সংসদৰ শীতকালীন অধিবেশনৰ পূৰ্বে অনুষ্ঠিত সৰ্বদলীয় বৈঠক

Story by  atv | Posted by  Munni Begum • 7 Months ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
 
নতুন দিল্লী
 
৪ ডিচেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া সংসদৰ শীতকালীন অধিৱেশনৰ পূৰ্বে সংসদ পুথিভঁৰাল ভৱনত সৰ্বদলীয় বৈঠক চলি আছে। সংসদৰ শীতকালীন অধিৱেশনৰ সৈতে জড়িত বহুকেইটা বিষয়ৰ ওপৰত আলোচনাৰ বাবে শনিবাৰৰ পৰা এই বৈঠক আৰম্ভ হয়। 
 
সর্বদলীয় বৈঠকত কেন্দ্রীয় মন্ত্রী ৰাজনাথ সিং আৰু অর্জুন ৰাম মেঘৱাল, সংসদীয় পৰিক্রমা মন্ত্রী প্রলহাদ যোশী, পীয়ুষ গোৱাল আদিয়ে অংশগ্রহণ কৰে৷ কংগ্ৰেছৰ সাংসদ জয়ৰাম ৰমেশ আৰু প্ৰমোদ তিৱাৰীও উপস্থিত থাকে।
 
২২ ডিচেম্বৰলৈকে শীতকালীন অধিবেশনত ১৫খন বৈঠক অনুষ্ঠিত হোৱাৰ কথা আছে। ঔপনিৱেশিক যুগৰ অপৰাধমূলক আইনসমূহৰ ঠাইত তিনিখন বিধেয়ককে ধৰি সকলো দলৰ নেতাই মূল খচৰা আইনসমূহৰ বিষয়ে বিবেচনা কৰাৰ সম্ভাৱনা আছে। 
 
বৰ্তমান সংসদত ৩৭খন বিধেয়ক বিচাৰধীন হৈ আছে, ইয়াৰে ১২খন বিবেচনা আৰু গৃহীত কৰাৰ বাবে আৰু ৭খন বিধেয়ক উত্থাপন, বিবেচনা আৰু গৃহীত কৰাৰ বাবে তালিকাভুক্ত কৰা হৈছে।