খিলঞ্জীয়া মুছলমানৰ উন্নয়নৰ বাবে অসম চৰকাৰে চলাব সমীক্ষা, কেবিনেটত শীঘ্ৰে গ্ৰহণ কৰিব সিদ্ধান্ত

Story by  Daulat Rahman | Posted by  [email protected] • 9 Months ago
জিকিৰ পৰিবেশন কৰি থকা এক দৃশ্য
জিকিৰ পৰিবেশন কৰি থকা এক দৃশ্য
 
দৌলত ৰহমান / গুৱাহাটী
 
অসমৰ খিলঞ্জীয়া মুছলমান জনগোষ্ঠী গৰিয়া, মৰিয়া, আৰু দেশীৰ আৰ্থ-সামাজিক অৱস্থাৰ বিষয়ে জানিবলৈ এক সমীক্ষা চলাবলৈ ৰাজ্য চৰকাৰে অতি সোনকালে কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰিব। মঙলবাৰে দিছপুৰত অনুষ্ঠিত এক বৈঠকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলক এই আশ্বাস দিয়ে।
 
মুখ্যমন্ত্ৰীয়ে লগতে আশ্বাস দিয়ে যে তেওঁৰ চৰকাৰে সমষ্টি পুনৰ নিৰ্ধাৰণৰ সময়ত খিলঞ্জীয়া মুছলমানসকলৰ বাবে কমেও এটা বিধানসভা সমষ্টি সংৰক্ষণ কৰিবলৈ চেষ্টা কৰিব। মঙলবাৰৰ বৈঠকত মুখ্যমন্ত্ৰী শৰ্মাই সংখ্যালঘুসকলৰ কল্যাণৰ সৈতে জড়িত এজন শীৰ্ষ বিষয়াক পৰৱৰ্তী কেবিনেট বৈঠকত গৰিয়া, মৰিয়া আৰু দেশী মুছলমানসকলৰ আৰ্থ-সামাজিক অৱস্থা বিচাৰিবলৈ জৰীপ কৰাৰ ওপৰত এটা টোকা আনিবলৈ কয়, যাতে চৰকাৰে শীঘ্ৰে জৰীপ আৰম্ভ কৰাৰ সিদ্ধান্ত ল'ব পাৰে। সিদ্ধান্তটো এই মাহৰ ভিতৰত লোৱা হ'ব বুলি আশা কৰা হৈছে।
 
মেখেলা-চাদৰ পৰিধান কৰা কেইগৰাকীমান অসমীয়া মুছলমান মহিলা
 
উল্লেখ্য যে, ২০২২ চনত অসম কেবিনেটে পাঁচটা অসমীয়া মুছলমান উপ-গোট ক্ৰমে গৰিয়া, মৰিয়া, জুলহা, দেশী আৰু ছৈয়দক "থলুৱা" অসমীয়া মুছলমান সম্প্ৰদায় হিচাপে চিনাক্ত কৰিবলৈ অনুমোদন জনাইছিল। কেবিনেটৰ এক টোকাত কোৱা হৈছে যে এই পদক্ষেপে "স্বাস্থ্য, সাংস্কৃতিক পৰিচয়, শিক্ষা, বিত্তীয় অন্তৰ্ভুক্তি, দক্ষতা বিকাশ আৰু মহিলা সৱলীকৰণত তেওঁলোকৰ বিকাশ নিশ্চিত কৰিব।" 
 
এই চিনাক্তকৰণৰ মূল উদ্দেশ্য হৈছে অসমত দশক দশক ধৰি বাস কৰি থকা অসমীয়া মুছলমান আৰু প্ৰব্ৰজনকাৰী বঙালী ভাষী বা পূব বংগ (বৰ্তমান বাংলাদেশ)মূলৰ মুছলমানসকলৰ মাজত "বিভ্ৰান্তি" দূৰ কৰা।
 
সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ প্ৰতিনিধি দলৰ অন্যতম সদস্য প্ৰখ্যাত শল্য চিকিৎসক পদ্মশ্ৰী ড০ ইলিয়াছ আলীয়ে কয় যে চৰকাৰৰ প্ৰস্তাৱিত জৰীপে খিলঞ্জীয়া মুছলমানসকলৰ আৰ্থ-সামাজিক অৱস্থা উন্নত কৰিব আৰু তেওঁলোকৰ ভৱিষ্যত বিকাশ নিশ্চিত কৰিব।
 
ৰঙালী উৎসৱত দেশী সম্প্ৰদায়ৰ এজাক যুৱতীয়ে নৃত্য পৰিবেশন কৰি থকা এক মূহুৰ্ত
 
মুছলমানসকল এই ভূমিৰ এক অবিচ্ছেদ্য অংগ, অসমৰ প্ৰায় এক তৃতীয়াংশ জনসংখ্যা ইছলামধৰ্মী। জম্মু-কাশ্মীৰৰ পাছত অসমত ভাৰতৰ ভিতৰতে দ্বিতীয় সৰ্বাধিক মুছলমান জনসংখ্যা। ৰাজ্যৰ মুঠ জনসংখ্যা (৩.১২ কোটি)ৰ  ৩৪ শতাংশতকৈ অধিক মুছলমান লোক আছে।
 
