গুৱাহাটী চাহ নিলাম কেন্দ্ৰত গুণগত চাহৰ মূল্যৰ বাবে নতুন মাপকাঠী

Story by  atv | Posted by  Munni Begum • 1 Months ago
গুৱাহাটী চাহ নিলাম কেন্দ্ৰ
গুৱাহাটী চাহ নিলাম কেন্দ্ৰ
 
গুৱাহাটী
 
গুৱাহাটীৰ চাহ নিলাম কেন্দ্ৰ (GTAC)-এ আন এক ঐতিহাসিক খ্যাতি অৰ্জন কৰিছে। শেহতীয়া নিলামসমূহত কেইবাখনো চাহ বাগিচাই অভিলেখমূলক মূল্য লাভ কৰি প্ৰিমিয়াম মানদণ্ডৰ চাহৰ এক আগশাৰীৰ বজাৰ হিচাপে ইয়াৰ সুনাম অধিক সুদৃঢ় কৰিছে। 
 
দিনেশ বিহানীৰ মতে, ঢেকীয়াজুলি চাহ বাগিচাৰ এক প্ৰিমিয়াম মানৰ CTC পাতৰ চালান প্ৰতি কিলোগ্ৰামত ১,১০৩ টকাত বিক্ৰী হয়। একে বাগিচাৰ আন এটা চালানে প্ৰতি কিলোগ্ৰামত ৯৭৩ টকা মূল্য লাভ কৰে, যিয়ে উচ্চমানৰ চাহৰ প্ৰতি ক্ৰেতাসকলৰ দৃঢ় আস্থা আৰু চাহিদাক প্ৰতিফলিত কৰে।
 
ঢেকীয়াজুলি চাহ বাগিচাৰ ৰ মালিকানাধীন পেৰী এগ্ৰো ইণ্ডাষ্ট্ৰীয়ে সদায়েই প্ৰিমিয়াম মানৰ চাহ উৎপাদনত গুৰুত্ব আৰোপ কৰি আহিছে। কোম্পানীটোৰ এছ’চিয়েট ভাইচ প্ৰেছিডেণ্ট (মাৰ্কেটিং) জো লুইছে কয় যে, গুণগত মানৰ ওপৰত কোম্পানীটোৰ দীৰ্ঘম্যাদী গুৰুত্ব এতিয়া শক্তিশালী নিলাম ফলাফলৰ জৰিয়তে প্ৰতিফলিত হ’বলৈ আৰম্ভ কৰিছে।
 
আন এক উল্লেখযোগ্য সাফল্য হিচাপে,ছ’টাই চাহ বাগিচাৰ চাহে প্ৰতি কিলোগ্ৰামত ৮৮৯ টকা মূল্য লাভ কৰে, যি বাগিচাখনৰ ইতিহাসত সৰ্বোচ্চ মূল্য।
 
বিহানীয়ে উল্লেখ কৰে যে ২৩ নং বিক্ৰীৰ সময়ত প্ৰতি কেজি ৪০০ টকাৰ ওপৰত ৬৫ হাজাৰ কিলোগ্ৰামতকৈ অধিক চাহ বিক্ৰী হৈছিল, যিয়ে ক্ৰেতা আৰু বিক্ৰেতাৰ মাজত গুণগত চাহৰ প্ৰতি ক্ৰমাৎ বৃদ্ধি পোৱা প্ৰশংসাক উজ্জ্বল কৰি তুলিছে।
 
অসম চৰকাৰৰ পৰাও চাহ খণ্ডই সহযোগিতা লাভ কৰিছে, শেহতীয়াকৈ গতানুগতিক চাহ নিৰ্মাতাসকলৰ বাবে প্ৰতি কেজি ১৫ টকা ৰাজসাহায্য ঘোষণা কৰি এই ছেগমেণ্টৰ বৃদ্ধিৰ বাবে উৎসাহিত কৰিছে। 
 
বৰ্তমান বিশ্বৰ দ্বিতীয় বৃহত্তম চিটিচি চাহ নিলাম কেন্দ্ৰ হিচাপে পৰিগণিত জিটিএচিয়েএ অৰ্থডক্স চাহৰ বজাৰত নিজৰ উপস্থিতি অধিক বিস্তাৰৰ লক্ষ্য লৈছে। উদ্যোগটোৰ অংশীদাৰসকলৰ বিশ্বাস যে, ইয়াৰ ফলত অধিক ৰপ্তানিকাৰক ক্ৰেতাক আকৰ্ষিত হ’ব আৰু নিলাম মঞ্চৰ জৰিয়তে অধিক প্ৰত্যক্ষ ৰপ্তানি সহজসাধ্য হ’ব। 
 
অভিলেখমূলক মূল্য আৰু ক্ৰমবৰ্ধমান আন্তঃৰাষ্ট্ৰীয় আগ্ৰহৰ মাজতে জিটিএচিয়ে গুণগত মানসম্পন্ন চাহৰ এক প্ৰধান বৈশ্বিক কেন্দ্ৰ হিচাপে নিজৰ স্থিতি অধিক শক্তিশালী কৰি তুলিছে, যাৰ ফলত চাহ খেতিয়ক, ক্ৰেতা আৰু সামগ্ৰিকভাৱে চাহ উদ্যোগ উপকৃত হৈছে।


শেহতীয়া খবৰ