বাক্সাৰ অগ্নিগৰ্ভা পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সান্ধ্য-আইন জাৰি প্ৰশাসনৰ; সাময়িকভাৱে বন্ধ ইণ্টাৰনেট আৰু মোবাইল ডাটা সেৱা

Story by  atv | Posted by  Munni Begum • 4 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
গুৱাহাটী
 
জুবিন গাৰ্গৰ মৃত্যুৰ অন্যতম অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাসহ পাঁচগৰাকী অভিযুক্তক কাৰাগাৰলৈ লৈ যোৱাৰ সময়তে অগ্নিগৰ্ভা পৰিস্থিতিৰ সৃষ্টি হয় বাক্সাৰ নৱনিৰ্মিত জিলা কাৰাগাৰৰ সন্মুখভাগ। একাংশ জুবিন অনুৰাগীৰ ক্ষোভ আৰু প্ৰতিবাদে এসময়ত হিংসাত্মক ৰূপ  ধাৰন কৰে। 
 
এই অগ্নিগৰ্ভা পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে বাক্সা জিলাৰ দণ্ডাধীশ গৌতম দাসে ১৬৩ বিএনএছএছ ধাৰাৰ অধীনত সান্ধ্য-আইন জাৰি কৰিছে। ইফালে উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত জিলাখনলৈ প্ৰেৰণ কৰা হৈছে অতিৰিক্ত বাহিনী। পাৰ্শ্বৱৰ্তী জিলাকেইখনৰ পৰা বাক্সালৈ অতিৰিক্ত আৰক্ষীকে ধৰি অৰ্ধসামৰিক বাহিনী প্ৰেৰণ কৰা হৈছে। 
 
১৫ অক্টোবৰৰ পৰা তৎক্ষণিকভাৱে কাৰ্যকৰী হোৱা এই নিৰ্দেশনাত মুছলপুৰৰ বাক্সা জিলা কাৰাগাৰৰ পৰা ৫০০ মিটাৰৰ ভিতৰত সকলো ধৰণৰ সমাৱেশ আৰু কাৰ্যকলাপ নিষিদ্ধ কৰা হৈছে। প্ৰতিবাদকাৰীয়ে আৰক্ষীৰ কনভয়ত শিলগুটি নিক্ষেপ কৰি এগৰাকী মহিলা বিষয়া আহত কৰাৰ লগতে যান-বাহনৰ ক্ষতিসাধন কৰাৰ পিছতে এই নিষেধাজ্ঞা আৰোপ কৰা হৈছে। 
 
দণ্ডাধীশগৰাকীয়ে আনুষ্ঠানিক নিৰ্দেশনাৰ জৰিয়তে "বক্সাৰ জিলা কাৰাগাৰত দেখা পোৱা অশান্তিৰ পৰিস্থিতিৰ বাবে জনশান্তি আৰু শান্তি ভংগ" কৰাৰ বাবে উদ্বেগ প্ৰকাশ কৰিছে।
 
জিলাখনত জাৰি কৰা নিষেধাজ্ঞামূলক ব্যৱস্থাৰ অধীনত নিৰ্দিষ্ট পৰিধিৰ ভিতৰত কোনো লোকে লাঠি, ডেগাৰ,  বৰশী, আৰু তৰোৱালকে ধৰি মাৰাত্মক অস্ত্ৰ কঢ়িয়াই নিয়াত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ৰাজহুৱা সভা, শোভাযাত্ৰা, বিক্ষোভ, ধৰ্মঘট, অনশন, ধৰ্ণা, শ্লোগান ধ্বনি আদিও নিষিদ্ধ কৰা হৈছে। এই আদেশত বিশেষভাৱে ৰাজহুৱা পথ, ঘাইপথ, আৰু ফুটপাথত জন সমাবেশত বাধাৰ দিয়াৰ লগতে স্বাভাৱিক যাতায়তৰ গতিবিধিও নিষিদ্ধ কৰা হৈছে। 
 
