এহছান ফাজিলি / শ্ৰীনগৰ
জীৱনত কিবা এটা অসাধাৰণ কাম কৰাৰ সপোন বহুতৰে থাকে, কিন্তু সেই সপোনক বাস্তৱ ৰূপ দিয়াৰ সাহস আৰু একাগ্ৰতা খুব কম লোকৰহে থাকে। ২০১৩ বৰ্ষৰ পঞ্জাৱ কেডাৰৰ IAS বিষয়া তথা এগৰাকী বিশিষ্ট অসামৰিক সেৱা বিষয়া ডাঃ ছৈয়দ ছেহৰিশ আছগৰ বিগত বছৰবোৰত অসামৰিক সেৱাত যোগদান কৰিব বিচৰা প্ৰাৰ্থীসকলৰ বাবে, বিশেষকৈ জম্মু-কাশ্মীৰৰ লগতে সমগ্ৰ দেশৰ যুৱতীসকলৰ বাবে এক আদৰ্শ হৈ পৰিছে। জম্মুৰ বাত্ৰা মেডিকেল কলেজৰ পৰা MBBS ডিগ্ৰী লাভ কৰা ডাঃ আছগৰে সমাজ সেৱা কৰাৰ প্ৰেৰণা তেওঁৰ পিতৃ ছৈয়দ আছগৰৰ পৰা লাভ কৰিছিল, যিগৰাকী স্বয়ং জম্মু-কাশ্মীৰ চৰকাৰৰ এগৰাকী জ্যেষ্ঠ KAS বিষয়া আছিল।
অসামৰিক সেৱাত যোগদানৰ প্ৰথমটো প্ৰচেষ্টাতেই ডাঃ ছেহৰিশে ২০১০ চনত জম্মু-কাশ্মীৰ প্ৰশাসনিক সেৱা পৰীক্ষাত উত্তীৰ্ণ হৈছিল। তেওঁ কেৱল এই পৰীক্ষাত শীৰ্ষস্থান দখল কৰাই নহয়, এই পদত অধিষ্ঠিত হোৱা প্ৰথমগৰাকী মহিলা হোৱাৰ গৌৰৱো অৰ্জন কৰে। অৱশ্যে, অধিক উচ্চতাত উপনীত হোৱাৰ প্ৰবল হেঁপাহৰ বাবে তেওঁ UPSC পৰীক্ষাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখে। দ্বিতীয়টো প্ৰচেষ্টাতে তেওঁ সৰ্বভাৰতীয় পৰ্যায়ত ১১৮ সংখ্যক স্থান লাভ কৰি ২০১৩ চনত অসামৰিক সেৱাত যোগদান কৰে। ইয়াৰ এবছৰ পূৰ্বে, অৰ্থাৎ প্ৰথমটো প্ৰচেষ্টাত তেওঁ IPS পৰীক্ষাত উত্তীৰ্ণ হয় আৰু কাশ্মীৰৰ বাডগামত অতিৰিক্ত আৰক্ষী অধীক্ষক হিচাপে যোগদান কৰে।
জম্মু-কাশ্মীৰ চৰকাৰৰ বিভিন্ন গুৰুত্বপূৰ্ণ পদত সেৱা আগবঢ়োৱাৰ পাছত চলিত বৰ্ষৰ জানুৱাৰী মাহত তেওঁ পঞ্জাৱৰ পানী যোগান আৰু অনাময় বিভাগৰ প্ৰশাসনিক সচিব আৰু বিভাগীয় মুৰব্বী হিচাপে দায়িত্ব গ্ৰহণ কৰে।
জম্মু-কাশ্মীৰত তেওঁৰ অন্যান্য কৰ্মক্ষেত্ৰসমূহৰ ভিতৰত তেওঁ বাৰামুলা আৰু বাডগাম জিলাৰ উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৭৯ চনত বাডগাম এখন জিলা হিচাপে গঠিত হোৱাৰ পাছত তেওঁৱেই আছিল জিলাখনৰ প্ৰথমগৰাকী মহিলা উপায়ুক্ত। তেওঁ ২০১৮ চনৰ জুন মাহত বাডগামৰ উপায়ুক্ত হিচাপে যোগদান কৰিছিল আৰু পাছত জম্মু-কাশ্মীৰ গ্ৰাম্য জীৱিকা অভিযানৰ মিছন ডাইৰেক্টৰ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। এই পদত থাকোঁতে তেওঁ আত্মসহায়ক গোট (SHG)ৰ জৰিয়তে গ্ৰাম্য মহিলাসকলক সৱলীকৰণ কৰাৰ উদ্দেশ্যে 'সাথ' (SAATH - Together for Better Tomorrow) নামৰ এক কাৰ্যসূচী আৰম্ভ কৰিছিল। এই কাৰ্যসূচীৰ অধীনত পাঁচ লাখৰো অধিক মহিলাক ৬০,০০০ আত্মসহায়ক গোটৰ সৈতে সংযোগ কৰা হৈছিল আৰু গ্ৰাম্য মহিলা উদ্যোগীসকলৰ বাবে ১১৬১ কোটি টকাৰ পুঁজি সংগ্ৰহ কৰা হৈছিল।
