কোহিমা
নাগালেণ্ডৰ জনপ্ৰিয় পৰ্যটনস্থলী জুকৌ উপত্যকা (Dzükou Valley)লৈ ট্ৰেকিং কৰিবলৈ গৈ ভয়ংকৰ দুৰ্ঘটনাৰ সন্মুখীন হ'ল গুৱাহাটীৰ এজন ১৯ বছৰীয়া পৰ্যটক। হিছাহেতুক দাস নামৰ যুৱকজন ট্ৰেকিং পথৰ পৰা প্ৰায় ১০০ ফুট দ খাৱৈলৈ পিছলি পৰে। কিন্তু স্থানীয় প্ৰশিক্ষিত ট্যুৰ গাইড আৰু যুৱ স্বেচ্ছাসেৱকৰ ক্ষিপ্ৰ আৰু দুঃসাহসিক উদ্ধাৰ অভিযানৰ ফলত তেওঁৰ প্ৰাণ ৰক্ষা পৰে।
জানিব পৰা মতে, ১৮ জুলাই দুপৰীয়া প্ৰায় ৩ বজাত নাগালেণ্ডৰ ভিছৱেমা (Viswema) অঞ্চলৰ খিয়োকেছা (Khiyokesa)ৰ তলৰ ট্ৰেকিং পথৰে জুকৌ উপত্যকাৰ অভিমুখে যাত্ৰা কৰি থকা সময়তে যুৱকজনৰ ভৰি পিছলি যায়। মুহূৰ্তৰ ভিতৰতে তেওঁ প্ৰায় ১০০ ফুট তললৈ বাগৰি পৰে।
ঘটনাৰ খবৰ পোৱাৰ লগে লগে বিশ্বেমা যুৱ সংগঠন আৰু জেড খেল বিশ্বেমা যুৱ সংগঠনৰ স্বেচ্ছাসেৱকৰ সহায়ত দক্ষিণ আংগামী ট্যুৰ গাইড কাউন্সিলৰ প্ৰশিক্ষিত সদস্যসকলে কঠিন ভূখণ্ডৰ মাজতো প্ৰচণ্ড বৰষুণ, পিছলীয়া শিল, থিয় পাহাৰ আৰু ঘন বাঁহনিৰে আৱৰি থকা অতি দুৰ্গম অঞ্চল অতিক্ৰম কৰি উদ্ধাৰকাৰী দলটোৱে আহত পৰ্যটকজনৰ ওচৰ পায়। বিপদসংকুল পৰিস্থিতিৰ মাজতো তেওঁলোকৰ সমন্বিত প্ৰচেষ্টাত আহত যুৱকজনক সুৰক্ষিতভাৱে উদ্ধাৰ কৰি পথলৈ উলিয়াই অনা হয়।
উদ্ধাৰৰ পিছত পৰ্যটকজনক কঢ়িয়াই নিয়াৰ বাবে কমিউনিটি হেল্থ চেণ্টাৰ (চি এইচ চি) বিশ্বেমাত এম্বুলেন্স নিয়োগ কৰাৰ বিপৰীতে কোহিমাৰ নগা হাস্পতাল কৰ্তৃপক্ষৰ জৰুৰীকালীন কৰ্মীয়ে চিকিৎসা প্ৰদান কৰে। বৰ্তমান তেওঁৰ স্বাস্থ্যৰ অৱস্থা সম্পৰ্কে অধিক তথ্য প্ৰকাশ কৰা হোৱা নাই।
এই সফল উদ্ধাৰ অভিযানৰ বাবে দক্ষিণ আংগামী ট্যুৰ গাইড কাউন্সিলে(SAYO) স্থানীয় ট্যুৰ গাইড, যুৱ স্বেচ্ছাসেৱক আৰু উদ্ধাৰকাৰী দলৰ শলাগ লয়।
ঘটনাৰ পিছত SAYO-এ সকলো পৰ্যটকক বিশেষ সতৰ্কবাণী জাৰি কৰি কয় যে, বিশেষকৈ বৰ্ষাকালত জুকৌ উপত্যকা বা অন্য পাহাৰীয়া ট্ৰেকিং পথত যাত্ৰা কৰাৰ সময়ত নিবন্ধিত স্থানীয় ট্যুৰ গাইডৰ সহায় লোৱা উচিত। ইয়াৰ ফলত দুৰ্ঘটনা ৰোধ কৰাৰ লগতে কোনো জৰুৰী পৰিস্থিতি সৃষ্টি হ'লেও দ্ৰুত উদ্ধাৰ অভিযান চলোৱা সহজ হয়।
প্ৰকৃতিৰ অপূৰ্ব সৌন্দৰ্যৰ বাবে জুকৌ উপত্যকাই প্ৰতিবছৰে হাজাৰ হাজাৰ পৰ্যটকক আকৰ্ষণ কৰে। কিন্তু বৰ্ষাকালত পিছলীয়া পথ, প্ৰচণ্ড বৰষুণ আৰু কুঁৱলীৰ বাবে এই পথ অধিক বিপদজনক হৈ পৰে। সেয়ে স্থানীয় প্ৰশাসন আৰু সংগঠনসমূহে পৰ্যটকসকলক সকলো সুৰক্ষা নীতি মানি চলিবলৈ আহ্বান জনাইছে।