গুৱাহাটী
জুবিন গাৰ্গ গোচৰৰ সৈতে জড়িত পাঁচজন অভিযুক্ত ক্ৰমে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্ত, জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, সন্দিপন গাৰ্গ আৰু জুবিন গাৰ্গৰ দুই দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক আজি অৰ্থাৎ ১৫ অক্টোবৰত আদালতে ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে।
জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত এতিয়ালৈ গ্ৰেপ্তাৰ হোৱা ৭ অভিযুক্তৰ ভিতৰত ৫ অভিযুক্তক আৰক্ষীৰ জিম্মা শেষ হোৱাৰ লগে লগে কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হৈছিল।
জ্যেষ্ঠ অধিবক্তা প্ৰদীপ কোঁৱৰে সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত নিশ্চিত কৰে যে, কোনো অভিযুক্তই জামিনৰ বাবে আবেদন কৰা নাই। অৱশ্যে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ মছলপুৰৰ বাক্সা জিলা কাৰাগাৰলৈ বদলি হোৱাৰ সম্ভাৱনা আছে। তথাপিও তেওঁলোকক সাময়িকভাৱে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত ৰখাৰ ব্যৱস্থা কৰা হৈছে।
কৰ্তৃপক্ষই ইংগিত দিছে যে, চলি থকা তদন্ত এক গুৰুত্বপূৰ্ণ পৰ্যায়ত উপনীত হৈছে, আৰু এই সময়ছোৱাত আৰু অধিক জেৰাৰ সন্মুখীন কৰা হ’ব।