কৃত্ৰিম বানৰ কবলত গুৱাহাটী মহানগৰী; সকলো শিক্ষানুষ্ঠান বন্ধৰ ঘোষণা প্ৰশাসনৰ

Story by  atv | Posted by  Munni Begum • 1 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
গুৱাহাটী
 
উত্তৰ পূবৰ দুৱাৰমুখ গুৱাহাটীত ধাৰাসাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা কৃত্ৰিম বানে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। দেওবাৰে সন্ধিয়াৰে পৰা হোৱা অবিৰত বৰষুণৰ ফলত গুৱাহাটীৰ প্ৰায় প্ৰতিটো অঞ্চলে কৃত্ৰিম বানৰ কবলত পৰিছে। 
 
বেলতলা, হাতীগাওঁ, ৰুক্মিণী গাওঁ, পাঞ্জাবাৰী, ছয়মাইল, গণেশগুৰি, কাহিলীপাৰা, জু-ৰোড, চানমাৰি, গান্ধীবস্তি, আমবাৰী, জি এছ ৰোড, মালিগাঁও, যোৰাবাটকে ধৰি বিভিন্ন অঞ্চলত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈ স্তব্ধ হৈ পৰিছে গুৱাহাটী মহানগৰী।
 
ইয়াৰ পিছতে অসম চৰকাৰৰ অধীনস্থ কামৰূপ মহানগৰ জিলা প্ৰশাসনে এক জৰুৰী আদেশ জাৰি কৰি ২০ এপ্ৰিলত (সোমবাৰ) সকলো শিক্ষানুষ্ঠান বন্ধৰ ঘোষণা কৰিছে। জৰুৰী নিৰ্দেশনাত প্ৰশাসনে উল্লেখ কৰিছে যে, ১৯ এপ্ৰিলত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত মহানগৰীৰ বিভিন্ন স্থানত পানী জমা হৈ জনজীৱন ব্যাহত কৰিছে। এই পৰিস্থিতিত শিক্ষাৰ্থী, শিক্ষক তথা কৰ্মচাৰীৰ সুৰক্ষাৰ কথা বিবেচনা কৰি গুৱাহাটী পৌৰ নিগম এলেকাৰ ভিতৰত থকা সকলো চৰকাৰী আৰু বেচৰকাৰী শিক্ষানুষ্ঠান সোমবাৰে বন্ধ ৰখাৰ সিদ্ধান্ত লোৱা হৈছে।
 
কামৰূপ মহানগৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ অধ্যক্ষ তথা জিলা আয়ুক্তই এই আদেশ জাৰি কৰি নাগৰিকসকলক সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে। লগতে অতি দৰকাৰী নহ'লে ঘৰৰ বাহিৰলৈ ওলাই নাযাবলৈও পৰামৰ্শ দিছে। ইফালে কৃত্ৰিম বানৰ কবলত পৰা অঞ্চলবোৰত প্ৰশাসনে উদ্ধাৰ আৰু সাহায্যৰ ব্যৱস্থা কৰিছে বুলিও জনোৱা হৈছে।
 
উল্লেখ্য যে, দেওবাৰে সন্ধিয়া ধাৰাসাৰ বৰষুণৰ পিছতে হোৱা কৃত্ৰিম বানত মহানগৰবাসীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। ঘণ্টা পিছত ঘণ্টা ধৰি ৰাজপথত যান-বাহন আবদ্ধ হৈ পৰে। বহু লোক কৰ্মস্থলীতে দুপৰ নিশালৈ আবদ্ধ হৈ থাকিবলগীয়া হয়। তাৰ মাজতে মালিগাঁৱত এগৰাকী যুৱতীও সন্ধানহীন হোৱাৰ কথা জানিব পৰা গৈছে। 
 
খবৰ অনুসৰি কৃত্ৰিম বানৰ মাজত গৈ অৱস্থাত উন্মুক্ত নলাত সোমাই যায় যুৱতীগৰাকী। এছডিআৰএফ আৰু প্ৰশাসনৰ লোকে উদ্ধাৰ অভিযান চলাই থকা বুলি জানিব পৰা গৈছে।