পৃথিৱীক বিদায় জনাই সূৰ্য অভিমুখে যাত্ৰা আৰম্ভ কৰিছে ‘আদিত্য এল-১’এ

Story by  atv | Posted by  [email protected] • 1 Years ago
পৃথিৱীক বিদায় জনাই সূৰ্য অভিমুখে যাত্ৰা আৰম্ভ কৰিছে ‘আদিত্য এল-১’এ
পৃথিৱীক বিদায় জনাই সূৰ্য অভিমুখে যাত্ৰা আৰম্ভ কৰিছে ‘আদিত্য এল-১’এ

বেংগালুৰু

চাৰিবাৰকৈ পৃথিৱীক প্রদক্ষিণ কৰাৰ পাছত কাৰ্যতঃ সূর্য অভিমুখী যাত্ৰা আৰম্ভ কৰিলে ভাৰতৰ প্ৰথমখন সূর্যমুখী মহাকাশযান ‘আদিত্য এল-১’এ। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৱে ‘আদিত্য এল-১’ক পৃথিৱীৰ কক্ষপথৰপৰা পূৰ্ব নিৰ্দ্ধাৰিত গন্তব্য স্থান লেগৰেঞ্জ পইণ্টলৈ প্ৰেৰণ প্ৰক্ৰিয়া সফলতাৰে সম্পন্ন কৰে।

ইয়াৰ বাবে মহাকাশযানখনৰ ‘থ্ৰাষ্টাৰ’ অলপ সময়ৰ বাবে জ্বলোৱা হৈছিল। ‘আদিত্য এল-১’ক লেগৰেঞ্জ পইণ্টলৈ প্ৰেৰণ প্ৰক্ৰিয়াটোক ইছৰোৱে ‘ট্রান্স লেগৰেঞ্জিয়ান পইণ্ট-১ ইনজাৰ্চন' হিচাপে অভিহিত কৰিছে। ইয়াৰ পাছতেই মহাকাশ যানখনে ১৫ লাখ কিলোমিটাৰৰ সুদীৰ্ঘ যাত্ৰা আৰম্ভ কৰে। ১১০ দিনীয়া যাত্ৰাৰ অন্তত ২০২৪ চনৰ জানুৱাৰীত গন্তব্য স্থান লেগৰেঞ্জ পইণ্ট-১ পাবগৈ আদিত্য এল-১।

দেশৰ প্ৰথম সূৰ্য অভিযানটোৰ গুৰুত্বপূৰ্ণ ‘ট্রান্স লেগৰেঞ্জিয়ান পইণ্ট-১ ইনজাৰ্চন' প্ৰক্ৰিয়াটো সফলতাৰে সম্পন্ন কৰাৰ পূৰ্বে সোমবাৰে ইছৰোৱে সদৰি কৰিছিল যে ‘আদিত্য এল-১’-এ ইতিমধ্যে বৈজ্ঞানিক তথ্য সংগ্ৰহ কৰিবলৈ লৈছে। মহাকাশযানখনত থকা ‘ছুপা থার্মেল এণ্ড এনাৰজেটিক পার্টিকল স্পেক্ট্ৰ'মিটাৰ’ চমুকৈ ‘ষ্টেপছ’ নামৰ যন্ত্ৰটো যোৱা ১০ ছেপ্টেম্বৰতে পৃথিৱীৰপৰা ৫০,০০০ কিলোমিটাৰ দূৰত্বত সক্ৰিয় কৰা হৈছিল। এই যন্ত্ৰটোৰ জৰিয়তে সূর্য পৃষ্ঠত হোৱা সৌৰ ধুমুহা আৰু মহাকাশৰ পৰিৱেশ সম্পৰ্কীয় তথ্য লাভ কৰা হৈছে।