নতুন দিল্লী
বেয়া বতৰৰ পূৰ্বাভাসৰ পৰিপ্ৰেক্ষিতত জম্মু-কাশ্মীৰ প্ৰশাসনে ১৯ জুলাইৰ পৰা সাময়িকভাৱে স্থগিত ৰাখিছে শ্ৰী অমৰনাথ যাত্ৰা আৰু শ্ৰীমাতা বৈষ্ণোদেৱী যাত্ৰা। তীৰ্থযাত্ৰীসকলৰ সুৰক্ষা আৰু কল্যাণৰ কথা বিবেচনা কৰিয়েই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
কাশ্মীৰ বিভাগীয় আয়ুক্ত অংশুল গৰ্গই এক বিবৃতিত জানিবলৈ দিয়ে যে, ভাৰতীয় বতৰ বিজ্ঞান বিভাগ (IMD)এ জাৰি কৰা বেয়া বতৰৰ পূৰ্বাভাসৰ ভিত্তিত সতৰ্কতামূলক ব্যৱস্থা হিচাপে পহেলগাম আৰু বালতাল দুয়োটা পথৰে অমৰনাথ যাত্ৰা ১৯ জুলাইৰ পৰা সাময়িকভাৱে স্থগিত কৰা হৈছে।
তেওঁ কয়, কাশ্মীৰৰ বালতাল আৰু নুনৱান/চন্দনৱাৰী বেছ কেম্পৰ পৰা কোনো তীৰ্থযাত্ৰীক আগবাঢ়িবলৈ দিয়া নহ'ব। একেদৰে জম্মুৰ ভগৱতী নগৰ যাত্ৰী নিবাসৰ পৰাও অমৰনাথ যাত্ৰীৰ কোনো কনভয় ৰাওনা হ'ব নোৱাৰিব।
বতৰৰ উন্নতি আৰু যাত্ৰাপথ সম্পূৰ্ণ সুৰক্ষিত বুলি নিশ্চিত হোৱাৰ পিছতহে অমৰনাথ যাত্ৰা পুনৰ আৰম্ভ কৰাৰ বিষয়ে সিদ্ধান্ত ঘোষণা কৰা হ'ব বুলি প্ৰশাসনে জনাইছে। উল্লেখযোগ্য যে, চলিত বৰ্ষৰ অমৰনাথ যাত্ৰাত এতিয়ালৈকে ৩.৭৬ লাখতকৈ অধিক ভক্তই পৱিত্ৰ গুহা মন্দিৰত পূজা-অৰ্চনা সম্পন্ন কৰিছে।
ইফালে, জম্মুৰ এগৰাকী চৰকাৰী মুখপাত্ৰই শ্ৰীমাতা বৈষ্ণোদেৱী যাত্ৰাও সাময়িকভাৱে স্থগিত ৰখাৰ কথা নিশ্চিত কৰিছে। তেওঁ জানিবলৈ দিয়ে যে, ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ বতৰ সতৰ্কবাণীৰ ভিত্তিত জনসাধাৰণৰ সুৰক্ষাক সৰ্বাধিক গুৰুত্ব দি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
প্ৰশাসনে সকলো ভক্তক পৰৱৰ্তী নিৰ্দেশনা জাৰি নোহোৱালৈকে যাত্ৰা আৰম্ভ নকৰিবলৈ আৰু কৰ্তৃপক্ষৰ সৈতে সহযোগিতা কৰিবলৈ আহ্বান জনাইছে।
ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ পূৰ্বাভাস অনুসৰি, ১৯ জুলাইৰ পৰা ২৩ জুলাইলৈকে জম্মু-কাশ্মীৰত মধ্যমীয়াৰ পৰা বিস্তৃত বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত পাহাৰীয়া অঞ্চলত ভূমিস্খলন, শিল খহি পৰা আৰু পথ পৰিবহণ ব্যাহত হোৱাৰ আশংকা বৃদ্ধি পাইছে।
প্ৰশাসনে তীৰ্থযাত্ৰীসকলক অমৰনাথ আৰু বৈষ্ণোদেৱী যাত্ৰা পুনৰ আৰম্ভ হোৱাৰ বিষয়ে শেহতীয়া তথ্য জানিবলৈ কেৱল চৰকাৰী যোগাযোগ মাধ্যম আৰু আনুষ্ঠানিক ঘোষণা অনুসৰণ কৰিবলৈ পৰামৰ্শ দিছে।