অমৰাৱতী
অন্ধ্ৰ প্ৰদেশ চৰকাৰে খ্ৰীষ্টান পাষ্টৰক সাহাৰ্য প্ৰদানৰ বাবে ১৩ কোটি টকা মুকলি কৰি দিছে। আইন আৰু সংখ্যালঘু কল্যাণ মন্ত্ৰী এন এম ডি ফাৰুকে বৃহস্পতিবাৰে কয় যে সমগ্ৰ ৰাজ্যৰ ৮,৪২৭ জন পাষ্টৰক মাহিলী ৫ হাজাৰ টকাকৈ আৰ্থিক সাহাৰ্য প্ৰদান কৰা হ’ব। টিডিপি নেতৃত্বাধীন এনডিএ চৰকাৰে ২০২৪ চনৰ মে’ মাহৰ পৰা বাকী থকা বকেয়া পৰিশোধৰ বাবে এই ধনৰাশি মুকলি কৰি দিয়ে।
বিজেপি আৰু জনসেনাকে ধৰি শাসকীয় মিত্ৰজোঁটে যোৱা বছৰৰ নিৰ্বাচনত প্ৰতিশ্ৰুতি দিছিল যে পাষ্টৰৰ সন্মানীয় ধনকে ধৰি সংখ্যালঘুৰ কল্যাণৰ আঁচনিসমূহ অব্যাহত থাকিব।
মন্ত্ৰীগৰাকীয়ে কয় যে যোৱা মাহত চৰকাৰে ইমাম আৰু মুজ্জিনক ছমাহৰ ধন প্ৰদান প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছিল। ইমাম আৰু মুজ্জিনক সন্মানীয় ধন প্ৰদানৰ বাবে চৰকাৰে মুকলি কৰি দিছিল ৪৫ কোটি টকা। যোৱা বছৰৰ ডিচেম্বৰ মাহত ৰাষ্ট্ৰীয় খ্ৰীষ্টান পৰিষদে পাষ্টৰসকলক সন্মানীয় ধন প্ৰদান পুনৰ আৰম্ভ কৰাটো নিশ্চিত কৰাৰ বাবে মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুক ধন্যবাদ জনাইছিল।
পৰিষদে কয় যে খ্ৰীষ্টান সম্প্ৰদায়ে এই খবৰৰ বাবে বহুদিনৰ পৰা অপেক্ষা কৰি আহিছে। লগতে জেৰুজালেমলৈ তীৰ্থযাত্ৰাৰ বাবে ৰাজসাহায্য আঁচনি অব্যাহত ৰাখিব বুলিও তেওঁলোক আশাবাদী।