২৯ এপ্ৰিললৈ জেলতে থাকিব লাগিব অৰবিন্দ কেজৰিৱাল

Story by  atv | Posted by  [email protected] • 14 d ago
উচ্চতম ন্যায়ালয়
উচ্চতম ন্যায়ালয়
 
নতুন দিল্লী

দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে উচ্চতম ন্যায়ালয়ত সকাহ নাপালে। দিল্লীৰ আবকাৰী গোচৰত ইডি-এ কেৰজিৱালক গ্ৰেপ্তাৰ কৰাটো অবৈধ বুলি দাবী কৰি আপ-এ উচ্চতম ন্যায়ালয়ত গোচৰ তৰিছিল। কিন্তু সৰ্বোচ্চ ন্যায়ালয়ে সোমবাৰে এই গোচৰৰ পৰৱৰ্তী শুনানি ২৯ এপ্ৰিললৈ পিছুৱাই দিছে। 
 
এই বিষয়ত উচ্চতম ন্যায়ালয়ে ইডিক জাননী জাৰি কৰি ২৪ এপ্ৰিলৰ ভিতৰত উত্তৰ দিবলৈ নিৰ্দেশ দিছে। এতিয়া ২৯ এপ্ৰিলত কেজৰিৱাল গোচৰৰ শুনানি গ্ৰহণ কৰিব আদালতে।
 
উচ্চতম ন্যায়ালয়ত অৰবিন্দ কেজৰিৱালৰ হৈ হাজিৰ হোৱা জ্যেষ্ঠ অধিবক্তা অভিষেক মনু সিংভীয়ে দাবী কৰে যে কেজৰিৱালক লোকসভা নিৰ্বাচনত প্ৰচাৰ চলাবলৈ বাধা দিবলৈ গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁ এই গোচৰৰ পৰৱৰ্তী শুনানি ক্ষিপ্ৰ কৰাৰ দাবী জনায়। এই সন্দৰ্ভত আদালতে কয় যে ২৯ এপ্ৰিলৰ পূৰ্বে শুনানি অনুষ্ঠিত কৰিব নোৱাৰিব।
 
কেজৰিৱালৰ অধিবক্তাই ১৯ এপ্ৰিলত শুনানিৰ বাবে গোচৰটো তালিকাভুক্ত কৰিবলৈ দাবী জনাইছিল যদিও উচ্চতম ন্যায়ালয়ে আগতীয়াকৈ শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰি ২৯ এপ্ৰিলত শুনানিৰ বাবে গোচৰটো তালিকাভুক্ত কৰে। ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ দিপাংকৰ দত্তৰ বিচাৰপীঠে কেজৰিৱালৰ আবেদনৰ শুনানি গ্ৰহণ কৰিব।
 
উল্লেখ্য যে, দিল্লী আবকাৰী গোচৰত ২১ মাৰ্চত ইডিয়ে কেজৰিৱালক গ্ৰেপ্তাৰ কৰিছিল। ইয়াৰ পিছতে আপৰ মূৰব্বীজনে তেওঁৰ গ্ৰেপ্তাৰৰ প্ৰত্যাহ্বান জনাই আদালতৰ কাষ চাপিছিল। যোৱা ৯ এপ্ৰিলত গোচৰৰ শুনানিৰ সময়ত দিল্লী উচ্চ ন্যায়ালয়ে কৈছিল যে কেজৰিৱালক গ্ৰেপ্তাৰ কৰাটো অবৈধ নহয়।
 
ইডিয়ে আদালতত কয় যে তেওঁলোকৰ হাতত কেজৰিৱালৰ বিৰুদ্ধে প্ৰমাণ আছে। কেন্দ্ৰীয় তদন্ত সংস্থাই দিল্লীৰ মুখ্যমন্ত্ৰীক আবকাৰী গোচৰৰ ‘প্ৰধান অভিযুক্ত’ হিচাপে চিনাক্ত কৰিছে। ইয়াৰ উপৰিও তেওঁৰ বিৰুদ্ধে তদন্তত সহযোগ নকৰাৰ অভিযোগ উত্থাপন হৈছে।