নতুন দিল্লী
আমাজনে পুনৰ এবাৰ বৃহৎ পৰ্যায়ৰ কৰ্মচ্যুতিৰ পৰিকল্পনা কৰিছে। কোম্পানীটোৱে নিজৰ মানৱ সম্পদ বিভাগৰ (Human Resources Division) প্ৰায় ১৫ শতাংশ কৰ্মচাৰী হ্ৰাস কৰাৰ পৰিকল্পনা লৈছে, যাক কোম্পানীৰ ভিতৰত “People eXperience and Technology (PXT)” দল বুলি জনা যায়। ফৰ্চুনৰ একাধিক উৎসৰ উদ্ধৃতিৰে প্ৰকাশ পোৱা এক তথ্য অনুসৰি, এইচ আৰ বিভাগই আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হ’ব যদিও আমাজনৰ বিস্তৃত গ্ৰাহক ব্যৱসায়ৰ অন্য অংশতো কৰ্মচ্যুতিৰ সম্ভাৱনা আছে।
প্ৰভাৱিত কৰ্মচাৰীসকলৰ সঠিক সংখ্যা আৰু কৰ্মচ্যুতিৰ সময়সূচী এতিয়াও স্পষ্ট হোৱা নাই। এই পদক্ষেপটো গ্ৰহণ কৰা হৈছে যেতিয়া কোম্পানীটোৱে কিছুমাহ আগতেই নিজৰ কনজিউমাৰ ডিভাইচ গ্ৰুপ, ৱাণ্ডাৰী প’ডকাষ্ট শাখা আৰু এমাজন ৱেব চাৰ্ভিচেছ (AWS)ত সৰু সৰু পৰ্যায়ৰ কৰ্মচ্যুতি কৰিছিল। কিন্তু এই নতুন পৰ্যায়টোৱে কোম্পানীৰ কৰ্মপদ্ধতিত এক গভীৰ পুনৰগঠনক সূচায়, বিশেষকৈ আমাজনে যেতিয়া স্বয়ংক্ৰিয়তা (automation) আৰু কাৰ্যক্ষমতাৰ দিশত আগুৱাই গৈ আছে।
আমাজনে এই সময়তে কোটি কোটি ডলাৰ বিনিয়োগ কৰি আছে কৃত্ৰিম বুদ্ধিমত্তা (AI) আৰু ক্লাউড অপাৰেচনত। এই বছৰতহে কোম্পানীটোৱে ১০০ বিলিয়ন ডলাৰৰো অধিক মূলধনী বিনিয়োগৰ প্ৰতিশ্ৰুতি দিছে, যাৰ সিংহভাগ নতুন প্ৰজন্মৰ ডেটা চেণ্টাৰ নিৰ্মাণত ব্যয় হ’ব— যি অভ্যন্তৰীণ ব্যৱহাৰ আৰু উদ্যোগিক গ্ৰাহকৰ বাবে কৃত্ৰিম বুদ্ধিমত্তা (AI) পৰিকাঠামো শক্তিশালী কৰিব।
২০২১ চনত জেফ বেজ’ছৰ উত্তৰাধিকাৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা চিইঅ’ এণ্ডি জেছিয়ে স্পষ্টকৈ কৈছিল যে, আমাজনৰ নতুন যুগটো AI দ্বাৰাই নিৰ্দেশিত হ’ব। কিন্তু সকলো কৰ্মচাৰীয়ে এই ৰূপান্তৰত অংশ ল’ব নোৱাৰে। জুন মাহৰ কোম্পানী-ব্যাপী এক স্মাৰকলিপিত জেছিয়ে সকলো কৰ্মচাৰীলৈ আহ্বান জনাই কৈছিল, “যিসকলে এই পৰিৱৰ্তন গ্ৰহণ কৰিব, AIত দক্ষ হ’ব, আমাজনৰ অভ্যন্তৰীণ AI সক্ষমতা গঢ়ি তুলিবলৈ সহায় কৰিব আৰু গ্ৰাহকৰ বাবে নতুন কিছু দিব, তেওঁলোকে কোম্পানীত উচ্চ প্ৰভাৱ বিস্তাৰ কৰিব পাৰিব।”
কিন্তু তেওঁৰ বাৰ্তাৰ লগতে এটা সতৰ্কবাণীও আছিল। তেওঁ লগতে কয়, "আমি আশা কৰোঁ যে AIৰ বিস্তৃত ব্যৱহাৰে কাৰ্যক্ষমতা বৃদ্ধি কৰাৰ ফলত কোম্পানীৰ মুঠ কৰ্প’ৰেট কৰ্মীবৰ্গ হ্ৰাস পাব।"
জেছিৰ নেতৃত্বত আমাজনে ইতিমধ্যে নিজৰ ইতিহাসৰ আটাইতকৈ বৃহৎ কৰ্মচ্যুতি কৰিছে, ২০২২ আৰু ২০২৩ৰ মাজত প্ৰায় ২৭,০০০ কৰ্প’ৰেট পদ কৰ্তন কৰিছিল। তেতিয়াৰ কৰ্মচ্যুতিৰ কাৰণ আছিল মহামাৰীৰ পাছত হোৱা অধিক ব্ৰিধি আৰু গ্ৰাহকৰ আচৰণৰ পৰিৱৰ্তন, কিন্তু বৰ্তমানৰ এই পদক্ষেপ এক দীৰ্ঘম্যাদী কৌশলগত সিদ্ধান্ত AI-কেন্দ্ৰিক ব্যৱস্থাপনা অভিমুখে আগবঢ়া।