শান্তি প্ৰিয় ৰায়চৌধুৰী
অহা বছৰৰ জুন-জুলাই মাহত আমেৰিকা, মেক্সিকো আৰু কানাডাত বিশ্বকাপ ফুটবল অনুষ্ঠিত হ'ব। এইবেলি ৪৮খন দেশে অংশগ্ৰহণ কৰিব। ইতিমধ্যে মুঠ ২৯টা দলে বিশ্বকাপত স্থান নিশ্চিত কৰিছে। বাকী ১৯টা দলৰ মাজৰ কেবাখনো দেশে চলিত সপ্তাহত টিকট লাভৰ অপেক্ষাত আছে।
কোৱালিফায়াৰ মেচত প্ৰাক্তন বিশ্ব চেম্পিয়ন ফ্ৰান্সে ইউক্ৰেইনক পৰাস্ত কৰি অষ্টমবাৰৰ বাবে বিশ্বকাপত স্থান নিশ্চিত কৰিবলৈ সক্ষম হয়। নৰৱেও তেওঁলোকৰ পথ অনুসৰণ কৰিছে। গ্ৰুপ-আইৰ ৭খন খেলত জয়ী হৈ শীৰ্ষস্থানত আছে দেশখন।
সোমবাৰে(১৭ নৱেম্বৰ) ইটালীৰ বিৰুদ্ধে অষ্টমখন মেচত নৰৱেৰ সন্মুখত নিজৰ টিকট নিশ্চিত কৰাৰ এক সুৱৰ্ণ সুযোগ। খেলখনত জয়ী হ'লেও বা ড্ৰ' হ'লেতো কথাই নাই নতুবা ৯ গ'লৰ ব্যৱধানত পৰাজিত হ'লেও তেওঁলোকে প্ৰথমবাৰৰ বাবে বিশ্বকাপ খেলিব।
ইপিনে, ইউৰোপৰ পৰা পৰ্তুগাল, নেদাৰলেণ্ড, ক্ৰোয়েছিয়া আৰু বেলজিয়ামেও ভাল প্ৰদৰ্শন কৰিছে। আনহাতে, আহ্বায়ক দেশ হিচাপে আমেৰিকা, কানাডা আৰু মেক্সিকোৰ বিশ্বকাপ যাত্ৰা পূৰ্বেই নিশ্চিত হৈ আছে।
এছিয়া অঞ্চলত চলিত সপ্তাহত সংযুক্ত আৰৱ আমিৰাত (ইউএই) আৰু ইৰাকৰ সন্মুখত এক বৃহৎ সুযোগ আছে। কোৱালিফায়াৰৰ খেলত দুয়োটা দলে নিজৰ নিজৰ যোগ্যতা অনুসৰি খেলিলে বিশ্বকাপত স্থান নিশ্চিত হ'ব।
বিশ্বকাপত দল সংখ্যা ৩২ৰ পৰা ৪৮লৈ বৃদ্ধি হোৱাৰ লগে লগে কোৱালিফায়াৰ প্ৰতিযোগিতাও তীব্ৰতৰ হৈ পৰিছে। ইয়াৰ লগে লগে নতুন দলসমূহৰ সপোন পূৰণ কৰাৰ সম্ভাৱনাও বৃদ্ধি পাইছে। চলিত সপ্তাহত, দ্য গ্ৰেটেষ্ট শ্ব' অন আৰ্থৰ তালিকাত নতুন দল অন্তৰ্ভুক্ত হ'ব পাৰে।
২০২৬ চনৰ বিশ্বকাপত বৰ্তমানলৈ অংশগ্ৰহণ নিশ্চিত কৰা দলসমূহ হৈছেঃ
আহ্বায়ক দেশঃ আমেৰিকা, কানাডা, মেক্সিকো
কোৱালিফায়াৰ অতিক্ৰম কৰিছেঃ
জাপান, নিউজিলেণ্ড, ইৰান, আৰ্জেণ্টিনা, উজবেকিস্তান, জৰ্দান, দক্ষিণ কোৰিয়া, অষ্ট্ৰেলিয়া, ইকুৱেডৰ, ব্ৰাজিল, উৰুগুৱে, কলম্বিয়া, পাৰাগুৱে, মৰক্কো, টিউনিছিয়া, ইজিপ্ত, আলজেৰিয়া, ঘানা, কেপ ভাৰ্দে, দক্ষিণ আফ্ৰিকা, কাটাৰ, ইংলেণ্ড, ফ্ৰান্স, ছৌদি আৰৱ, আইভৰী কোষ্ট আৰু ছেনেগাল।