অভিনেতা ছলমান খান আৰু ভগ্নীলৈ চমন প্ৰেৰণ আদালতৰ

Story by  atv | Posted by  [email protected] • 1 d ago
অভিনেতা ছলমান খান আৰু ভগ্নীলৈ চমন প্ৰেৰণ আদালতৰ
অভিনেতা ছলমান খান আৰু ভগ্নীলৈ চমন প্ৰেৰণ আদালতৰ
 
নতুন দিল্লী
 
বলিউদ অভিনেতা ছলমান খান আৰু তেওঁৰ ভগ্নীলৈ আদালতৰ তৰফৰ পৰা চমন পঠিওৱা হৈছে। চণ্ডীগড়ৰ এখন জিলা আদালতে ছলমান খানৰ বীং হিউমেন ব্ৰেণ্ডৰ জুৱেলৰী শ্ব'ৰুম সম্পৰ্কীয় এক প্ৰৱঞ্চনাৰ গোচৰত অভিনেতাগৰাকীৰ লগতে তেওঁৰ ভগ্নী অলভিৰা খান অগ্নিহোত্ৰী আৰু ষ্টাইল এণ্ড কন্টেন্ট জুৱেলৰী প্ৰাইভেট লিমিটেডৰ সঞ্চালকসকললৈ এই চমন জাৰি কৰিছে।
 
আদালতে সকলো অভিযুক্তকে অহা ৫ অক্টোবৰত উপস্থিত হৈ অভিযোগ সন্দৰ্ভত নিজৰ উত্তৰ দাখিল কৰিবলৈ নিৰ্দেশ দিছে। চণ্ডীগড়ৰ ব্যৱসায়ী অৰুণ গুপ্তাই দাখিল কৰা এক অভিযোগৰ ভিত্তিত এই গোচৰটো ৰুজু কৰা হৈছে।
 
অভিযোগকাৰী ব্যৱসায়ীগৰাকীয়ে দাবী কৰা মতে, ভুৱা প্ৰতিশ্ৰুতিৰে তেওঁক মণিমাঝৰাত এখন বীং হিউমেনৰ গহনাৰ শ্ব'ৰুম খুলিবলৈ প্ৰলোভিত কৰা হৈছিল। যাৰ ফলত তেওঁৰ কেইবা কোটি টকাৰ লোকচান হয়।
 
অভিযোগ অনুসৰি, বীং হিউমেন জুৱেলৰী বিক্ৰীৰ অনুজ্ঞাপত্ৰ থকা ষ্টাইল এণ্ড কন্টেন্ট জুৱেলৰী প্ৰাইভেট লিমিটেডৰ সৈতে চুক্তি কৰাৰ পাছত গুপ্তাই শ্ব'ৰুমটো স্থাপনৰ বাবে প্ৰায় ৩ কোটি টকা বিনিয়োগ কৰিছিল। কেৱল শ্ব'ৰুমটো সাজি তোলাতেই প্ৰায় ১ কোটি টকা খৰচ হৈছিল আৰু তেওঁ কোম্পানীটোৰ সকলো চৰ্ত মানি চলিছিল।
 
কিন্তু অভিযোগকাৰীয়ে জনায় যে শ্ব'ৰুমটো আৰম্ভ হোৱাৰ পাছত কোম্পানীয়ে প্ৰতিশ্ৰুতি অনুসৰি ব্যৱসায়িক সাহায্য প্ৰদান কৰাত ব্যৰ্থ হয়। তদুপৰি, গহনা যোগান ধৰিবলগীয়া দোকানখন ২০২০ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰাই বন্ধ হৈ থকাৰ ফলত সামগ্ৰীৰ যোগান ব্যাহত হয়।