অসমৰ মুছলমানসকল অৱশ্যে ভাৰতৰ বিভিন্ন প্ৰান্তৰ মুছলমানসকলতকৈ পৃথক। গৰীয়া, দেশী, জুলহা আদি খিলঞ্জীয়া অসমীয়া মুছলমানসকলৰ অধিকাংশই কছাৰী, ৰাজবংশী, নগা, মণিপুৰী, গাৰো আৰু চাহ জনজাতি আদি বিভিন্ন খিলঞ্জীয়া জনগোষ্ঠীৰ পৰা ধৰ্মান্তৰিত। অসমীয়া মুছলমানৰ প্ৰধান উপগোট ছৈয়দ আৰু মৰিয়াসকলৰো ৰাজ্যখনৰ খিলঞ্জীয়া জনগোষ্ঠীৰ সৈতে পূৰ্বপুৰুষৰ সম্পৰ্ক আছে।
 
কিন্তু বিভিন্ন মুছলমান সংগঠনৰ মতে ৰাজ্যখনৰ ১.২৩ কোটি মুছলমানৰ ভিতৰত খিলঞ্জীয়া অসমীয়া ভাষী মুছলমান মাত্ৰ ৪২ লাখ (৩৫ শতাংশ)হে আছে, বাকীসকল বাংলাভাষী যিসকল কেৱল অসমীয়া মুছলমানৰ পৰাই নহয়, ভাৰতৰ বাকী অংশৰ মুছলমানসকলৰ পৰাও সাংস্কৃতিকভাৱে পৃথক। বাংলাভাষী মুছলমানসকল প্ৰধানতঃ দুটা মূলৰ। খিলঞ্জীয়া বাংলাভাষী মুছলমানসকল বেছিভাগেই বৰাক উপত্যকাৰ বাসিন্দা, আৰু প্ৰব্ৰজিত মূলৰ মুছলমানসকল বেছিভাগেই ব্ৰহ্মপুত্ৰ উপত্যকাৰ বাসিন্দা।
 
দেশী মুছলমানসকলৰ পৰম্পৰাগত নৃত্যৰে বিহু উৎসৱ পালন
 
ভাৰতৰ বাকী অংশৰ বিপৰীতে ৰাজ্যখনৰ খিলঞ্জীয়া জনগোষ্ঠীত শিপাই থকা অসমৰ মুছলমানসকলে ৰাজ্যখনৰ অ-মুছলমান লোকৰ দৰে ধৰ্মীয় অনুষ্ঠানত কিছুমান সামাজিক ৰীতি-নীতি পালন কৰে।
 
মঙলবাৰে মুখ্যমন্ত্ৰীৰ সৈতে হোৱা বৈঠকত উপস্থিত থকা জ্যেষ্ঠ অধিবক্তা তথা যুটীয়া ৰাজ্যিক হজ সমিতি, অসমৰ অধ্যক্ষ নেকিবুৰ জামানে কয় যে তেওঁলোকে ২০০৬ চনৰ পৰা ৰাজ্যখনৰ খিলঞ্জীয়া মুছলমান সম্প্ৰদায়ৰ সুকীয়া পৰিচয় স্বীকৃতিৰ বাবে হেঁচা প্ৰয়োগ কৰি আহিছে। ‘পূব বংগ মূলৰ প্ৰব্ৰজনকাৰী মুছলমানৰ উপস্থিতিৰ বাবে আমি পৰিচয় সংকটত ভুগি আহিছো। অসমৰ সংখ্যালঘু জনগোষ্ঠী হিচাপে প্ৰব্ৰজিত মুছলমান সকলৰ সৈতে আমাক সদায় সাঁঙুৰি লোৱা হয়।  আমি আশা কৰিছো যে চৰকাৰৰ প্ৰস্তাৱিত সমীক্ষাই ৰাজ্যখনৰ খিলঞ্জীয়া মুছলমানসকলক এক সুকীয়া পৰিচয় দিব।’-জামানে কয়।
 
সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰৰ কেন্দ্ৰীয় কাৰ্য্যকৰী সভাপতি নুৰুল হকে কয় যে মুখ্যমন্ত্ৰীয়ে খিলঞ্জীয়া মুছলমানসকলৰ দাবী আৰু অভিযোগসমূহ ধৈৰ্য্য সহকাৰে শুনে। ‘আমি লগতে দাবী জনাইছো যে দুটাৰ পৰা তিনিটা বিধানসভা সমষ্টি খিলঞ্জীয়া মুছলমানৰ বাবে সংৰক্ষিত কৰিব লাগে। এই দাবীৰ প্ৰতি মুখ্যমন্ত্ৰীয়ে ইতিবাচক সঁহাৰি দিয়ে।’-হকে কয়।