৩ ঘণ্টাৰ ভিতৰত সামাজিক মাধ্যমৰ প্লেটফৰ্মসমূহৰ পৰা AI সৃষ্ট ভুৱা বা বিভ্ৰান্তিকৰ সমল আঁতৰাব লাগিব: নিৰ্বাচন আয়োগ

Story by  atv | Posted by  Munni Begum • 2 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
নতুন দিল্লী 
 
চলিত বছৰত দেশৰ কেইবাখনো ৰাজ্যত সাধাৰণ নিৰ্বাচন আৰু উপ নিৰ্বাচন অনুষ্ঠিত হৈছে । অসম, কেৰালা  আৰু পুডুচেৰীত ইতিমধ্যে ৯ এপ্ৰিলত ভোটগ্ৰহণ হৈ গৈছে। তামিলনাডু আৰু পশ্চিমবংগত ২৩ এপ্ৰিলৰ পৰা ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। একেদৰে উপ নিৰ্বাচনো কিছু কিছু ৰাজ্যত হৈ গৈছে আৰু একাংশ ৰাজ্যত হ'বলৈ বাকী আছে। অহা ৪ মে'ত নিৰ্বাচনৰ ফলাফল ঘোষণা হ'ব।
 
নিৰ্বাচনবোৰ চলি থকাৰ মাজতে ভাৰতৰ নিৰ্বাচন আয়োগে সামাজিক মাধ্যম আৰু ডিজিটেল প্লেটফৰ্ম ব্যৱহাৰৰ ক্ষেত্ৰত কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। নিৰ্বাচন আয়োগে একপ্ৰকাৰ সকীয়াই দিছে যে, সকলো ৰাজনৈতিক দল, প্ৰাৰ্থী আৰু তেওঁলোকৰ সৈতে সম্পৰ্কিত পক্ষই অতি দায়িত্বশীল আৰু নৈতিকতাৰে এই মাধ্যমসমূহ ব্যৱহাৰ কৰিব লাগিব। লগতে বিধিগত আইনসমূহো মানি চলিব লাগিব।
 
 
বিশেষকৈ এআই সৃষ্ট সমলৰ ওপৰত চোকা দৃষ্টি ৰাখিছে নিৰ্বাচন আয়োগে। নিৰ্বাচন আয়োগে এক বিবৃতিত স্পষ্ট নিৰ্দেশনা দিছে যে এআই সৃষ্ট যিকোনো ভুৱা বা বিভ্ৰান্তিকৰ সমল চিনাক্ত হোৱাৰ পাছত সামাজিক মাধ্যমৰ প্লেটফৰ্মসমূহে ৩ ঘণ্টাৰ ভিতৰত সেই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। নিৰ্বাচনী প্ৰক্ৰিয়াত প্ৰভাৱ পেলাব পৰা যিকোনো বিষয়বস্তুক গুৰুত্বসহকাৰে লৈছে বুলি নিৰ্বাচন আয়োগে উল্লেখ কৰিছে।
 
একেদৰে নিৰ্বাচনী প্ৰচাৰত ব্যৱহৃত যিকোনো এআই সৃষ্ট সমলত স্পষ্টভাৱে 'AI-Generated' বা 'Digitally Enhanced' বা 'Synthetic Content' বুলি উল্লেখ কৰাৰ লগতে তাৰ উৎসৰ তথ্যও দিবলৈ নিৰ্বাচন আয়োগে নিৰ্দেশ দিছে।
 
নিৰ্বাচন আয়োগে উল্লেখ কৰা মতে, কেইবাখনো ৰাজ্যত চলি থকা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি সামাজিক মাধ্যমৰ বিষয়বস্তুৰ ওপৰত আয়োগে কঠোৰভাৱে নজৰ ৰাখিছে। নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰা, আইন-শৃংখলা পৰিস্থিতি বিঘ্নিত কৰিব পৰা বা ভোটদান প্ৰক্ৰিয়া সম্পৰ্কে ভুৱা প্ৰচাৰ চলোৱা বিষয়বস্তু চিনাক্ত কৰি ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলিও নিৰ্বাচন আয়োগে নিশ্চিত কৰিছে।
 
দেওবাৰে ভাৰতৰ নিৰ্বাচন আয়োগে প্ৰকাশ কৰা এক বিবৃতি অনুসৰি ১৫ মাৰ্চত নিৰ্বাচনৰ দিন ঘোষণাৰ পিছৰে পৰা এতিয়ালৈকে ১১ হাজাৰৰো অধিক সামাজিক মাধ্যমৰ পোষ্ট আৰু ইউআৰএল চিনাক্ত কৰি আঁতৰোৱাৰ লগতে আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
 
উল্লেখ্য যে, জনসাধাৰণ প্ৰতিনিধিত্ব আইন,১৯৫১ৰ ধাৰা ১২৬ অনুসৰি ভোটগ্ৰহণ শেষ হোৱাৰ পূৰ্বৰ ৪৮ ঘণ্টাৰ সময়ছোৱাত যিকোনো ধৰণৰ নিৰ্বাচনী প্ৰচাৰৰ বিষয়বস্তু নিষিদ্ধ। টেলিভিছন, ৰেডিঅ', প্ৰিণ্ট আৰু সামাজিক মাধ্যমত এই নিয়ম প্ৰযোজ্য। আনহাতে নাগৰিকসকলে চি-ভিজিল এপৰ জৰিয়তেও নিৰ্বাচনী আচৰণ বিধি উলংঘনৰ অভিযোগ দাখিল কৰিব পাৰে।
 
নিৰ্বাচন আয়োগে দিয়া তথ্য অনুসৰি ১৫ মাৰ্চৰ পৰা ১৯ এপ্ৰিললৈ এই এপৰ জৰিয়তে প্ৰায় ৩,২৩,০৯৯ টা অভিযোগ দাখিল কৰা হৈছে। তাৰ ভিতৰত ৯৬.০১ শতাংশ অভিযোগ নিৰ্ধাৰিত ১০০ মিনিটৰ ভিতৰত নিষ্পত্তি কৰা হৈছে বুলিও নিৰ্বাচন আয়োগে জনাইছে। প্ৰেছ বিবৃতিত নিৰ্বাচন আয়োগে এই কথাও স্পষ্ট কৰি দিছে যে, এই পদক্ষেপবোৰৰ লক্ষ্য হৈছে নিৰ্বাচনী প্ৰক্ৰিয়াত স্বচ্ছতা আৰু বিশ্বাসযোগ্যতা বজাই ৰখা।