মুজফ্ফৰপুৰ
বিহাৰৰ মুজফ্ফৰপুৰৰ ব্ৰহ্মপুৰা অঞ্চলৰ প্ৰসাদ হাস্পতালৰ আইচিইউ ৱাৰ্ডত যোৱা নিশা হঠাতে এক বৃহৎ অগ্নিকাণ্ড সংঘটিত হয়। এই শোকাৱহ ঘটনাত ২০ জনৰো অধিক ৰোগী গুৰুতৰভাৱে অগ্নিদগ্ধ হোৱাৰ বিপৰীতে আন কেইবাজনো ৰোগীৰ মৃত্যু হয়।
প্ৰত্যক্ষদৰ্শীৰ মতে, জুইৰ লেলিহান শিখা আৰু ধোঁৱাই আগুৰি ধৰিছিল চিকিৎসালয়খন। চিকিৎসালয়ৰ কৰ্মচাৰী আৰু ওচৰৰ বাসিন্দাসকলে লগে লগে খিৰিকী ভাঙি আহত ৰোগীসকলক উলিয়াই আনে। এই অগ্নিকাণ্ডৰ ফলত প্ৰায় ২০ গৰাকী ৰোগী অগ্নিদগ্ধ হোৱাৰ লগতে ৪ গৰাকী ৰোগীৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।
এই খবৰ পোৱাৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনীৰ আঠখন বাহন ঘটনাস্থলীত উপস্থিত হয়। নিৰবিচ্ছিন্ন প্ৰচেষ্টাৰ অন্তত অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণলৈ আনে। অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়া আৰ এন পাণ্ডেই কয়, "পুৱতি নিশা প্ৰায় ৩ বজাত অগ্নিনিৰ্বাপক বাহিনীয়ে এই অগ্নিকাণ্ডৰ তথ্য লাভ কৰে। উদ্ধাৰকাৰী দল আহি পোৱাৰ সময়ত আই চি ইউ ৱাৰ্ড ধোঁৱাৰে আৱৰি আছিল। ২০ জনতকৈ অধিক ৰোগীক নিৰাপদে উলিয়াই অনা হয়। তিনিজনৰ মৃত্যুৰ প্ৰাৰম্ভিক তথ্য লাভ কৰা হৈছে।"
উদ্ধাৰ অভিযান চোৱাচিতা কৰিবলৈ জিলা প্ৰশাসন, স্বাস্থ্য বিভাগ, আৰক্ষীৰ জ্যেষ্ঠ বিষয়া সেইস্থানত উপস্থিত হয়। আটাইকেইজন আহত ৰোগীক ততাতৈয়াকৈ এম্বুলেঞ্চৰ জৰিয়তে মুজাফ্ফৰপুৰৰ বিভিন্ন চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয় ৷ বৰ্তমান তেওঁলোক চিকিৎসাধীন হৈ আছে।
জিলা দণ্ডাধীশ সুব্ৰত কুমাৰ সেনে জনোৱা মতে, এই পৰ্যন্ত তিনিজন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। তেওঁ কয় যে, অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত ১৩-১৫ জন ৰোগীক আই চি ইউত ভৰ্তি কৰা হৈছিল। চিকিৎসালয় প্ৰশাসনৰ তথ্য অনুসৰি একাংশ ৰোগীক অন্য চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয়।
সেনে কয়, "এই ৱাৰ্ডত মুঠ ১৫ জন ৰোগীক ভৰ্তি কৰা হৈছিল আৰু ইয়াৰে ১৩ জনৰ ৰেকৰ্ড আমি এতিয়ালৈকে লাভ কৰিছোঁ। একাংশ ৰোগী চিচিইউত চিকিৎসাধীন হৈ আছিল। এতিয়া তেওঁলোকক স্থানান্তৰ কৰি ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলৰ পৰাও আমি বক্তব্য লিপিবদ্ধ কৰিছোঁ। বৰ্তমানলৈকে তিনিজনৰ মৃত্যু আনুষ্ঠানিকভাৱে নিশ্চিত কৰা হৈছে। আমি মৃতদেহবোৰ দেখিছো, আৰু চিভিল চাৰ্জনেও নিশ্চিত কৰিছে মৃত্যু হোৱা লোকৰ সংখ্যা। ই এক অতি মৰ্মান্তিক কাণ্ড।"
