নতুন সংসদ ভৱনৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিব শিৰোমণি আকালি, বিজু জনতা দল, ৱাইএছআৰচিপিয়ে

Story by  atv | Posted by  [email protected] • 1 Years ago
নতুন সংসদ ভৱন
নতুন সংসদ ভৱন

নতুন দিল্লী

ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কৰ বিজু জনতা দলৰ পিছত এইবাৰ বিজেপিৰ প্ৰাক্তন সহযোগী দল শিৰোমণি আকালি দলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ চৰকাৰলৈ সমৰ্থন আগবঢ়াইছে।
 
আকালি দলৰ মুৰব্বী তথা পঞ্জাৱৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী সুখবীৰ বাদলে নতুন সংসদ ভৱনৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছে। অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী ৱাই এছ জগনমোহন ৰেড্ডীৰ দল ৱাই এছ আৰ কংগ্ৰেছেও এই কাৰ্যসূচীত অংশগ্ৰহণৰ কথা ঘোষণা কৰিছে।
বুধবাৰ পৰ্যন্ত ১৯টা বিৰোধী দলে নতুন সংসদ ভৱনৰ উদ্বোধনী অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক নিমন্ত্ৰণ নকৰাৰ প্ৰতিবাদত মোডীৰ কাৰ্যসূচী বৰ্জন কৰাৰ সিদ্ধান্ত লৈছে। আম আদমী পাৰ্টি (ইউ পি), কংগ্ৰেছ, আৰ জে ডি, জে ডি ইউ, এন চি পিৰ উপৰিও বাওঁপন্থীও এই তালিকাত আছে। কিন্তু পূব ওড়িশাৰ শাসকীয় দল বিজেডিৰ পিছত উত্তৰ আৰু দক্ষিণ ভাৰতৰ আঞ্চলিক দল দুটাৰ এই পদক্ষেপে বিৰোধীৰ ঐক্যৰ প্ৰচেষ্টাত আঘাত হানিছে বুলি ধাৰণা কৰা হৈছে।