“মেৰা মুল্ক, মেৰী পেহচান” অভিযান; অল ইণ্ডিয়া চুফী সজ্জাদানশ্বিন কাউন্সিলৰ তেলেংগানা আৰু কৰ্ণাটক ভ্ৰমণ সম্পন্ন

Story by  atv | Posted by  [email protected] • 12 h ago
 অল ইণ্ডিয়া চুফী সজ্জাদানশ্বিন কাউন্সিলৰ তেলেংগানা আৰু কৰ্ণাটক ভ্ৰমণ সম্পন্ন
অল ইণ্ডিয়া চুফী সজ্জাদানশ্বিন কাউন্সিলৰ তেলেংগানা আৰু কৰ্ণাটক ভ্ৰমণ সম্পন্ন
 
আৱাজ-দ্য ভইচ ব্যুৰ'
 
অল ইণ্ডিয়া চুফী সজ্জাদানশ্বিন কাউন্সিলৰ দ্বাৰা পৰিচালিত দেশজোৰা অভিযান “মেৰা মুল্ক, মেৰী পেহচান”ৰ অন্তৰ্গত পৰিষদৰ ৰাষ্ট্ৰীয় প্ৰতিনিধি দলে দুদিনীয়া তেলেংগানা আৰু কৰ্ণাটকৰ এক গুৰুত্বপূৰ্ণ ভ্ৰমণ সমাপ্ত কৰে। এই ভ্ৰমণকালত তেলেংগানাৰ হায়দৰাবাদ, চাংগাৰেড্ডী, জহীৰাবাদ আৰু হুমনাবাদ তথা কৰ্ণাটকৰ কলবুৰ্গী, আলন্দ আৰু হুলকট্টাত বিভিন্ন ধৰ্মীয়, সামাজিক আৰু জন-সজাগতামূলক কাৰ্যসূচীৰ আয়োজন কৰা হয়। এই কাৰ্যসূচীসমূহত হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰি ৰাষ্ট্ৰীয় একতা, সামাজিক সম্প্ৰীতি আৰু চুফী পৰম্পৰাৰ বাৰ্তাক সমৰ্থন জনায়।
 
এই প্ৰতিনিধি দলটোক নেতৃত্ব দিছিল আজমেৰ দৰগাহৰ প্ৰধান উত্তৰাধিকাৰী তথা অল ইণ্ডিয়া চুফী সজ্জাদানশ্বিন কাউন্সিলৰ অধ্যক্ষ হজৰত ছৈয়দ নাচিৰুদ্দিন চিস্তিয়ে। প্ৰতিনিধি দলটোত উত্তৰ প্ৰদেশৰ ৰুদৌলী দৰগাহৰ সজ্জাদানশ্বিন হজৰত শ্বাহ আহমেদ চাহাব, জয়পুৰৰ মীৰ জী কা বাগ দৰগাহৰ সজ্জাদানশ্বিন জনাব হাবিবুৰ ৰহমান নিয়াজী চাহাব, গুজৰাটৰ আম্বেটা শ্বৰীফ দৰগাহৰ সজ্জাদানশ্বিন জনাব ছৈয়দ আঞ্জুম ফৰিদ চাহাব, হায়দৰাবাদৰ সজ্জাদানশ্বিন জনাব হুছেইন খান চাহাব, কৰ্ণাটক AISSC ৰ ৰাজ্যিক সভাপতি তথা কলবুৰ্গীৰ খাঁনৱাদা-এ-খাজা বন্দা নৱাজৰ জনাব ছৈয়দ আলী জকী হুছেইনী চাহাব, আৰু AISSC ৰ ৰাষ্ট্ৰীয় সমন্বয়ক জনাব ছৈয়দ আব্দুল কাদিৰ কাদৰী চাহাবৰ লগতে সমগ্ৰ দেশৰ বিভিন্ন দৰগাহৰ বহু সজ্জাদানশ্বিন, খুলফা, চুফী উলেমা আৰু প্ৰতিনিধিসকল উপস্থিত আছিল।
 