তেওঁ ২০২২ চনৰ পৰা ২০২৪ চনৰ জানুৱাৰী মাহলৈকে বাৰামুলাৰ উপায়ুক্ত হিচাপে সেৱা আগবঢ়াইছিল। ২০২৪ চনৰ জানুৱাৰী মাহত তেওঁ ৰাজহুৱা অভিযোগ বিভাগৰ প্ৰশাসনিক সচিব আৰু জম্মু-কাশ্মীৰ অৰ্থনৈতিক পুনৰ্গঠন সংস্থাৰ মুখ্য কাৰ্যবাহী বিষয়াৰ দায়িত্ব গ্ৰহণ কৰি ২০২৬ চনৰ জানুৱাৰীলৈকে এই পদত অধিষ্ঠিত থাকে। কৰ্মজীৱনত তেওঁ জম্মু-কাশ্মীৰ চৰকাৰৰ তথ্য সঞ্চালক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।
ডাঃ ছৈয়দ ছেহৰিশ আছগৰ
ইয়াৰ পূৰ্বে ডাঃ ছেহৰিশ আছগৰে পঞ্জাৱত গুৰদাসপুৰৰ মহকুমাধিপতি আৰু পঞ্জাবৰ অতিৰিক্ত উপায়ুক্তকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত হৈছিল। ইয়াৰ উপৰি কেন্দ্ৰীয় ডেপুটেচনত তেওঁ বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয় আৰু পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়তো কাৰ্যনিৰ্বাহ কৰিছিল।
১৯৮৬ চনৰ ১ জুনত জন্মগ্ৰহণ কৰা ডাঃ আছগৰে জম্মুৰ প্ৰেজেনটেচন কনভেণ্টৰ পৰা বিদ্যালয়ৰ শিক্ষা গ্ৰহণ কৰিছিল। তেওঁ সকলো পৰীক্ষাতেই শীৰ্ষস্থান লাভ কৰাৰ লগতে জম্মুৰ বাত্ৰা মেডিকেল কলেজৰ পৰা MBBS পৰীক্ষাতো শীৰ্ষস্থান লাভ কৰিছিল। তদুপৰি, তেওঁ ২০১০ চনৰ KAS পৰীক্ষাতো প্ৰথম স্থান অধিকাৰ কৰিছিল।
বাৰামুলাৰ 'আকাংক্ষিত জিলা কাৰ্যসূচী'ত আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ স্বীকৃতি স্বৰূপে তেওঁক ২০২৩ চনত অসামৰিক সেৱাত উৎকৃষ্টতাৰ বাবে প্ৰধানমন্ত্ৰীৰ বঁটাৰে সন্মানিত কৰা হয়।
ডাঃ ছেহৰিশৰ বিবাহ কাশ্মীৰৰ আন এগৰাকী আই এ এছ বিষয়া (AGMUT-2010 বেটছ) ডাঃ ছৈয়দ আবিদ ৰছিদ শ্বাহৰ সৈতে সম্পন্ন হয়। ডাঃ শ্বাহেও শ্ৰীনগৰ আৰু অনন্তনাগ জিলাৰ উপায়ুক্ত তথা স্বাস্থ্য আৰু চিকিৎসা শিক্ষা বিভাগৰ সচিবকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ পদত কাৰ্যনিৰ্বাহ কৰিছে। শেহতীয়াকৈ চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত তেওঁক চণ্ডীগড়লৈ বদলি কৰা হয়।