খাৰুৱা তেলৰ মজুতৰ ক্ষেত্ৰত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম

Story by  atv | Posted by  Munni Begum • 13 d ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
গুৱাহাটী
 
খনিজ সম্পদত চহকী অসমত মজুত থকা খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছ সন্দৰ্ভত বিভিন্ন তথ্য প্রকাশ কৰিছে কেন্দ্ৰীয় পৰিসংখ্যা আৰু আঁচনি ৰূপায়ণ মন্ত্ৰ্যালয়ে। তথ্যত প্রকাশ পোৱামতে ২০২৩ চনৰ ১ এপ্ৰিললৈকে খাৰুৱা তেলৰ মজুতৰ ক্ষেত্ৰত দেশৰ ভিতৰতে দ্বিতীয় স্থানত আছে অসম। 
 
মন্ত্ৰ্যালয়ে শেহতীয়াকৈ প্ৰকাশ কৰা 'শক্তি পৰিসংখ্যা ভাৰত-২০২৪' শীর্ষক এক প্রতিবেদন অনুসৰি অসমত উপলব্ধ খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ মজুতৰ আনুমানিক পৰিমাণ উল্লেখ কৰা হৈছে। বিগত বর্ষলৈকে সমগ্র দেশত মজুত থকা খাৰুৱা তেলৰ পৰিমাণ হৈছে ৬৫৩.০২ নিযুত টন। ইয়াৰ পূৰ্বৰ বৰ্ষত এই পৰিমাণ আছিল ৫৯১.৯২ নিযুত টন। ইয়াৰে ৩৩ শতাংশ খাৰুৱা তেলৰ ভাণ্ডাৰেৰে শীর্ষস্থানত আছে দেশৰ পশ্চিম ঘাটত। এই অঞ্চলটোত মজুত আছে ২১৬.৬৩ নিযুত টন খাৰুৱা তেল। 
 
সেইদৰে দ্বিতীয় স্থানত থকা অসমত মজুত আছে ১৪৮.৪৭ নিযুত টন খাৰুৱা তেল। তদুপৰি দেশৰ অন্যান্য ৰাজ্যসমূহৰ ভিতৰত ৰাজস্থানত ১০৩.৬৭ নিযুত টন, গুজৰাটত ১১৭.৩৭ নিযুত টন, পূব ঘাটত ৪১.০৭ নিযুত টন, অন্ধ্রপ্রদেশত ১১.৩৯ নিযুত টন, ত্ৰিপুৰাত ০.০০৭ নিযুত টন, অৰুণাচল প্রদেশত ২.৮৯ নিযুত টন খাৰুৱা তেল মজুত আছে। 
 
প্রতিবেদনত প্রকাশ পোৱামতে, প্রাকৃতিক গেছৰ ভাণ্ডাৰৰ ক্ষেত্ৰতো দেশৰ ভিতৰত তৃতীয় স্থানত আছে অসম। বিগত বর্ষলৈকে সমগ্র দেশত মজুত থকা ১,১৪৯.৪৬ বিলিয়ন কিউবিক মিটাৰ প্রাকৃতিক গেছৰ ভিতৰত পশ্চিম ঘাটত ২৯.৩৪ শতাংশ, পূব ঘাটত ২৩.৪৫ শতাংশ আৰু অসমত ১৪.৩৭ শতাংশ মজুত আছে। 
 
২০২২-২৩ বিত্তীয় বর্ষলৈকে পশ্চিম ঘাটত ৩৩৭.২৯ বিলিয়ন কিউবিক মিটাৰ, পূব ঘাটত ২৬৯.৫০ বিলিয়ন কিউবিক মিটাৰ আৰু অসমত ১৬৫.১৩ বিলিয়ন কিউবিক মিটাৰ প্রাকৃতিক গেছৰ ভাণ্ডাৰ মজুত আছে। অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ অৰুণাচল প্রদেশত ৭.৩০ বিলিয়ন কিউবিক মিটাৰ, ত্ৰিপুৰাত ৩০.৩৫ বিলিয়ন কিউবিক মিটাৰ আৰু নাগালেণ্ডত ০.০৯ বিলিয়ন কিউবিক মিটাৰ প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ আছে। 
 
উল্লেখ্য যে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত খাৰুৱা তেল আৰু প্রাকৃতিক গেছৰ উদ্‌ঘাটনৰ ক্ষেত্ৰত জড়িত হৈ থকা অন্যতম প্রতিষ্ঠান হৈছে অইল ইণ্ডিয়া লিমিটেড। তদুপৰি অ' এন জি চি আৰু আন ব্যক্তিগত খণ্ডৰ প্রতিষ্ঠানেও উত্তৰ-পূৰ্বাঞ্চলত খাৰুৱা তেল উৎপাদন কৰি আহিছে। অসমত প্ৰথমবাৰৰ বাবে ১৮৮৯ চনত তিনিচুকীয়া জিলাৰ ডিগবৈত খাৰুৱা তেল উদ্‌ঘাটন কৰা হৈছিল। তেতিয়াৰে পৰা সমগ্র দেশৰ খাৰুৱা তেলৰ উৎপাদন খণ্ডটোলৈ বৰঙণি আগবঢ়াই আহিছে অসমে। কিন্তু খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ উৎপাদনত চহকী হোৱাৰ পিচতো এতিয়াও দেশৰ শীৰ্ষ ৰাজ্যসমূহৰ তুলনাত অর্থনৈতিক ক্ষেত্রত যথেষ্ট পিচপৰি ৰৈছে অসম। 
 
অসমত মজুত থকা তৈল আৰু প্ৰাকৃতিক গেছৰ ভাণ্ডাৰে ৰাজ্যখনৰ অর্থনীতিক দেশৰ ভিতৰতে অন্যতম শক্তিশালী ৰাজ্য হিচাপে গঢ়ি তোলাৰ যথেষ্ট থল আছে। এইক্ষেত্ৰত চৰকাৰৰ যথেষ্ট কৰণীয় আছে। কেন্দ্রীয়, পৰিসংখ্যা আৰু আঁচনি ৰূপায়ণ ম্যালয়ে প্রকাশ কৰা অনুসৰি অসমত মজুত থকা বৃহৎ হাৰত তৈল আৰু প্ৰাকৃতিক গেছৰ ভাণ্ডাৰৰ সুযোগ লৈ ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ সহায়ত অর্থনীতিক নতুন ৰূপ দিব পাৰিব বুলি প্রতিবেদনত প্রকাশ।