গুৱাহাটী
অসম আৰক্ষীয়ে দিল্লীৰ পৰা শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰিছে৷ বুধবাৰে পুৱাই দুয়োকে গুৱাহাটীলৈ অনা হয়৷ ছিংগাপুৰত জুবিন গাৰ্গৰ আকস্মিক বিয়োগৰ পিছৰে পৰাই নিজৰ স্থান সলাই ফুৰিছিল নৰ্থ-ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্ত আৰু জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই৷
ইতিমধ্যে দুয়োৰে গ্ৰেপ্তাৰ আৰু শাস্তিৰ দাবীত সমগ্ৰ অসম উত্তাল হৈ পৰিছে বিগত বাৰটা দিনে৷ ইয়াৰ মাজতে ৰাজ্য চৰকাৰে জুবিন গাৰ্গৰ মৃত্যুৰ এই ঘটনাৰ তদন্তৰ দায়িত্ব অৰ্পণ কৰিছে চি আই ডিক৷ সেইমৰ্মে এছ আই টিও গঠন কৰা হয়৷ ইপিনে নিজকে ধোৱা তুলসীৰ পাত সজাই শ্যামকানু মহন্তই আত্মগোপন কৰি থকাৰ পৰাই ফেচবুক পোষ্ট যোগে আত্মৰক্ষা সমৰ্থনৰ চেষ্টা চলাইছিল৷
অৱশ্যে ৰহস্যজনকভাৱে মঙলবাৰে ফেচবুকৰ পৰা অন্তৰ্ধান হৈ পৰিছিল শ্যামকানু মহন্তৰ দুয়োটা একাউণ্ট৷ আনহাতে সিদ্ধাৰ্থ শৰ্মাই নিজকে নিৰ্দোষী সজাই ফেচবুকৰ জৰিয়তে মুকলি চিঠি লিখিছিল৷ অসম আৰক্ষীয়ে শ্যামকানু মহন্তক দিল্লীৰ পৰা আৰু সিদ্ধাৰ্থ শৰ্মাক গুৰগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰাৰ পিছত দুয়োকে এয়াৰ ইণ্ডিয়াৰ IX 1197 নম্বৰ বিমান যোগে বুধবাৰে পুৱাই গুৱাহাটীলৈ আনে৷
বুধবাৰে পুৱাৰে পৰা বৰঝাৰৰ গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰত গঢ়ি তোলা হয় আৰক্ষী, অৰ্ধ সামৰিক বাহিনী আৰু ৰেপিড এক্সন ফ'ৰ্চৰ কটকটীয়া নিৰাপত্তা৷ ১ অক্টোবৰ বুধবাৰে পুৱা তেওঁলোকক পোনে পোনে গুৱাহাটীৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ বাসগৃহলৈ লৈ যোৱা হয়।
বিষয়াসকলে নিশ্চিত কৰিছে যে গীতনগৰৰ আল্পনা এপাৰ্টমেণ্টত অৱস্থিত তেওঁৰ বাসগৃহত চিজেএমৰ সন্মুখত আনুষ্ঠানিকভাৱে দুয়োকে হাজিৰ কৰা হ’ব। চিজেএমৰ সন্মুখত তেওঁলোকৰ হাজিৰিয়ে তেওঁলোকক আটক কৰাৰ পিছত অসমৰ প্ৰথম আইনী পদক্ষেপ হিচাপে পৰিগণিত হৈছে, আৰু শুনানিয়ে তেওঁলোকৰ জিম্মাত থকাৰ অৱস্থা নিৰ্ণয় কৰিব বুলি আশা কৰা হৈছে।