীয় আৰক্ষীক খবৰ দিয়ে৷ প্ৰতিবেশীৰ খবৰৰ ভিত্তিতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীয়ে ঘৰটোত প্ৰৱেশ কৰাৰ সময়ত মূল প্ৰৱেশদ্বাৰখন খোলা অৱস্থাত আছিল৷ লগতে ঘৰটোৰ মজিয়াত সকলো বস্তু সিঁচৰতি হৈ আছিল৷ লাইট, ফেন, এচি সকলো অন আছিল আৰু মজিয়াত নিথৰ অৱস্থাত ৰিয়া তালুকদাৰৰ মুৰবিহীন মৃতদেহটো পৰি আছিল৷
 
যোৱা শনিবাৰৰ পৰাই এই ঘৰটোত ভয়ংকৰ হুলস্থূল হোৱা বুলি প্ৰতিবেশীসকলে অভিযোগ উত্থাপন কৰিছে৷ সেই দিনটোত ঘৰটোৰ ভিতৰৰ পৰা কান্দোনৰ ৰোল ভাঁহি আহিছিল। অৱশ্যে প্ৰতিবেশীসকলে মাথোঁ ৰামানুজন গোস্বামীৰ মাত-কথাহে শুনা পাইছিল। সেই হুলস্থূলৰ সময়তো ঘৰটোৰ দৰ্জাত কোনোধৰণৰ হুক লগাই থোৱা হোৱা নাছিল। তাৰ সলনি মাত্ৰ এপাত মোজাৰে চেপা দি দুৱাৰখন বন্ধ কৰি ৰখা হৈছিল৷ একেটা দিনতে ৰামানুজন গোস্বামীয়ে নিজৰ চুলিৰ কাট সলনি কৰিছিল।
 
জানিব পৰা মতে, মৃত ৰিয়াৰ ঘৰ নুনমাটিত হোৱাৰ বিপৰীতে পেছাত এজন গাড়ীচালক তথা অভিযুক্ত ৰামানুজন গোস্বামীৰ ঘৰ ধুবুৰীৰ গৌৰীপুৰত৷ পৰিয়াল বুলিবলৈ পিতৃ-মাতৃহীন ৰিয়াৰ মাত্ৰ এজন ভায়েক আছে৷ ৰিয়াই দীৰ্ঘদিনৰে পৰা গুৱাহাটী মহানগৰীৰ ফাঁচীবজাৰস্থিত এচি মাৰ্কেটৰ এখন বুটিকত কাম কৰি আহিছিল৷ 
 
আনহাতে, তদন্তৰ বাবে ঘটনাস্থলীত উপস্থিত হোৱা এগৰাকী ফৰেনছিক বিষয়াই কয়, "মৃতদেহটো পচিবলৈ আৰম্ভ কৰাৰ পূৰ্বৰ ২৪-৪৮ ঘণ্টাত এই হত্যাকাণ্ড সংঘটিত হৈছে। আমি দা এখন পাইছোঁ। চৌপাশে তেজৰ চেকুৰা। ফ্ৰীজত মুৰতো থোৱা আছে। চৌপাশে সামগ্ৰী সিচঁৰতি হৈ আছে। এয়া এক হত্যাকাণ্ড।"
 
পত্নী হত্যাত অভিযুক্ত ৰামানুজন গোস্বামীয়ে এই কাণ্ডৰ পিছৰে পৰা পলাতক অৱস্থাত আছিল৷ অৱশ্যে পুৱতি নিশা দিছপুৰ থানাত অভিযুক্তই আত্মসমৰ্পণ কৰে৷ তাৰ পিছতেই হাতীগাঁও আৰক্ষীয়ে গোস্বামীক জিম্মাত লয়৷ ইতিমধ্যে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে৷ অৱশ্যে এই নৃশংস হত্যাকাণ্ডৰ আঁৰৰ কাৰণ এতিয়াও পোহৰলৈ অহা নাই৷