ইয়াৰ উপৰিও এই নিৰ্দেশনাত পথচাৰীৰ ফালে বা চলন্ত বাহনৰ ফালে ৰাজপথত শিলগুটি নিক্ষেপ, ফটকাৰ ফুটুৱা বা অন্যান্য জ্বলনশীল সামগ্ৰী নিষিদ্ধ কৰা হৈছে। পৰিস্থিতিৰ প্ৰয়োজনীয়তাৰ ওপৰত লক্ষ্য ৰাখিহে এই আদেশ ১৬৩ বিএনএছএছ ধাৰাত সান্ধ্য-আইন গৃহীত কৰা হৈছে আৰু কোনো লোকে উলংঘা কৰিলে আইনৰ প্ৰাসংগিক বিধানৰ অধীনত শাস্তি বিহা হ’ব। 
 
বৰ্তমান কাৰাগাৰ চৌহদৰ পৰিস্থিতি নিয়ন্ত্ৰণত আছে, যদিও ভিতৰতে কঠোৰ চোৰাংচোৱাগিৰি আৰু বিশেষ নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। জিলাখনৰ সকলো থানা আৰু আউটপোষ্টৰ জৰিয়তে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ এই নিৰ্দেশ বলৱৎ কৰিবলৈ বাক্সা আৰক্ষী অধীক্ষকক নিৰ্দেশ দিয়া হৈছে। পৰৱৰ্তী জাননী নিদিয়ালৈকে এই আদেশ বলৱৎ থাকিব, যদিও ক্ষতিগ্ৰস্ত পক্ষই পৰিৱৰ্তন বা ৰেহাইৰ বাবে কৰ্তৃপক্ষৰ কাষ চাপিব পাৰে। 
 
আনহাতে, এই হিংসাত্মক প্ৰতিবাদৰ পিছত অসম চৰকাৰে সমগ্ৰ বাক্সা জিলাত ইণ্টাৰনেট আৰু মোবাইল ডাটা সেৱা সাময়িকভাৱে বন্ধ কৰি দিয়ে। চৰকাৰে অতিৰিক্ত মুখ্য সচিব অজয় ​​তেৱাৰীৰ জৰিয়তে ভাৰতীয় টেলিগ্ৰাফ আইন, ১৮৮৫ৰ ধাৰা ৫(২) আৰু টেলিকম সেৱাৰ অস্থায়ী নিলম্বন (ৰাজহুৱা জৰুৰীকালীন বা জনসাধাৰণৰ সুৰক্ষা) নিয়ম, ২০১৭ৰ আৰোপ কৰি এক অধিসূচনা জাৰি কৰিছে।
 
এই আদেশ অনুসৰি সমগ্ৰ বাক্সা জিলাৰ সকলো সেৱা প্ৰদানকাৰীৰ পৰা ইণ্টাৰনেট আৰু মোবাইল ডাটা সেৱা তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ নিষিদ্ধ কৰা হৈছে, আনহাতে ফিক্সড লাইনৰ জৰিয়তে ভইচ কল আৰু ব্ৰডবেণ্ড কাৰ্যক্ষম হৈ আছে।
 
জাননীখনত ছ’চিয়েল মিডিয়া আৰু ইণ্টাৰনেটৰ সহায়ত প্ৰজ্বলনমূলক বাৰ্তা বা উৰাবাতৰি বিয়পাব পৰাৰ গুৰুতৰ আশংকা উল্লেখ কৰা হৈছে, যাৰ ফলত পৰিস্থিতি আৰু অধিক ভয়াৱহ হৈ পৰিছে। ইয়াত সকীয়াই দিয়া হৈছে যে, এই আদেশ উলংঘা কৰিলে ভাৰতীয় ন্যায় সংহিতা, ২০২৩ৰ ২২৩ ধাৰা, আৰু ভাৰতীয় টেলিগ্ৰাফ আইনৰ প্ৰাসংগিক বিধানৰ অধীনত শাস্তি প্ৰদান কৰা হ’ব।
 
পৰিস্থিতিৰ ওপৰত কঠোৰ নজৰ ৰখাৰ বাবে কৰ্তৃপক্ষই নাগৰিকসকলক শান্তি বজাই ৰাখিবলৈ আৰু আইন প্ৰয়োগকাৰী সংস্থাৰ সৈতে সহযোগিতা কৰিবলৈ আহ্বান জনাইছে।