অসমত ভয়ংকৰ বান পৰিস্থিতি; 'অপাৰেশ্যন জল ৰাহত' আৰম্ভ ভাৰতীয় সেনাৰ

Story by  atv | Posted by  Munni Begum • 20 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
গুৱাহাটী
 
পূব অসমৰ ভয়াবহ বান পৰিস্থিতিৰ মাজতে উদ্ধাৰ আৰু সাহায্য অভিযান ত্বৰান্বিত কৰিবলৈ 'অপাৰেশ্যন জল ৰাহত (Operation Jal Rahat)' আৰম্ভ কৰিছে ভাৰতীয় সেনাই। বানত আটাইতকৈ অধিক ক্ষতিগ্ৰস্ত চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলাত সেনা, অসম ৰাইফলছ আৰু অসামৰিক প্ৰশাসনে যুটীয়াভাৱে উদ্ধাৰ অভিযান চলাই আছে।
 
আধিকাৰিক সূত্ৰ অনুসৰি, বান পৰিস্থিতি ক্ৰমান্বয়ে অধিক জটিল হৈ পৰাত সেনাৰ একাধিক দল আৰু অসম ৰাইফলছৰ জোৱানসকলক অনুসন্ধান আৰু উদ্ধাৰ কাৰ্যত নিয়োজিত কৰা হৈছে। প্ৰয়োজন হ'লে তৎক্ষণাত ব্যৱস্থা গ্ৰহণৰ বাবে ভাৰতীয় বায়ুসেনা (IAF)কো সজাগ অৱস্থাত ৰখা হৈছে।
 
সেনা জোৱানসকলে ৰাজ্যিক প্ৰশাসন আৰু দুৰ্যোগ ব্যৱস্থাপনা বাহিনীৰ সৈতে সমন্বয় ৰাখি বানপানীত আবদ্ধ হৈ থকা বহু লোকক ইতিমধ্যে সুৰক্ষিত স্থানলৈ উদ্ধাৰ কৰিছে।
 
ইফালে, অবিৰাম বৰষুণ আৰু বানপানীৰ ফলত ৰেলপথৰ বিভিন্ন অংশ ক্ষতিগ্ৰস্ত হোৱাত পূব অসমৰ ৰে'ল যোগাযোগতো বিঘিনি ঘটিছে। বানৰ সোঁতে দুটা মথাউৰি ভাঙি বিস্তীৰ্ণ এলেকা প্লাৱিত কৰাৰ ফলত হাজাৰ হাজাৰ লোক ক্ষতিগ্ৰস্ত হৈছে।
 
বান পৰিস্থিতিৰ বুজ ল'বলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰী বিমল বৰা আৰু সুশান্ত বৰগোহাঁইক ক্ষতিগ্ৰস্ত জিলাসমূহলৈ প্ৰেৰণ কৰিছে। উদ্ধাৰ আৰু সাহায্য কাৰ্য তদাৰক কৰাৰ লগতে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহে যাতে সময়মতে সহায় লাভ কৰে, তাৰ বাবে চৰকাৰে সংশ্লিষ্ট বিভাগসমূহক নিৰ্দেশ দিছে।
 
অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ (ASDMA)ৰ তথ্য অনুসৰি, ১৯ জুলাই বান পৰিস্থিতি অধিক অৱনতি ঘটিছে। শিৱসাগৰ জিলাত এজন লোকৰ মৃত্যু হোৱাৰ পিছত চলিত বৰ্ষত বান-সংক্ৰান্ত মৃত্যুৰ সংখ্যা ৫ জনলৈ বৃদ্ধি পাইছে।
 
বৰ্তমান চৰাইদেউ, ধেমাজি, ডিব্ৰুগড়, যোৰহাট, শিৱসাগৰ, তিনিচুকীয়া আৰু ওদালগুৰি এই ৭খন জিলাৰ ৫৭ হাজাৰতকৈ অধিক লোক বানৰ কবলত পৰিছে। মাত্ৰ এদিনৰ ভিতৰতে ক্ষতিগ্ৰস্ত লোকৰ সংখ্যা প্ৰায় ২৪ হাজাৰৰ পৰা বৃদ্ধি পাই ৫৭ হাজাৰৰো অধিক হৈছে। 
 
সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে চৰাইদেউ, য'ত প্ৰায় ২৪ হাজাৰ লোক বানপানীত ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰ পিছতে ধেমাজিত ২২ হাজাৰতকৈ অধিক লোক বানৰ কৱলত আছে। ডিব্ৰুগড় জিলাতো ৪ হাজাৰতকৈ অধিক লোক ক্ষতিগ্ৰস্ত হোৱা বুলি জানিবলৈ দিছে প্ৰাধিকৰণে।
 
বৰ্তমান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে। বতৰ বিভাগে আগন্তুক দিনসমূহতো বৰষুণ অব্যাহত থকাৰ সম্ভাৱনা ব্যক্ত কৰাত প্ৰশাসনে পৰিস্থিতিৰ ওপৰত কটকটীয়া নজৰ ৰাখিছে। 


শেহতীয়া খবৰ