বিশ্বৰ শীৰ্ষ ৬ এআই বিজ্ঞানীৰ তালিকাত অন্তৰ্ভুক্ত অসমৰ ৰঞ্জয় আদিত্য কৃষ্ণ

Story by  atv | Posted by  [email protected] • 1 h ago
ৰঞ্জয় আদিত্য কৃষ্ণ
ৰঞ্জয় আদিত্য কৃষ্ণ
 
নতুন দিল্লী
 
'কৃত্রিম বুদ্ধিমত্তা'(এ আই)ৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে বিশ্বজনীন বিৰল সন্মানৰ অধিকাৰী হৈছে এগৰাকী অসমীয়া বিজ্ঞানী। অত্যাধুনিক শৈক্ষিক গৱেষণা আৰু বাস্তৱ ক্ষেত্ৰত এ আই প্ৰয়োগৰ সেতু হিচাপে কাম কৰাৰ বাবে অসম সন্তান ড° ৰঞ্জয় আদিত্য কৃষ্ণলৈ আগবঢ়োৱা হৈছে 'পিপল টু বাটচ-২০২৬' সম্মান।
 
আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফর্নিয়াস্থিত বিশ্বজনীন সংবাদ সংস্থা 'এ আই বায়াৰে আগবঢ়াইছে এই সম্মান। 'কৃত্রিম বুদ্ধিমত্তা'ৰ ক্ষেত্ৰখনলৈ নিৰৱচ্ছিন্ন অৱদান আগবঢ়াই অহা আৰু এ আই জগতত ভবিষ্যতে নেতৃত্ব দিবলগীয়া বিশ্বৰ ছগৰাকী বিশিষ্ট বিজ্ঞানীৰ তালিকাত নাম অন্তর্ভুক্ত হৈ এই সন্মানৰ অধিকাৰী হৈছে অসম সন্তানগৰাকী। এ আইৰ গৱেষণা, উদ্যোগত ইয়াৰ প্রয়োগ, ছেমিকণ্ডাক্টৰৰ আন্তঃগাঁথনি আৰু এ আইৰ দায়িত্ব সন্দর্ভত বিগত সময়ছোৱাত কাম কৰি অহাৰ বাবে অসম সন্তানগৰাকীকে ধৰি বিশ্বৰ এই ছগৰাকী বিজ্ঞানীলৈ 'এ আই বায়াৰে' আগবঢ়াইছে স্বীকৃতি।
 
লক্ষণীয়ভাবে কৃত্রিম বুদ্ধিমত্তা, উচ্চ পাৰদর্শিতাসম্পন্ন কম্পিউটাৰ ব্যৱস্থা (এইচ পি চি), ঔদ্যোগিক এ আই, বিজ্ঞানসম্মত কম্পিউটাৰ ব্যৱস্থা আৰু প্ৰযুক্তিৰ বিকাশৰ খবৰৰ সম্ভাৰ এই সংবাদ সংস্থাটো। তাৰ অংশস্বৰূপে ভৱিষ্যতৰ ন ন আৱিষ্কাৰ, শৈক্ষিক কাৰ্যসূচীৰ সংযোগকাৰী, বাস্তব জগতত এ আইৰ প্ৰয়োগৰ ক্ষেত্রত অগ্রণী আৰু শ্রেষ্ঠৰূপে 'এ আই বায়াবে' এই ছগৰাকী বিজ্ঞানীক চিনাক্ত কৰিছে।
 
তাৰ ভিতৰত কৃতী অসমীয়া বিজ্ঞানী ড° ৰঞ্জয় আদিত্য কৃষ্ণ অন্যতম। উল্লেখযোগ্য যে গুৱাহাটীৰ খাৰঘুলিৰ বাসিন্দা ৰাজ্যৰ প্রাক্তন মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ আৰু প্রাক্তন চৰকাৰী বিষয়া ড° গীতিমা কৃষ্ণৰ সন্তান ড° ৰঞ্জয় আদিত্য কৃষ্ণ সম্প্রতি আমেৰিকাৰ বাশ্বিংটন বিশ্ববিদ্যালয়ৰ 'এল্লেন স্কুল অব্ কম্পিউটাৰ ছায়েন্স এণ্ড ইঞ্জিনীয়াৰিঙ সহকাৰী অধ্যাপক হিচাপে কৰ্মৰত। সমান্তৰালভাৱে তেওঁ মাইক্ৰ'ছফটৰ ছুপাৰ ইন্টেলিজেন্স দলৰ স'তেও ওতপ্রোতভাবে জড়িত হৈ নিজৰ গৱেষণা কার্য চলাই আহিছে।
 
এ আই গৱেষণা সন্দৰ্ভত যে ড° ৰঞ্জয় আদিত্য কৃষ্ণই কয় যে কৃত্রিম বুদ্ধিমত্তাক বাস্তৱ ৰূপ দিলেই নহ'ব, ইয়াক মানুহৰ বাবে বিশ্বাসযোগ্য, ব্যৱহাৰযোগ্য, সুৰক্ষিত কৰিব ৰাখিব পৰাটোহে গুরুত্বপূর্ণ কথা। এই ধাৰণাক ধনাত্মকভাবে আগুৱাই নিব পৰাটোহে সাম্প্রতিক পৰিস্থিতিত অধিক প্রাসংগিকৰূপে বিবেচিত হৈছে। ইপিনে অসম সন্তানগৰাকীৰ স'তে এই সম্মানৰ অধিকাৰী হৈছে এনথ্রোপিক প্রতিষ্ঠানৰ অধ্যক্ষ আৰু প্ৰতিষ্ঠাপক ডেনিয়েল এমোডেই, চেৰেপ্লাছ ছিষ্টেমছৰ প্রতিষ্ঠাতা এনড্রিউ ফেল্ডমেন, ছেণ্ডবক্স এ কিউ প্রতিষ্ঠানৰ আদাম লিৱিছ, স্টেনফ'র্ড বিশ্ববিদ্যালয়ৰ অধ্যাপক তথা স্টেনফ'ৰ্ডৰ সহঃ সঞ্চালক ফিফিলী আৰু এ এম ডি প্ৰতিষ্ঠানৰ মুখ্য কার্যবাহী বিষয়া লিচাচু।
 
বিশ্বৰ আগশাৰীৰ এ আই প্রতিষ্ঠান, গৱেষক বিজ্ঞানীৰ স'তে অসম সন্তান ড° বঞ্জয় আদিত্য কৃষ্ণৰ নাম অন্তর্ভুক্ত হোৱা বিষয়টোৱে স্বাভাৱিকতে অসমবাসীক উৎফুল্লিত কৰি তুলিছে। নিজৰ নিৰৱচ্ছিন্ন অধ্যাবসায়, আশাশুধীয়া পৰিশ্ৰম আৰু জ্ঞানগর্ভগবেষণাৰে বিশ্ব প্রেক্ষাপটত নিজৰ চিনাকি দাঙি ধৰিবলৈ সক্ষম হোৱা অসমীয়া বিজ্ঞানীগৰাকীয়ে লাভ কৰা বিশ্বজনীন সন্মানে স্বাভাৱিকতে কঢ়িয়াই আনিছে আশাৰ বতৰা।