থিম্ফু
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে দিল্লীত সংঘটিত হোৱা মাৰাত্মক গাড়ী বিস্ফোৰণৰ আঁৰৰ লোকসকলক ন্যায়ৰ আওঁতালৈ অনা হব। তেওঁ আশ্বাস দিছে যে, চৰকাৰে এই আক্ৰমণক "অতি গুৰুতৰভাৱে" গ্ৰহণ কৰিছে।
দুদিনীয়া ভ্ৰমণসূচীৰে ভূটানলৈ যোৱা প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "মই আজি অতি দুখৰ সৈতে ইয়ালৈ আহিছো। কালি সন্ধিয়া দিল্লীত সংঘটিত ভয়াৱহ ঘটনাই সকলোকে গভীৰভাৱে শোকস্তব্ধ কৰি তুলিছে। মই ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ দুখ বুজি পাওঁ। আজি সমগ্ৰ দেশ তেওঁলোকৰ সৈতে আছে। মই এই ঘটনাৰ তদন্ত কৰা সকলো এজেন্সীৰ সৈতে যোগাযোগত আছো। আমাৰ এজেন্সীসমূহে এই ষড়যন্ত্ৰৰ অন্ত পেলাব। এই ঘটনাৰ আঁৰত যিসকল ষড়যন্ত্রকাৰী আছে তেওঁলোকক ৰেহাই দিয়া নহ'ব। ইয়াৰ বাবে দায়ী সকলোকে ন্যায়ালয়ৰ সন্মুখলৈ অনা হ'ব।"
ইয়াৰ পূৰ্বে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে, "দেশৰ আগশাৰীৰ অনুসন্ধানকাৰী সংস্থাসমূহে শেহতীয়া দিল্লী বিস্ফোৰণৰ ঘটনাৰ দ্ৰুত আৰু পুংখানুপুংখ তদন্ত কৰি আছে। তেওঁ আশ্বাস দি কয় যে, এই ঘটনাৰ বাবে দায়ী লোকসকলক ৰেহাই দিয়া নহ'ব আৰু তদন্তৰ তথ্য শীঘ্ৰে ৰাজহুৱা কৰা হ'ব।"
প্ৰতিৰক্ষা মন্ত্ৰীয়ে এই বিস্ফোৰণত ৮ জন লোকৰ মৃত্যু হোৱাৰ লগতে বহু লোক আহত হোৱাৰ লগতে যিসকল লোক নিহত হৈছে তেওঁলোকৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।
মনোহৰ পাৰিকৰ ইনষ্টিটিউট ফৰ ডিফেন্স ষ্টাডিজ এণ্ড এনালেছিছ (এমপি-আইডিএছএ) ত আয়োজিত 'দিল্লী প্ৰতিৰক্ষা আলোচনা'ত ভাষণ প্ৰদান কৰি প্ৰতিৰক্ষা মন্ত্ৰীয়ে কয় যে, "কালি দিল্লীত সংঘটিত হোৱা এই শোকাৱহ ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি মই আন্তৰিক সমবেদনা জ্ঞাপন কৰিছো। মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো যে, এই গভীৰ শোকৰ সময়ত শোকসন্তপ্ত পৰিয়ালসমূহক শক্তি আৰু সাহস প্ৰদান কৰক।"
তেওঁ লগতে কয়, "এই মঞ্চৰ পৰা মই আপোনালোকক আশ্বস্ত কৰিব বিচাৰো যে, দেশৰ আগশাৰীৰ অনুসন্ধানকাৰী সংস্থাসমূহে এই ঘটনাৰ এক দ্ৰুত আৰু পুংখানুপুংখ তদন্ত কৰি আছে। তদন্তৰ ফলাফল শীঘ্ৰেই ৰাজহুৱা কৰা হ'ব। মই আনুষ্ঠানিকভাৱে দেশবাসীক আশ্বস্ত কৰিব বিচাৰো যে, এই শোকাৱহ ঘটনাৰ বাবে দায়ীসকলক ন্যায়ালয়ৰ সন্মুখলৈ অনা হ'ব আৰু কোনো পৰিস্থিতিতে তেওঁলোকক ৰেহাই দিয়া নহ'ব।"
মধ্য দিল্লীৰ লালকিল্লাৰ সমীপত এক শক্তিশালী বিস্ফোৰণত কমেও ৮ জন লোকৰ মৃত্যু হোৱাৰ লগতে আন কেইবাজনো লোক আহত হয়। সন্ধিয়া ৭ বজাত সুভাষ মাৰ্গ যান-বাহন সংকেতত এই বিস্ফোৰণ সংঘটিত হয় আৰু ওচৰৰ যান-বাহনসমূহ ক্ষতিগ্ৰস্ত হয়। ইয়াৰ পিছতে দেশজুৰি সতৰ্কবাণীৰ সৃষ্টি হয়।
দিল্লী আৰক্ষীয়ে কোতৱালি থানাত বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইন (ইউএপিএ), বিস্ফোৰক আইন, আৰু ভাৰতীয় ন্যায় সংহিতাৰ অধীনত গোচৰ ৰুজু কৰে। একাধিক সংস্থাই বিস্ফোৰণৰ কাৰণ আৰু উদ্দেশ্য নিৰ্ণয় কৰিবলৈ তদন্ত কৰি আছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে "সকলো সম্ভাৱনা" অন্বেষণ কৰা হৈছে আৰু এই ঘটনাৰ সম্যক তদন্তৰ প্ৰতিশ্ৰুতি দিয়ে।
ইয়াৰ পূৰ্বে এএনআইৰ সৈতে হোৱা এক বাৰ্তালাপত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে, সোমবাৰে সন্ধিয়া ৭ বজাত দিল্লীৰ লালকিল্লাৰ সমীপৰ সুভাষ মাৰ্গ ট্ৰেফিক চিগনেলত হুণ্ডাই আই২০ গাড়ীত বিস্ফোৰণ সংঘটিত হয়, আৰু বিস্ফোৰণৰ ফলত একাংশ পথচাৰী আহত হোৱাৰ লগতে কিছু বাহনৰ ক্ষতিসাধন হয়।