আমেৰিকান ফিজিকেল ছ'চাইটিত এফ জি এছ এৰ চেয়াৰমেন হিচাপে দায়িত্ব লাভ অসম সন্তান যুগল তালুকদাৰৰ

Story by  atv | Posted by  Munni Begum • 16 h ago
যুগল তালুকদাৰ
যুগল তালুকদাৰ
 
গুৱাহাটী
 
বজালীৰ এগৰাকী সন্তান যুগল তালুকদাৰে আমেৰিকাৰ এটি গুৰুত্বপূৰ্ণ প্রতিষ্ঠানত স্থান লাভ কৰি সমগ্র বজালীবাসীৰ লগতে অসমবাসীক গৌৰৱান্বিত কৰি তুলিছে। বজালী জিলাৰ অন্তৰ্গত মেধিকুছি কাউৰা নিবাসী মইনামতী ছোৱালী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত উচ্চ বৰ্গৰ সহায়ক জনক তালুকদাৰ আৰু একেখন বিদ্যালয়ৰে অৱসৰপ্ৰাপ্ত প্রধান শিক্ষয়িত্রী কৌশল্যা তালুকদাৰৰ জ্যেষ্ঠ পুত্ৰ যুগল তালুকদাৰে পদার্থ বিজ্ঞানৰ গৱেষণাৰ দিশত বিশ্বৰ সৰ্ববৃহৎ প্রতিষ্ঠান আমেৰিকান ফিজিকেল ছ'চাইটিত এফ জি এছ এৰ চেয়াৰমেন হিচাপে দায়িত্ব লাভ কৰে। 
 
মেধাৱী যুগল তালুকদাৰে ২০১০ বৰ্ষত শংকৰদেৱ শিশু নিকেতন চৌখুটীৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্রথম স্থান অধিকাৰ কৰাৰ পাচত ২০১২ বর্ষত বজালী মহাবিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত ৰাজ্যৰ ভিতৰতে ষষ্ঠ স্থান দখল কৰি পুনেৰ ইণ্ডিয়ান ইনষ্টিটিউট অব ছায়েন্স এডুকেচাৎ এণ্ড ৰিছাৰ্চ (আই আই এছ ই আৰ)ত নামভর্তি কৰি ২০১৭ চনত পদার্থ বিজ্ঞানত স্নাতক ডিগ্রী লাভ কৰে। 
 
ইয়াৰ পাচতে হোমাৰ এল ডজ পদার্থ বিজ্ঞান আৰু জ্যোতির্বিজ্ঞান বিভাগৰ ফেল'শ্বিপৰ সহায়ত ওকলাহোমা বিশ্ববিদ্যালয়ত ডক্টৰেট ডিগ্রী আৰু তাৰ পিচত লছ এঞ্জেলছৰ কেলিফর্নিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপিকা প্রিনেহা নাৰঙৰ গৱেষণা গোটত কোৱান্টাম তথ্য বিজ্ঞানৰ প'ষ্ট ডক্টৰেট গৱেষণা বিজ্ঞানী হিচাপে যোগদান কৰে। হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমীয়া মাধ্যমত অধ্যয়ন কৰিও তীক্ষ্ণ মেধাৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হোৱা যুগল তালুকদাৰে সম্প্রতি আমেৰিকাৰে এটি উচ্চ প্রতিষ্ঠিত প্রতিষ্ঠানত কনিষ্ঠ বিজ্ঞানী হিচাপে চাকৰি কৰি আছে। 
 
সম্প্রতি যুগল তালুকদাবে পদার্থ বিজ্ঞানৰ গৱেষণাৰ দিশত বিশ্বৰ সর্ববৃহৎ প্রতিষ্ঠান আমেৰিকান ফিজিকেল ছ'চাইটিৰ অতি সন্মানীয় পদবীত স্থান লাভ কৰাৰ লগতে এই পদবীত অধিষ্ঠিত প্রথমগৰাকী অসমীয়া হিচাপে স্থান পাইছে আজি আমেৰিকাৰ সংসদ ভৱন কেপিটেল হিলত অনুষ্ঠিত এক আলোচনাত ভাগ লোৱাৰ সুযোগ লাভ কৰে যুগলে।