ছিৰাজউদ্দিন কুৰেইশ্বী: একালৰ পদপথৰ বিক্ৰেতা এতিয়াৰ উদ্যোগপতি আৰু সমাজ সংস্কাৰক

Story by  atv | Posted by  Munni Begum • 1 Months ago
ছিৰাজউদ্দিন কুৰেইশ্বী
ছিৰাজউদ্দিন কুৰেইশ্বী
 
মানছুৰুদ্দিন ফৰিদী/নতুন দিল্লী
 
ছিৰাজুদ্দিন কুৰেইশ্বীৰ জীৱনক এক অসাধাৰণ সফলতাৰ কাহিনী বুলিও উল্লেখ কৰিব পাৰি। কিয়নো পুৰণি দিল্লীৰ এজন সাধাৰণ পদপথৰ বিক্ৰেতাৰ পৰা এজন দূৰদৰ্শী উদ্যোগপতি আৰু সমাজ সংস্কাৰকলৈ কৰা যাত্ৰাৰে নিজৰ সম্প্ৰদায়ৰ দৃষ্টিভংগীক সলনি কৰিছিল।
 
ইণ্ডিয়া ইছলামিক কালচাৰেল চেণ্টাৰৰ (আইআইচিচি) দীৰ্ঘতম কাৰ্যকালৰ অধ্যক্ষ হিচাপে জনপ্ৰিয় কুৰেইশ্বীৰ বৰ্তমান বয়স ৭৭ বছৰ। তেওঁ লোধী ৰোডত ইয়াৰ ঐতিহাসিক ভৱন নিৰ্মাণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
 
এ আই জেনেৰেটেড ভিডিঅ':
 
 
তথাপিও তেওঁৰ এই বিনম্ৰ যাত্ৰাৰ বিষয়ে খুব কম লোকেহে জানে। তেওঁৰ পিতৃয়ে পুৰণি দিল্লীত টিনৰ বাকচ তৈয়াৰ কৰা এখন সৰু টিন কাৰখানা চলাইছিল। সদৰ বজাৰৰ ৰহিম্যা মাদ্ৰাছাত পঢ়া-শুনা শেষ কৰাৰ পিছত যুৱ ছিৰাজুদ্দিনে তেওঁৰ পিতৃক কাৰখানাত সহায় কৰিছিল।
 
শৈশৱতেই তেওঁ নিজৰ পৰিশ্ৰম আৰু স্বাধীনতাৰ বাবে জনপ্ৰিয় আছিল। তেওঁৰ পিতৃয়ে তেওঁক বহুত ভাল পাইছিল, যদিও তেওঁ পুৰণি দিল্লীৰ পদপথত ৰুহ আফজা, কুলফি আৰু ৰুটি বিক্ৰী কৰি নিজৰ জীৱিকা নিৰ্বাহ কৰিবলৈহে পছন্দ কৰিছিল। তেওঁৰ দৈনন্দিন কামৰ সমান্তৰালভাৱে তেওঁ শিক্ষাৰ প্ৰতি থকা তীব্ৰ আগ্ৰহকো পোষণ কৰিছিল। 
 
মাদ্ৰাছা শিক্ষা সাং কৰাৰ পিছত কুৰেইশ্বীয়ে দৰিয়া গঞ্জৰ এংলো-আৰবিক স্কুলত যোগদান কৰিছিল আৰু পিছত দিল্লী বিশ্ববিদ্যালয়ৰ কিৰোৰী মাল কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল। তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ আইন বিভাগৰ পৰা আইনৰ ডিগ্ৰী লাভ কৰিছিল।
 
কিন্তু তেওঁৰ প্ৰকৃত আহবান আছিল উদ্যমিতা। উচ্চাকাংক্ষা আৰু ব্যৱসায়িক দক্ষতাৰে সজ্জিত হৈ কুৰেইশ্বী ভাৰতৰ আগশাৰীৰ উদ্যোগপতিসকলৰ ভিতৰত অন্যতম এগৰাকী হৈ উঠিছিল। তেওঁ হাজাৰ হাজাৰ লোকৰ বাবে নিয়োগ সৃষ্টি কৰাৰ লগতে সামাজ সংস্কাৰৰ বাবে বিশেষভাৱে কন্যা শিশুৰ শিক্ষাৰ ক্ষেত্ৰত এক শক্তিশালী কণ্ঠ হিচাপে পৰিগণিত হৈছিল। 
 
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ছিৰাজুদ্দিন কুৰেইশ্বী
 
তেওঁ আৱাজ-দ্য ভইচ'ক কয়, "প্ৰায় ২০ বছৰ পূৰ্বে মই কুৰেইশ্বী বংশৰ প্ৰতিজন সদস্যক তেওঁলোকৰ কন্যাসকলক শিক্ষিত কৰাৰ প্ৰতিশ্ৰুতি দিবলৈ আহ্বান জনাই এটা অভিযান আৰম্ভ কৰিছিলো। আজি কুৰেইশ্বী সম্প্ৰদায়ৰ প্ৰায় ৭০-৮০ শতাংশ মহিলাই শিক্ষিত, এই পৰিৱৰ্তনক লৈ মই অতিশয় গৌৰৱান্বিত।"  
 
