বিদুশী গৌৰ/ নতুন দিল্লী
ঐতিহ্য আৰু আধুনিকতাৰ মিলন ঘটা দিল্লীৰ মাজমজিয়াত ড০ আমনা মিৰ্জাই এগৰাকী শিক্ষয়িত্ৰী হিচাপে মানুহৰ মানসিকতাৰ ব্যাপক পৰিৱৰ্তন সাধন কৰিবলৈ সক্ষম হৈছে।পেছাত তেওঁ ৰাজনীতি বিজ্ঞানৰ অধ্যাপক, সেই অনুসৰি তেওঁৰ প্ৰবৃত্তিয়েই হ’ল পৰিৱৰ্তনকামী।
ড০ মিৰ্জাৰ এই যাত্ৰাই শিক্ষাৰ সৈতে জড়িত কঠিনতাক প্ৰত্যাহ্বান জনায়। তেওঁ একেধাৰে শিক্ষয়িত্ৰী, সমাজকৰ্মী, সাংস্কৃতিক পৃষ্ঠপোষক আদিৰ দৰে কেইবাটাও ভূমিকা পালন কৰে৷ আনহাতে, আটাইতকৈ ডাঙৰ কথা তেওঁ এগৰাকী গৌৰৱান্বিত দিল্লীবাসী, যি নিজস্ব মানুহ আৰু বৈচিত্ৰতাৰ মাজেৰে ৰাষ্ট্ৰৰ আত্মাক গঢ়ি তোলাত বিশ্বাসী।
আমনা মিৰ্জা
ড০ আমনা মিৰ্জা কেৱল এগৰাকী শিক্ষাবিদেই নহয়, এগৰাকী পৰামৰ্শদাতাও৷ তেওঁ শিক্ষাক পৰিৱৰ্তনৰ এক সঁজুলি হিচাপে গণ্য কৰে। প্ৰায়ে বক্তৃতাত তেওঁ পাঠ্যপুথিৰ বাহিৰেও উৰ্দু কবিতা, ভাৰতীয় ইতিহাস আৰু সমসাময়িক ঘটনাৱলীৰ কথা উল্লেখ কৰে। দিল্লী বিশ্ববিদ্যালয়ত শিক্ষকতা কৰা ড০ মিৰ্জাই তেওঁৰ শিক্ষা প্ৰতিষ্ঠানখনক কেৱল শৈক্ষিক স্থিতিৰ বাবে নহয়, ভাৰতৰ গণতান্ত্ৰিক বক্তৃতাক এক অনন্য ৰূপ প্ৰদান কৰা ভূমিকাৰ বাবেও শ্ৰদ্ধা কৰে।
তেওঁৰ শ্ৰেণীকোঠা তেওঁৰ আদৰ্শৰ দৰে অন্তৰ্ভুক্তিমূলক। ‘‘শিক্ষাৰ অৰ্থ কেৱল ডিগ্ৰী নহয়। ই সন্মানৰ বিষয়৷’’- তেওঁ কয়৷
উপেক্ষিত আৰু নিম্ন-প্ৰতিনিধিত্বমূলক পটভূমিৰ পৰা অহা ছাত্র-ছাত্রীসকলে তেওঁলোকৰ উদ্বেগৰ অনুৰণন তোলে। তেওঁ প্ৰথম প্ৰজন্মৰ ছাত্ৰ-ছাত্ৰীসকলক পথ প্ৰদৰ্শন কৰা বিষয়টোত বিশেষ গৌৰৱ অনুভৱ কৰে।
প্ৰাপ্যৰ পৰিৱৰ্তে প্ৰচেষ্টাৰ প্ৰতিহে তেওঁ দৃঢ় বিশ্বাসী৷ তেওঁ প্ৰায়ে তেওঁৰ শিক্ষাৰ্থীসকলক সোঁৱৰাই দিয়েঃ সফলতাৰ দুটা উপায় আছে- এটা হ’ল কঠোৰ পৰিশ্ৰম আৰু আনটো হ’ল প্ৰশংসা কৰা৷ তেওঁৰ বাবে কঠোৰ পৰিশ্ৰমৰ কোনো সন্মানজনক বিকল্প নাই, আৰু তেওঁ এই বিশ্বাসৰ ওপৰত ভিত্তি কৰি বছৰ বছৰ ধৰি শৈক্ষিক অনুশাসন আৰু সমাজৰ সৈতে জড়িত হৈ আছে।