প্ৰতিখন ঠাইতে প্ৰতিনিধি দলটোক অতি উলহ-মালহেৰে আদৰণি জনোৱা হয়। কাৰ্যসূচীসমূহত বৃহৎ সংখ্যক ভক্তপ্ৰাণ ৰাইজ, যুৱক-যুৱতী, মহিলা, সামাজিক কৰ্মী আৰু স্থানীয় নাগৰিকে অংশগ্ৰহণ কৰে।
 
হজৰত ছৈয়দ নাচিৰুদ্দিন চিস্তিয়ে নিজৰ ভাষণত কয় যে ভাৰতৰ চুফী পৰম্পৰাই শতিকা ধৰি মৰম, মানৱতা, শান্তি, ভাতৃত্ববোধ, ধৰ্মীয় সম্প্ৰীতি আৰু দেশপ্ৰেমৰ বাৰ্তা দি আহিছে। তেওঁ কয় যে “মেৰা মুল্ক, মেৰী পেহচান” অভিযানৰ উদ্দেশ্য হৈছে দেশৰ প্ৰতিগৰাকী নাগৰিকৰ মনত দেশপ্ৰেম, সামাজিক সমিলমিল আৰু সাংবিধানিক মূল্যবোধৰ প্ৰতি সন্মানৰ ভাৱনাক শক্তিশালী কৰা।
 
তেওঁ লগতে কয় যে পৰিষদৰ এই “মেৰা মুল্ক, মেৰী পেহচান” অভিযান কেৱল এটা শ্লোগান বা ধ্বনি নহয়, বৰঞ্চ এয়া ভাৰতৰ একতা, অখণ্ডতা, সংবিধানৰ প্ৰতি সন্মান আৰু গংগা-যমুনাৰ সংমিশ্ৰিত সংস্কৃতিক শক্তিশালী কৰাৰ এক ৰাষ্ট্ৰীয় সংকল্প।
 
তেওঁ উল্লেখ কৰে যে ভাৰতৰ গংগা-যমুনা সংস্কৃতি আৰু চুফী সন্তসকলৰ শিক্ষাই আজিও সমাজক একত্ৰিত কৰাৰ আটাইতকৈ ডাঙৰ শক্তি। তেওঁ ৰাইজক আহ্বান জনায় যাতে তেওঁলোকে ঘৃণাৰ সলনি প্ৰেম, বিভাজনৰ সলনি একতা আৰু হিংসাৰ সলনি শান্তিৰ বাৰ্তা বিয়পাই দিয়ে আৰু দেশৰ অখণ্ডতা তথা উন্নয়নত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে।
 
এই কাৰ্যসূচীসমূহত হজৰত শ্বাহ আহমেদ চাহাব আৰু জনাব হাবিবুৰ ৰহমান নিয়াজী চাহাবৰ লগতে অন্যান্য চুফী সন্ত আৰু সজ্জাদানশ্বিনসকলেও ভাষণ প্ৰদান কৰে। বক্তাসকলে কয় যে চুফী আদৰ্শই সদায় মানৱতা, সেৱা, প্ৰেম আৰু দেশপ্ৰেমৰ বাৰ্তা দি আহিছে আৰু বৰ্তমান সময়ত ইয়াৰ প্ৰাসংগিকতা আৰু অধিক বৃদ্ধি পাইছে। চুফীসকলে দেশৰ সুৰক্ষা-অখণ্ডতা আৰু মানুহক জীৱন জীয়াই থকাৰ সঠিক দিশ দেখুওৱাৰ কাম কৰি আহিছে।
 
কাৰ্যসূচীৰ শেষত দেশৰ শান্তি, সমৃদ্ধি, ৰাষ্ট্ৰীয় একতা আৰু ইজন-সিজনৰ মাজত ভাতৃত্ববোধৰ বাবে বিশেষ প্ৰাৰ্থনা কৰা হয়। ইয়াৰ লগতে মহান চুফী সন্তসকলৰ শিক্ষাৰাজি অনুসৰণ কৰি দেশ আৰু মানৱতাৰ সেৱা কৰাৰ সংকল্প পুনৰ দোহাৰা হয়।


শেহতীয়া খবৰ