কুৰেইশ্বীয়ে সহজ বিবাহৰ পথক প্ৰচাৰ কৰিছিল আৰু যুৱকসকলক সম্প্ৰদায়ৰ পৰম্পৰাগত মাংসৰ ব্যৱসায়ৰ বাহিৰেও আধুনিক বৃত্তিত যোগদান কৰিবলৈ উৎসাহিত কৰিছিল। ফলস্বৰূপে, কুৰেইশ্বীসকলৰ মাত্ৰ ২০ শতাংশহে এতিয়া এই ব্যৱসায়ত জড়িত হৈ আছে, বাকীসকলে বিভিন্ন ক্ষেত্ৰত ভিন্নতা আনিছে। তেওঁ উল্লেখ কৰে যে, ভাৰতৰ মাংস উদ্যোগৰ শ্ৰমিকসকলৰ মাত্ৰ এক পঞ্চমাংশই মুছলমান, যদিও এই খণ্ডটোৱে দেশৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰত যথেষ্ট অৰিহণা যোগাই আহিছে।   
 
কুৰেইশ্বীৰ এই উদ্যমশীল যাত্ৰা আৰম্ভ হৈছিল বিনম্ৰভাৱে, কিন্তু বিস্তাৰিত হৈছিল এক বিশাল উদ্যোগ হিন্দ গ্ৰুপ অফ ইণ্ডাষ্ট্ৰীজলৈ। ১৯৮৯ চনত তেওঁ উত্তৰ প্ৰদেশৰ ছাহিবাবাদত তেওঁৰ প্ৰথম মাংস প্ৰক্ৰিয়াকৰণৰ কাৰখানা স্থাপন কৰিছিল। ইয়াৰ পিছত ১৯৯৭ চনত আলিগড়ত এটা অত্যাধুনিক কছাইখানা আৰু প্ৰক্ৰিয়াকৰণ সুবিধা স্থাপন কৰিছিল।
 
তেওঁৰ উদ্যোগে ভাৰতৰ মাংস উদ্যোগত বৈপ্লৱিক পৰিৱৰ্তন আনিছিল। তেওঁৰ উদ্যোগে দক্ষিণ-পূব এছিয়া, মধ্য প্ৰাচ্য, ইউৰোপ আৰু আফ্ৰিকাত মাংস ৰপ্তানি নেটৱৰ্ক গঢ়ি তুলিছিল। যাৰ জৰিয়তে ৫০ খনতকৈও অধিক দেশত ব্যৱসায় আৰম্ভ হৈছিল। 
 
ছিৰাজউদ্দিন কুৰেইশ্বী
 
তেওঁ পিছপৰা অঞ্চলৰ কৃষকসকলৰ মাজত পশুধন পালনৰ এক আৰ্হি প্ৰৱৰ্তন কৰিছিল। তেওঁ কৃষকসকলক বাণিজ্যিকভাৱে মতা মহৰ পোৱালি পালনৰ বাবে উৎসাহিত কৰিছিল। আজি এই নেটৱৰ্কৰ জৰিয়ত ১৬০,০০০ কৃষক পৰিয়ালৰ গৰু পোৱালিৰ মৃত্যুৰ হাৰ ৮০ শতাংশৰ পৰা ১০ শতাংশলৈ হ্ৰাস পাইছে আৰু দুগ্ধ উৎপাদন ১৫ শতাংশলৈ বৃদ্ধি পাইছে। 
 
মাংস খণ্ডৰ বাহিৰেও, কুৰেইশ্বীয়ে নিজৰ ব্যৱসায়ী  বিমান পৰিবহন, ৰিয়েল ইষ্টেট, আতিথ্য আৰু যোগাযোগৰ ক্ষেত্ৰলৈ সম্প্ৰসাৰিত কৰিছে। তেওঁৰ নেতৃত্বত  হিন্দ গ্ৰুপে ২০০৪ চনত থাই এয়াৰৱেজ (পশ্চিম ভাৰত) ৰ জেনেৰেল ছেলছ এজেন্ট হবলৈ সক্ষম হৈছিল আৰু বিমান পৰিবহণৰ ক্ষেত্ৰত দুটা দশকৰো অধিক অভিজ্ঞতা লাভ কৰে।
 