বৰ্তমান প্ৰশাসনৰ দল মৃতকৰ চিনাক্তকৰণ প্ৰক্ৰিয়াত নিয়োজিত হৈ আছে। চিকিৎসালয় পৰিচালনা গোট আৰু আৰক্ষীয়েও যৌথভাৱে আই চি ইউ ৱাৰ্ডত হোৱা সা-সম্পত্তিৰ ক্ষতিৰ মূল্যায়ন কৰি আছে। মৃতকৰ সংখ্যাৰ আনুষ্ঠানিক নিশ্চিতকৰণ এতিয়াও বাকী আছে।
প্ৰাথমিক তথ্য অনুসৰি বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটেই এই অগ্নিকাণ্ডৰ প্ৰধান কাৰণ হ’ব পাৰে। অৱশ্যে এই কথা এতিয়াও নিশ্চিত হোৱা নাই। পৰিস্থিতিৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে এখন উচ্চ পৰ্যায়ৰ তদন্ত সমিতি গঠন কৰি বিতং তদন্ত চলাইছে।
সংবাদ মাধ্যমৰ আগত জিলা দণ্ডাধীশ সেনে কয়, "আমাৰ অগ্ৰাধিকাৰ হৈছে এক সম্যক তদন্ত। আইন অনুসৰি অধিক ব্যৱস্থা গ্ৰহণ কৰা হ'ব। প্ৰথম দৃষ্টিত এই অগ্নিকাণ্ডটো শ্বৰ্ট চাৰ্কিটৰ ফলত হোৱা যেন লাগে। অৱশ্যে বিশদ তদন্তৰ পিছতহে সঠিক কাৰণ নিৰ্ণয় কৰিব পৰা যাব।"
এই কাণ্ডৰ পিছত দ্ৰুত গতিত চলি আছে সাহায্য অভিযান। ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ মাজত শোকৰ পৰিবেশে বিৰাজ কৰিছে। স্থানীয় প্ৰশাসনে আশ্বাস দিছে যে, সকলো ভুক্তভোগীক উপযুক্ত ক্ষতিপূৰণ আৰু সাহায্য প্ৰদান কৰা হ’ব। এই ঘটনাই চিকিৎসালয়ৰ নিৰাপত্তাক লৈও প্ৰশ্ন উত্থাপন কৰিছে।
এই ঘটনাত শোক প্ৰকাশ কৰি বিহাৰৰ মুখ্যমন্ত্ৰী সম্ৰাট চৌধাৰীয়ে কয়, "মুজাফ্ফৰপুৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত সংঘটিত হোৱা অগ্নিকাণ্ডত চাৰিজন লোকৰ প্ৰাণহানি অত্যন্ত মৰ্মান্তিক। শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। এই কঠিন সময়ত ভগৱানে বিদেহ আত্মাক শান্তি প্ৰদান কৰক আৰু পৰিয়ালসমূহক শক্তি প্ৰদান কৰক।"
মুখ্যমন্ত্ৰী চৌধাৰীয়ে লগতে জনাইছে যে, মৃতকৰ পৰিয়াললৈ চাৰি লাখ টকাকৈ তাৎক্ষণিকভাৱে এককালীন আৰ্থিক অনুদান প্ৰদানৰ নিৰ্দেশ জাৰি কৰা হৈছে। স্থানীয় প্ৰশাসন সম্পূৰ্ণৰূপে সষ্টম হৈ আছে আৰু আহতসকলৰ চিকিৎসাৰ বাবে জিলা চিকিৎসালয়সমূহত উপযুক্ত ব্যৱস্থা কৰা হৈছে বুলিও তেওঁ লগতে কয়।