ওনাম উৎসৱ উদযাপন কৰিছে আমনা মিৰ্জাই
ড০ মিৰ্জাই প্ৰায়ে গালিব বা কবীৰক শ্ৰদ্ধাৰে স্মৰণ কৰে। ড০ মিৰ্জা সাহিত্যিক পৰম্পৰা আৰু ধৰ্মনিৰপেক্ষ মূল্যবোধৰ মাজত গঢ় লৈ উঠা এটা পৰিয়ালত ডাঙৰ-দীঘল হৈছিল। মিৰ্জাই বিশ্বাস কৰে যে ভাষা আৰু সংস্কৃতি হৈছে সম্প্ৰীতি বজাই ৰখাৰ আটাইতকৈ শক্তিশালী সঁজুলি। তেওঁৰ শৈক্ষিক কৰ্মৰাজি তেওঁৰ সাংস্কৃতিক সক্ৰিয়তাৰ সৈতে সংযুক্ত। তেওঁ গংগা-জামুনি তেহজিবৰ বিষয়ে বহুলভাৱে লিখা-মেলা কৰিছে৷ সেয়া শতাব্দী পুৰণি সমন্বিত সংস্কৃতি যিয়ে উত্তৰ ভাৰতৰ হিন্দু আৰু মুছলমানসকলক একত্ৰিত কৰে, বিশেষকৈ দিল্লী আৰু লক্ষ্ণৌৰ দৰে চহৰসমূহত।
‘‘দিল্লীত হিন্দু মন্দিৰৰ সমীপত এটা চুফি দৰগাহ আছে। এয়া কেৱল ভৌগোলিক পৰিচয় নহয়, এয়া আমাৰ ইতিহাসো৷"- তেওঁ গৰ্বৰে কয়। পুৰণি দিল্লীত মুছাহাৰাৰ আয়োজন, আন্তঃধৰ্মীয় সংলাপ বা সাংস্কৃতিক ঐতিহ্য পদযাত্ৰাই হওক ড০ মিৰ্জাই সেই সংমিশ্ৰিত সংস্কৃতিক ক্ৰমান্বয়ে মেৰুকৃত পৃথিৱীখনত জীয়াই ৰখাত গভীৰভাৱে মনোনিবেশ কৰিছে।
শৈক্ষিক জগতৰ বাহিৰেও তেওঁৰ বক্তৃতাই ব্যক্তিগত আৰু সামাজিক ধুমুহাৰ মাজতো বহুজনক পথ প্ৰদৰ্শন কৰিছে। তেওঁ অনিশ্চয়তাৰ মাজতো অধ্যৱসায়ত বিশ্বাস কৰে৷ তেওঁ কয়, "কোনো ধুমুহা স্থায়ী নহয়। আগবাঢ়ি থাকক আৰু সদায় আগবাঢ়ি যাবলৈ পৰিৱৰ্তনৰ সন্ধান কৰক।’’ এই আভ্যন্তৰীণ স্থিতিস্থাপকতাই তেওঁৰ পাণ্ডিত্ব আৰু সামাজিক প্ৰসাৰ উভয়কে সংজ্ঞায়িত কৰে।
এক অনুষ্ঠানত ভাষণ প্ৰদান কৰিছে আমনা মিৰ্জাই
ক'ভিড-১৯ৰ লকডাউনৰ সময়ছোৱাত, যেতিয়া বিশ্বৰ অধিকাংশ দেশেই স্থবিৰ হৈ পৰিছিল, ড০ মিৰ্জাই খাদ্য বিতৰণ, চিকিৎসা সাহায্য, আৰু অনলাইন শিক্ষা সমৰ্থনৰ বাবে স্বেচ্ছাসেৱী গোটসমূহক সংগঠিত কৰে। তেওঁৰ 'সকলোৰে বাবে কিতাপ'- এক তৃণমূল পৰ্যায়ৰ প্ৰকল্প, যিয়ে অভাৱগ্ৰস্ত চুবুৰীসমূহত সৰু সৰু পুথিভঁৰাল সৃষ্টি কৰে। তেওঁৰ এই পদক্ষেপে সমগ্ৰ দিল্লীৰ জনগোষ্ঠীসমূহৰ মাজত এক নীৰৱ বিপ্লৱ হিচাপে কাম কৰি আছে।
