প্ৰাক্তন এয়াৰ মাৰ্শ্বেল জিতেন্দ্ৰ মিশ্ৰক ৰাম মন্দিৰৰ মুখ্য কাৰ্যবাহী বিষয়াৰ দায়িত্ব
নতুন দিল্লী
অযোধ্যাৰ ঐতিহাসিক ৰাম মন্দিৰৰ প্ৰশাসনিক আৰু পৰিচালনা ব্যৱস্থাত এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন ঘটিছে। শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টে এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰি প্ৰাক্তন এয়াৰ মাৰ্শ্বাল জিতেন্দ্ৰ মিশ্ৰক মন্দিৰটোৰ প্ৰথমগৰাকী পূৰ্ণকালীন মুখ্য কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি প্ৰদান কৰিছে। ২০২৬ চনৰ ৩০ এপ্ৰিলত ভাৰতীয় বায়ুসেনাৰ পৰা আনুষ্ঠানিকভাৱে অৱসৰ গ্ৰহণ কৰাৰ পাছতেই তেওঁক এই গুৰুদায়িত্ব অৰ্পণ কৰা হয়।
মুখ্য কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি লাভ কৰা জিতেন্দ্ৰ মিশ্ৰই এতিয়াৰে পৰা ৰাম মন্দিৰ ট্ৰাষ্টৰ সামগ্ৰিক দৈনন্দিন প্ৰশাসন নিয়াৰিকৈ পৰিচালনা কৰিব। ইয়াৰ লগতে তেওঁ মন্দিৰৰ আৰ্থিক দিশ আৰু দেশ-বিদেশৰ পৰা অহা অগণন পুণ্যাৰ্থীৰ সুবিধাৰ্থে আগবঢ়োৱা বিভিন্ন সেৱাসমূহৰ প্ৰত্যক্ষ তদাৰক কৰিব। এই পদৰ বাবে তেওঁৰ প্ৰাৰম্ভিক কাৰ্যকাল তিনি বছৰ নিৰ্ধাৰণ কৰা হৈছে আৰু দায়িত্ব পালনৰ সময়ছোৱাত তেওঁ অযোধ্যাতেই স্থায়ীভাৱে বসবাস কৰিব লাগিব।
এই বিশেষ পদৱীটোৰ বাবে সমগ্ৰ দেশৰ পৰা ব্যাপক সঁহাৰি পৰিলক্ষিত হৈছিল, য'ত মুঠ ৫,৫৮৫ জন প্ৰাৰ্থীয়ে আবেদন দাখিল কৰিছিল। প্ৰাৰ্থীসকলৰ মাজৰ পৰা আটাইতকৈ উপযুক্তজনক বাছনি কৰিবলৈ এখন উচ্চস্তৰীয় তিনিজনীয়া বাছনি সমিতি গঠন কৰা হৈছিল। অৱসৰপ্ৰাপ্ত ন্যায়ধীশ প্ৰমোদ কোহলী, অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল বিষ্ণুকান্ত চতুৰ্বেদী আৰু দেশৰ বিশিষ্ট বিজ্ঞানী সুৰেশ হাৱাৰেৰে গঠিত এই সমিতিখনে কেইবাটাও পৰ্যায়ৰ কঠোৰ সোধ-পোছৰ অন্তত প্ৰাক্তন এয়াৰ মাৰ্শ্বেল জীতেন্দ্ৰ মিশ্ৰক এই গুৰুত্বপূৰ্ণ দায়িত্বৰ বাবে মনোনীত কৰে।
জিতেন্দ্ৰ মিশ্ৰৰ এক সুদীৰ্ঘ আৰু বৰ্ণাঢ্য সামৰিক ইতিহাস আছে। তেওঁ ভাৰতীয় বায়ু সেনাত প্ৰায় ৩৮-৩৯ বছৰ ধৰি নিষ্ঠাৰে সেৱা আগবঢ়াইছিল। নিজৰ কাৰ্যকালত তেওঁ বায়ু সেনাৰ ৱেষ্টাৰ্ন এয়াৰ কমাণ্ডৰ মুৰব্বী হিচাপেও দায়িত্ব পালন কৰিছিল। বিশেষকৈ 'অপাৰেচন সিন্দুৰ'ৰ সময়ত তেওঁ প্ৰদৰ্শন কৰা গুৰুত্বপূৰ্ণ নেতৃত্বৰ স্বীকৃতি স্বৰূপে তেওঁক সন্মানীয় 'সৰ্বোত্তম যুদ্ধ সেৱা পদক' প্ৰদান কৰা হৈছিল।
এনে এক গৌৰৱোজ্জ্বল সামৰিক কেৰিয়াৰৰ অন্তত আধ্যাত্মিক জগতৰ সৈতে জড়িত এক পৱিত্ৰ দায়িত্ব লাভ কৰি জিতেন্দ্ৰ মিশ্ৰই গভীৰ সন্তুষ্টি প্ৰকাশ কৰিছে। এই নিযুক্তি সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি তেওঁ কয়, "দেশৰ সেৱা কৰাৰ পাছত প্ৰভু শ্ৰী ৰাম আৰু ৰামভক্তসকলৰ সেৱা কৰাৰ সুযোগ পোৱাটো মোৰ বাবে পৰম সৌভাগ্যৰ বিষয়।"