গুৱাহাটী
কংগ্ৰেছ দলৰ যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে বিহাৰ বিধানসভা নিৰ্বাচনৰ ফলাফলক লৈ উদ্বিগ্নতা প্ৰকাশ কৰি এগজিট প’লৰ ভৱিষ্যদ্বাণী আৰু চূড়ান্ত ফলাফলৰ মাজত অমিল থকা বুলি প্ৰকাশ কৰিছে।
এক বিবৃতিত গগৈয়ে কয়, "বিহাৰৰ জনতাই ভোট দিছে, তাত কোনো সন্দেহ নাই, কিন্তু তেওঁলোকে এনে একপক্ষীয় নিৰ্বাচনৰ বাবে ভোট দিয়া নাছিল। শ্ৰেষ্ঠ নিৰ্বাচনী সমীক্ষকসকলক পৰাস্ত কৰাৰ বাবে নিৰ্বাচন আয়োগ আৰু জ্ঞানেশজীক অভিনন্দন জনাইছো।’’
তেওঁ উল্লেখ কৰে যে যদিও এক্সিট প'লসমূহে কিছুমান ভোটৰ ভাগ বতৰা দেখুৱাইছে, কিন্তু চূড়ান্ত হিচাপত দলসমূহৰ মাজত সামান্য পাৰ্থক্যহে প্ৰতিফলিত হৈছে। যিয়ে সামগ্ৰিক ফলাফলত যথেষ্ট প্ৰভাৱ পেলাব পৰা “নিৰ্বাচিত আসনত ভোট চুৰিৰ লক্ষ্য”ৰ সম্ভাৱনীয়তাক আলোকপাত কৰে বুলি গগৈয়ে উল্লেখ কৰে।
গগৈয়ে লগতে কয় যে সংবাদ মাধ্যমসমূহে বিৰোধী দলসমূহক প্ৰশ্নৰ উপৰি প্ৰশ্ন কৰিব পাৰে, কিন্তু তেওঁলোকে নিৰ্বাচন আয়োগক প্ৰশ্ন কৰাৰ পৰা বিৰত থাকে। তেওঁ পুনৰ কয় যে বিৰোধী দলসমূহে ভাৰতীয় গণতন্ত্ৰক সুৰক্ষিত কৰিবলৈ আৰু সংবিধানক ৰক্ষা কৰিবলৈ সত্যৰ সন্ধানত অটল থাকিব।
১৪ নৱেম্বৰত বিহাৰত NDAৰ ব্যাপক বিজয় সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে বিহাৰৰ ফলাফলে অসমৰ ওপৰত কোনো প্ৰভাৱ নেপেলায়।
তেওঁ কয় যে বিহাৰৰ জনতাই বিহাৰত ভোট দিব আৰু অসমৰ জনতাই অসমত ভোট দিব। অসমত ডিমাছা, বড়ো, কাৰ্বি, ৰাভা, মৰাণ, মটক, গোৰ্খা আৰু বঙালী সম্প্ৰদায়ৰ লোকে হিমন্ত বিশ্ব শৰ্মাৰ স্বৈৰাচাৰী শাসনৰ অৱসানৰ বাবে ভোটদান কৰিব।