অসমৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৯৫ জনলৈ বৃদ্ধি; নতুনকৈ ছিঙিলে ৭টা মথাউৰি

Story by  atv | Posted by  [email protected] • 1 d ago
অসমৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৯৫ জনলৈ বৃদ্ধি; নতুনকৈ ছিঙিলে ৭টা মথাউৰি
অসমৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৯৫ জনলৈ বৃদ্ধি; নতুনকৈ ছিঙিলে ৭টা মথাউৰি
 
গুৱাহাটী
 
অসমত বানৰ সংহাৰ অব্যাহত আছে৷ বুধবাৰে পুনৰ ৰাজ্যত ৬ জন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হয়৷ যাৰ ফলত এইবাৰৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৯৫ জনলৈ বৃদ্ধি পাইছে। ইফালে বানত ক্ষতিগ্ৰস্তৰ সংখ্যা ১৪খন জিলাত ১.৬ লাখলৈ বৃদ্ধি পাইছে।
 
অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দৈনিক বান সম্বন্ধীয় বুলেটিন অনুসৰি শিৱসাগৰ আৰু বিশ্বনাথ জিলাত বানত ২জনকৈ লোকৰ মৃত্যু হোৱাৰ বিপৰীতে গোলাঘাট আৰু মৰিগাঁৱত এজনকৈ লোকৰ মৃত্যু হৈছে।
 
ইফালে বিশ্বনাথ, চৰাইদেউ, দৰং, ধেমাজি, গোলাঘাট, যোৰহাট, কামৰূপ মহানগৰ, কাৰ্বি আংলং, লখিমপুৰ, নগাঁও, শিৱসাগৰ, শোণিতপুৰ, তিনিচুকীয়া, আৰু ওদালগুৰি জিলাৰ ৩৮ টা ৰাজহ চক্ৰৰ ৫৬৩খন গাঁও বানত ডুব গৈছে আৰু ১ লাখ ৬০ হাজাৰ ৬০০ৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে।
 
প্ৰতিবেদন অনুসৰি বানত ১৬,৯৫১.৭৬ হেক্টৰ শস্য নষ্ট হৈছে। ইফালে ৩৫,০২৫ টা পশুধন ক্ষতিগ্ৰস্ত হোৱাৰ বিপৰীতে ৮,৫২৯ টা পশুধনৰ বানৰ পানীয়ে উটুৱাই নিয়ে।
 
শিৱসাগৰ জিলা বানত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে৷ শিৱসাগৰত ৫৭ হাজাৰৰো অধিক লোক বানত আক্ৰান্ত হোৱাৰ বিপৰীতে গোলাঘাটত ৩৪,০০০ আৰু যোৰহাট ২৫,০০০ লোক বানৰ কৱলত আছে।
 
নুমলীগড়ত ধনশিৰি নদীৰ জলস্তৰ বৰ্তমানো বিপদসীমাৰ ওপৰেদি বৈ আছে।
 
ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি বানে ৰাজ্যখনৰ আন্তঃগাঁথনিৰ ব্যাপক ক্ষতিসাধন কৰিছে। বিশ্বনাথৰ ব্ৰহ্মজানৰ সমীপৰ ৫টা মথাউৰি আৰু দৰং জিলাৰ মঙলদৈৰ দুটা ডাঙৰ মথাউৰি বানে ছিঙি নিয়ে৷ চৰাইদেউ চোলাপথাৰত এখন তীখাৰ দলং আৰু ওদালগুৰি টংলাত এখন ফুটব্ৰিজো বানত ক্ষতিগ্ৰস্ত হৈছে।