ড০ মিৰ্জাই লিংগ, সংখ্যালঘুৰ অধিকাৰ আৰু শিক্ষা সংস্কাৰৰ বিষয়ে হোৱা আলোচনাত সঘনাই অৰিহণা যোগাই আহিছে, য'ত তেওঁৰ চিন্তাশীল আৰু দৃঢ় মনা স্বভাৱৰ উমান পোৱা যায়। তেওঁৰ এই সক্ৰিয়তাই প্ৰচাৰ বিচৰা নাই, বৰং বুদ্ধিজীৱীসকলে সমাজত নৈতিক দিশ নিৰ্দেশক হিচাপে কাম কৰিব লাগে বুলি বিশ্বাস কৰাৰ পৰাহে এই সক্ৰিয়তাৰ উদ্ভৱ হৈছে।
‘লেহৰো সে ডৰকৰ নৌকা পাৰ নেহি হোতি, ক'শিশ কৰণে ৱালো কি ক'ভি হাৰ নেহি হোতি!’ কবি ছোহন লাল দ্বিবেদীৰ এই পংক্তি তেওঁৰ প্ৰিয়, সেয়া তেওঁ স’ততে আওৰায়৷ এই পংক্তিবোৰ তেওঁৰ জীৱনত গভীৰভাৱে প্ৰতিধ্বনিত হয়, য'ত প্ৰত্যাহ্বানক ভয় কৰা নহয়, বৰং অধিক প্ৰচেষ্টা আৰু গভীৰ সহানুভূতিৰ আহ্বান হিচাপে গ্ৰহণ কৰা হয়।
এক অনুষ্ঠানত আমনা মিৰ্জা
বহু ঠাই ভ্ৰমণ কৰিলেও আমনা মিৰ্জাৰ দিল্লীৰ সৈতে এক গভীৰ সম্পৰ্ক আছে, যাক তেওঁ "ভাৰতৰ সংস্কৃতিৰ এক জীৱন্ত পুথিভঁৰাল" বুলি অভিহিত কৰে। দিল্লীৰ প্ৰতি থকা তেওঁৰ প্ৰেম কেৱল তেওঁৰ শৈক্ষিক লিখনিতেই সীমাবদ্ধ নহয়, তেওঁৰ দৈনন্দিন জীৱনতো প্ৰতিফলিত হয়, সেয়া লোধি উদ্যানৰ মাজেৰে তেওঁৰ ভ্ৰমণ, দিল্লী হাটত স্থানীয় শিল্পীসকলৰ প্ৰতি তেওঁৰ সমৰ্থন বা বা ওচৰ-চুবুৰীয়াৰ সাক্ষৰতা অভিযানত তেওঁৰ অংশগ্ৰহণ।
"ভৱিষ্যতৰ দিশে অগ্ৰসৰ হোৱাৰ সময়ত দিল্লীয়ে মোক ইতিহাসৰ কথা শুনিবলৈ শিকাইছে।’’- তেওঁ কয়৷
সঁচাকৈয়ে, যি সময়ত ৰাজধানী চহৰসমূহত প্ৰায়েই পৰিচয় আৰু মতাদৰ্শৰ মাজত সংঘৰ্ষ হয়, তেওঁৰ কণ্ঠই স্পষ্টতা, সহানুভূতি আৰু আশা প্ৰদান কৰে।
তেওঁৰ এই যাত্ৰাই আমাক এই কথা মনত পেলাই দিয়ে যে এগৰাকী শিক্ষাবিদৰ ভূমিকা কেৱল মঞ্চত বা আলোচনীখনৰ পৃষ্ঠাতে সীমাবদ্ধ হ'ব নালাগে। ই চহৰৰ বাট-পথ, জনসাধাৰণৰ সংগ্ৰাম আৰু সংস্কৃতিৰ আত্মালৈ সম্প্ৰসাৰিত হ'ব লাগে।দিল্লীয়ে ড০ আমনা মিৰ্জাৰ ৰূপত দিল্লীয়ে কেৱল এগৰাকী পণ্ডিতকে নহয়, এগৰাকী বিবেকবান নাগৰিককো লাভ কৰিছে৷ যিয়ে এখন হাতত কিতাপ আৰু আনখন হাতত আশা লৈ অনন্য নিদৰ্শন দাঙি ধৰিছে।