শ্ৰীনগৰৰ নৌগাম থানা চৌহদত বিস্ফোৰণ, ৯ জনৰ মৃত্যু

Story by  atv | Posted by  Munni Begum • 1 h ago
বিস্ফোৰণৰ সন্দৰ্ভত জম্মু আৰু কাশ্মীৰৰ আৰক্ষী সঞ্চালক প্ৰধান নলিন প্ৰভাতৰ সংবাদমেল সম্বোধন
বিস্ফোৰণৰ সন্দৰ্ভত জম্মু আৰু কাশ্মীৰৰ আৰক্ষী সঞ্চালক প্ৰধান নলিন প্ৰভাতৰ সংবাদমেল সম্বোধন
 
আৱাজ দ্য ভয়েচ/ নতুন দিল্লী

শ্ৰীনগৰৰ নৌগাম আৰক্ষী থানাত সংঘটিত এক ভয়ংকৰ বিস্ফোৰণত ৯ জন লোকৰ মৃত্যু হোৱাৰ লগতে ২৯ জন লোক আহত হয়। বিষয়াসকলে এক 'হোৱাইট-কলাৰ' সন্ত্ৰাসবাদী মডুল গোচৰৰ সৈতে জড়িত বিস্ফোৰকসমূহৰ বৃহৎ ভাণ্ডাৰৰ পৰা নমুনা সংগ্ৰহ কৰি থকাৰ সময়তে বিস্ফোৰণটো সংঘটিত হয় বুলি শনিবাৰে আৰক্ষীয়ে জানিবলৈ দিয়ে। 
 
আৰক্ষীৰ শীৰ্ষ বিষয়াই জনোৱা মতে, শুকুৰবাৰে পুৱা এই বিস্ফোৰণটো সংঘটিত হয়। এই বিস্ফোৰণত নিহত অধিকাংশই আৰক্ষী আৰু ফৰেনচিক বিষয়া। এতিয়ালৈকে বিস্ফোৰণস্থলীৰ পৰা আঠটা মৃতদেহ উদ্ধাৰ কৰা হৈছে। মৃতদেহবোৰ শ্ৰীনগৰ আৰক্ষী কন্ট্ৰ'ল ৰুমলৈ লৈ যোৱা হৈছে। আহতসকলক শ্ৰীনগৰৰ বিভিন্ন চিকিৎসালয়ত ভৰ্তি কৰা হৈছে আৰু মৃতকসকলক চিনাক্ত কৰাৰ প্ৰচেষ্টা অব্যাহত আছে। অতি কমেও ২৪জন আৰক্ষী বিষয়া আৰু ৩জন নাগৰিকক চহৰৰ বিভিন্ন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে।
 
লাডাখৰ উপ-ৰাজ্যপালে জম্মু-কাশ্মীৰ আৰক্ষী থানাত সংঘটিত এই বিস্ফোৰণৰ ঘটনাত গভীৰ শোক প্ৰকাশ কৰে। লাডাখৰ উপ-ৰাজ্যপাল কবীন্দ্ৰ গুপ্তাই এই ঘটনাত শোক প্ৰকাশ কৰি এই ঘটনাত আৰু বহু লোকৰ মৃত্যু হোৱাৰ আশংকা ব্যক্ত কৰে।
 
"শ্ৰীনগৰৰ নৌগাম আৰক্ষী থানাত সংঘটিত বিস্ফোৰণৰ ঘটনাই গভীৰ দুখ দিছে। এই ঘটনাত যিসকল লোকে প্ৰাণ হেৰুৱাইছে তেওঁলোকৰ পৰিয়াললৈ মই সমবেদনা জনাইছো আৰু আহতসকলৰ আশু আৰোগ্য কামনা কৰিছো।’’- শ্ৰী গুপ্তাই এইদৰে টুইট কৰি দুখ প্ৰকাশ কৰে।