জুবিন গাৰ্গৰ সমগ্ৰ ৰচনা অসমীয়া ,ইংৰাজী, হিন্দীকে ধৰি মুঠ ৭টা ভাষাত প্ৰকাশ কৰিব অসম সাহিত্য সভাই

Story by  atv | Posted by  Munni Begum • 3 h ago
জুবিন গাৰ্গ
জুবিন গাৰ্গ
 
গুৱাহাটী 
 
জুবিন গাৰ্গৰ সমগ্ৰ ৰচনা (গীত, কবিতা) অসমীয়া ,ইংৰাজী আৰু হিন্দীত প্ৰকাশ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম সাহিত্য সভাই।
 
বৃহস্পতিবাৰে অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত অসম সাহিত্য সভাৰ সভাপতি ড৹ বসন্ত কুমাৰ গোস্বামীয়ে এই কথা সদৰি কৰিছে।
 
সভাপতি গৰাকীয়ে কয় যে, ২০২৬ চনৰ মধ্যভাগতে তিনিওটা ভাষাত ৰচনাৱলী প্ৰকাশ কৰিব পৰাকৈ ইতিমধ্যে আঁচনি যুগুত কৰি গীতসমূহ সংগ্ৰহৰ ব্যৱস্থা কৰা হৈছে।
 
তেওঁ লগতে কয়, "এই কাৰ্য শেষ হোৱাৰ পিছত পুনৰ জুবিন গাৰ্গৰ ৰচনাৱলী (গীত,কবিতা) দক্ষিণ ভাৰতৰ তামিল, তেলুগু, কান্নাড়া আৰু মালয়ালম ভাষাতো প্ৰকাশ কৰা হ'ব।"
 
আনহাতে তেওঁৰ চৰকাৰলৈ আহ্বান যে "জুবিন গাৰ্গ নামৰ জাতীয় সত্তাটোক শেষ কৰা কোনো দোষী যাতে সাৰি যাব নোৱাৰে, তাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এয়াই এক সুযোগ প্ৰশাসন যন্ত্ৰটো ৰাইজৰ কাষ চপাৰ।"