২০১০ চনৰ এপ্ৰিল মাহত ৱাশ্বিংটনত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰপতি উদ্যোগীকৰণ শীৰ্ষ সন্মিলনলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি বাৰাক ওবামাই আমন্ত্ৰণ জনোৱা ভাৰতীয় উদ্যোগপতিৰ এটা নিৰ্বাচিত গোটৰ ভিতৰত তেওঁৰ এই কৃতিত্বক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি দিয়া হয়। পিছলৈ তেওঁৰ ব্যৱসায়ৰ অৱনতি ঘটিল যদিও সামাজিক কামৰ প্ৰতি তেওঁৰ দায়বদ্ধতা অক্ষুণ্ণ হৈ আছিল।
 
কুৰেইশ্বীয়ে সামাজিক, শৈক্ষিক আৰু সাংস্কৃতিক সংগঠনৰ সৈতে গভীৰভাৱে জড়িত হৈ আছে। তেওঁ সৰ্বভাৰতীয় জমিয়ত-উল-কুৰেছৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি ভাৰত-কুৱেইট চেম্বাৰ অৱ কমাৰ্চ, ফেডাৰেচন অৱ ইণ্ডিয়া-আৰব চেম্বাৰ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰী, নোবেল এডুকেচন ফাউণ্ডেচন আৰু বিভিন্ন দ্বিপাক্ষিক ব্যৱসায়িক পৰিষদকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বাণিজ্যিক আৰু সাংস্কৃতিক সংস্থাৰ সৈতে জড়িত হৈ আছে।
 
আই আই চি চিৰ সভাপতি হিচাপে ছিৰাজুদ্দিন কুৰেইশ্বী
 
তেওঁৰ অৱদানৰ বাবে তেওঁ ৰাষ্ট্ৰীয় পশু চিকিৎসা বিজ্ঞান একাডেমীৰ পৰা সন্মানীয় ফেল'শ্বিপ আৰু ২০০৬ চনত সৰ্বভাৰতীয় খাদ্য সংসাধক সংস্থাৰ পৰা মাংস উদ্যোগত জীৱনজোৰা কৃতিত্ব বঁটাকে ধৰি বহু সন্মান লাভ কৰিছে লাভ কৰিছিল। 
 
প্ৰায় দুই দশক ধৰি আইআইচিচিৰ সভাপতি হিচাপে কুৰেইশ্বীয়ে ইয়াৰ আইকনিক ভৱনৰ নিৰ্মাণৰ কাম তদাৰক কৰিছিল আৰু ইয়াৰ বাবে প্ৰায় ১৮ মাহৰ ভিতৰত প্ৰায় ₹৮-৯ কোটি ব্যয়ৰে সম্পূৰ্ণ হৈ উঠিছিল। ইয়াৰ মূলতঃ সদস্যপদ আৰু বেংকৰ ঋণৰ জৰিয়তে বিত্তীয় সাহায্য প্ৰদান কৰা হৈছিল। আজি কেন্দ্ৰটো দিল্লীৰ অন্যতম সন্মানীয় সাংস্কৃতিক প্ৰতিষ্ঠান হিচাপে পৰিগণিত হৈছে। ইয়াত বহু হল, প্ৰেক্ষাগৃহ, পুথিভঁৰাল আৰু উচ্চ পৰ্যায়ৰ অনুষ্ঠান আয়োজনৰ বাবে এখন উদ্যানো আছে। 
 
ইয়াৰ বহু বিশিষ্ট দৰ্শকসকলৰ ভিতৰত আছে ড০ এ পি জে আব্দুল কালাম, প্ৰণৱ মুখাৰ্জী, অটল বিহাৰী বাজপেয়ী আৰু এল কে আদৱানী। ৰাজনৈতিক ক্ষেত্ৰখনৰ সৈতে সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক বজাই ৰখাৰ বাবে জনপ্ৰিয় কুৰেইশ্বীয়ে ২০১৪ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰ গঠন হোৱাৰ পিছত ব্যক্তিগতভাৱে তেওঁক অভিনন্দন জ্ঞাপন কৰিছিল।   
 
পিছলৈ ঘূৰি চালে ছিৰাজুদ্দিন কুৰেইশীয়ে নিজৰ সম্প্ৰদায়ৰ পৰিৱৰ্তনক প্ৰত্যক্ষ কৰি গৌৰৱ অনুভৱ কৰে। য'ত মহিলাসকলে বিভিন্ন বৃত্তিৰ ক্ষেত্ৰত উৎকৃষ্টতা অৰ্জন কৰিছে আৰু যুৱক-যুৱতীসকলে পৰম্পৰাগত বাধা নেউচি আগবাঢ়ি গৈছে। তেওঁ কয়, "আমি কিমান দূৰ আগবাঢ়িছোঁ সেয়া দেখি মই সন্তোষ লাভ কৰিছো। আমি যি পৰিৱৰ্তনৰ সপোন দেখিছিলো সেয়াৰ মাত্ৰ আৰম্ভহে হৈছে।"